চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/স্বাধীন অসম ‘ইউট’পীয়া’ নহয়

[ ১৩ ]

স্বাধীন অসম 'ইউট’পীয়া’ নহয়

 সম্পাদক
 সূত্ৰধাৰ, গুৱাহাটী

 ইয়াৰ লগত পঠোৱা (জেৰক্স- অনুলিপিৰ) লিখাখিনি কিছুমান ‘সম্পাদকলৈ চিঠি’ৰ পৰা যুগুতাই উলিওৱা। আজি প্ৰায় ৪/৫ মাহ ধৰি চেষ্টা কৰি কৰি কোনো কাকততে লেখাবোৰ প্ৰকাশ কৰাব নোৱাৰিলোঁ—হয় ‘আলফা’ৰ ভয়ত, নহ’লে চৰকাৰ বা সেনাবাহিনীৰ ভয়ত, নহ'লে আমাৰ অবোধগম্য আন কিবা কাৰণত। যেতিয়া অৱশেষত সিদ্ধান্ত কৰিলোঁ যে অসমত বাক্ স্বাধীনতা নাই, অসমীয়া জাতি শেষ, তেতিয়া হঠাতে ‘সূত্ৰধাৰ’ৰ নৱেম্বৰৰ সংখ্যাটো দেখা পাই চমৎকৃত হ’লো— যিটো সংখ্যাৰ মূল বিষয় হ’ল “স্বাধীন অসম : কিয় বিচাৰো বা নিবিচাৰো।” আজিকালি অসমীয়াত ইমান বিৰাটসংখ্যক কাকত আৰু আলোচনী যে সকলোবোৰৰ আঁত ৰখা সম্ভৱ নহয়, আৰু ‘সূত্ৰধাৰ’ৰো এই সংখ্যাটো আকস্মিকভাৱেহে চকুত পৰিল (নিয়মীয়া পাঠক নহওঁ)। এতিয়াও অৱশ্যে আমি সকলোখিনি কথা পঢ়ি শেষ কৰা নাই, আৰু সেইবোৰ লৈ কোনো বাক্‌-বিতণ্ডাত অৱতীৰ্ণ হ’বলৈয়ো ইচ্ছা কৰা নাই, কিন্তু ইয়াকে জনাব খোজো যে অসমত বাক্-স্বাধীনতা হয়তো এতিয়াও নাই, এই আশ্বাস মনত আনি দিয়া বাবে [ ১৪ ] আপোনাক একেবাৰে অন্তৰৰ পৰা ধন্যবাদ নজনাই নোৱাৰিলোঁ। (মোৰ ‘প্ৰবন্ধ’টিৰ কথাখিনি পঢ়িলে এই ভাবাবেশৰ মৰ্ম উপলব্ধি হ’ব)। যি হওক, সেয়ে ‘সূত্ৰধাৰ’ৰ কাষ চাপিলোঁ (আপাতদৃষ্টিত অইন আৰু ক’তো আশা নাই)— ‘প্ৰবন্ধ’টি ( অৰ্থাৎ প্ৰকাশ কৰিব নোৱৰা চিঠিবোৰৰ ঘাই ঘাই কথাখিনি ) প্ৰকাশ কৰিলে বাধিত হ'ম। তাৰ বক্তব্যটোৰ হয়তো এতিয়া অলপ পুৰণি হৈছে, কিন্তু এতিয়া আৰু প্ৰশ্নটো ‘স্বাধীন অসম : কিয় বিচাৰো বা নিবিচাৰো’ নহয়। প্ৰশ্নটো এই : এই ‘প্ৰবন্ধ’টি প্ৰকাশ কৰিব নোৱাৰাৰ কিবা যুক্তি আছে নে? কেইবাগৰাকী সম্পাদকেও স্বীকাৰ কৰিছে যে কথাবোৰ আইনৰ পিনৰ পৰা প্ৰকাশ কৰিব নোৱৰা জাতৰ নহয়, তথাপি তেওঁলোকে চিঠি বা প্ৰবন্ধৰ কথাবোৰ ছপাবলৈ ৰাজী নহ'ল। সাংবাদিক-নীতিৰ খাতিৰত, ‘সূত্ৰধাৰ’ক অস্বস্তিত নেপেলাবলৈ, অন্যান্য কাকত-পত্ৰৰ নাম উল্লেখ নকৰিলোঁ, কিন্তু দৰ্কাৰ হ'লে সেইবোৰ নাম/তাৰিখ দিব পৰা যাব। ইমান দিনৰ পুৰণি ‘প্ৰবন্ধ’টি আপোনালৈ পঠোৱাৰ উদ্দেশ্য এয়ে যে আমাৰ ইচ্ছা, কথাখিনি নথিবদ্ধ থাকক (যাক কয় ‘ফ দ্য ৰেকৰ্ড’), আৰু আপুনি তথা পঢ়ুৱৈ সমাজে যেন বিচাৰ কৰে আমাৰ কথাবোৰ কি কাৰণে বাৰু প্ৰকাশ কৰিব নোৱাৰি, যদি নোৱাৰি।

 আজি কিছুদিনৰ পৰা— নিশ্চয় আলফাৰ ঘোষণাবোৰৰ প্ৰতিক্ৰিয়াৰূপে— কিছুমান প্ৰবন্ধ-পাতি, সম্পাদকলৈ চিঠি আদি ওলাব ধৰিছে, যিবোৰৰ প্ৰতিপাদ্য হ’ল এই যে ‘স্বাধীন অসম’ সম্ভৱ নহয় আৰু কাম্য নহয়। কিন্তু অন্য বহুতো মানুহ আছে (যেনে— এই চিঠিৰ লেখক), যিসকল আলফাৰ সমৰ্থক নহয় কিন্তু যিসকলে ভাবে যে স্বাধীন অসম সম্ভৱ আৰু কাম্য। কিন্তু এইসকলৰ চিন্তাধাৰা কাগজে-পত্ৰে প্ৰকাশ হ’বলৈ দিয়া নহয়—এইটো এক ধৰণৰ ফেচীবাদ— যেনেকৈ যোৱা অসম আন্দোলনৰ সময়ত একমাত্ৰ ‘প্ৰফুল্ল-ভৃগু’ৰ বক্তব্যৰ বাহিৰে আন কাৰো মতামত [ ১৫ ] (যেনে— এই লেখকৰ) ছপাবলৈ আমাৰ কাকত-পত্ৰ অসন্মত হৈছিল (ল’ৰাৰ ভয়ত), যাৰ ভয়াৱহ ফল এতিয়া সকলোৱে উপলব্ধি কৰিছে আৰু আমি কোৱা কথাবোৰেই এতিয়া দোহাৰিছে; তেনেদৰে, আলফাই বন্দুকটো টোঁৱাই কোৱা কথাবোৰ ভয়ে ভয়ে সকলোৱে ছপাইছে, কিন্তু আমি অহিংসভাৱে যুক্তি দাঙি ক’ব খোজা কথাখিনি নছপায়। যেনে— কিছুদিন আগেয়ে এখন দৈনিকলৈ আমি পঠোৱা চিঠি এখনৰ অংশবিশেষ আছিল এনেকুৱা :

 ‘স্বাধীন অসম’ এটা সম্ভৱ বা কাম্য কথা হয় নে নহয় তাৰ বাবে আজিকালি অন্ততঃ মুকলি আলোচনা হ’ব পাৰিছে, সেই লক্ষণটোৰ কথাকে ক’ব খুজিছোঁ। আজি কিছুদিন আগলৈকেও এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাটোৱেই আছিল অসম্ভৱ, সেইটো আছিল ৰাজদ্ৰোহ ‘ডিচিশ্যন’। আমি, এই পত্ৰলেখকে— স্বাধীন অসমৰ কথাটো সদায় কাম্য আৰু বাস্তৱসন্মত বুলি ক’বৰ চেষ্টা কৰি আহিছোঁ (য’তে সুবিধা পাইছোঁ, অধিক ক্ষেত্ৰতে কোনো সুবিধা পোৱা নাই), আমি অসমখন সাৰ্বভৌম আৰু স্বাধীন হোৱাটো বিচাৰোঁ, আৰু প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰি আহিছোঁ যে স্বাধীন অসম এটি আকাশকুসুম বা ‘ইউট’পীয়া’নহয়; ই একেবাৰে ন্যায়োচিত আৰু সম্ভৱ কথা। এই কথা ‘আলফা’ আবিৰ্ভাৱ হোৱাৰ বহু আগৰে পৰা আমি কৈ আহিছোঁ ( অৱশ্যে আমাতকৈয়ো বহু আগেয়ে প্ৰয়াত জ্ঞাননাথ বৰা আদিয়ে অসম যে ভাৰতবৰ্ষৰ ভিতৰত থকাৰ কোনো যুক্তি নাই সেইবোৰ কথা ফঁহিয়াই দেখুৱাই থৈ গৈছে )। প্ৰয়াত বাল গংগাধৰ তিলকে ক’বৰ দৰে, “স্বাধীনতা মোৰ জন্মস্বত্ব”॥ এনেকি— “গান্ধীবাদী” সকলে মনক কৰক! — মোহনদাস গান্ধীয়েও কৈ গৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, অসমে নিজৰ সংবিধান মতে চলা উচিত। যোৱা অসম আন্দোলনৰ কালতো আমি মূল লক্ষ্য (বিদেশী বহিষ্কাৰ) সমৰ্থন কৰিও— সেই আন্দোলনে ভণ্ডামিৰ পথ লোৱাত তাৰ [ ১৬ ] বিৰোধিতা কৰিবলৈ বাধ্য হৈছিলোঁ অকল নিৰ্বোধ হঠকাৰিতাবোৰৰ বাবেই নহয়, লগতে তথাকথিত আন্দোলনত “ভাৰতীয় সংবিধানৰ পবিত্ৰতা ৰক্ষা”ৰ পুনঃ পুনঃ ভাটৌ-ঘোষণাৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য'ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব। অৰ্থাৎ ‘এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে তুমি চিৰকাললৈ মোৰ দাস আৰু কেতিয়াও ভাটৌ-ঘোষণাৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য’ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব, অৰ্থাৎ ‘এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে তুমি চিৰদিনলৈ মোৰ দাস, আৰু কেতিয়াও ওলাব নোৱাৰিবা, তেহেলৈ মই যিয়েই নকৰো লাগে।' (আনকি ছোভিয়েট সংবিধানতো ৰাষ্ট্ৰসমূহৰ বিচ্ছিন্নতাৰ অধিকাৰ আছে, ইমানদিনে দমিত হৈ থাকি সাৰ্বভৌমত্বৰ দাবী তেওঁলোকে তুলিব পৰা নাছিল— যদিও আনকি ষ্টালিনৰ দিনৰে পৰা তেওঁৰ নিজৰে ৰাষ্ট্ৰ জৰ্জিয়াতো এই দাবী উমি উমি জ্বলি আছিল— এতিয়া গ্লাচনষ্টৰ সুবিধা পাই এইবোৰ দাবী সোচ্চাৰ আৰু সাব্যস্ত হৈ উঠিছে; যুক্তৰাজ্যৰ ৰাষ্ট্ৰসমূহো ইচ্ছা কৰিলে বিচ্ছিন্ন হৈ যাবও পাৰে; বৃটেইনৰ কোনো লিখিত সংবিধান নাই কিন্তু তাতো সাৰ্বভৌম আয়াৰলেণ্ডৰ দাবী চলি আছে আৰু স্কটলেণ্ডে নিজস্ব পাৰ্লিয়ামেণ্ট বিচাৰি আছে) কিন্তু কোনো কাকত-আলোচনীয়ে কথাবোৰ আমাক স্পষ্টভাৱে ক’বলৈ দিয়া নাই, (বহুতো ক্ষেত্ৰত মূল বক্তব্য কাটিছে, বা কথাখিনি ঘূৰাই-পকাই ক'বলগীয়া হৈছে)। আমি এইটোও কৈছোঁ যে আমাৰ ‘স্বাধীন অসম’ৰ ধাৰণা ভুল হ’ব পাৰে, কিন্তু আমাক আমাৰ মনৰ ভাব ব্যক্ত কৰিবলৈ অধিকাৰ দিয়া হওক, এই লৈ মুকলি বিতৰ্ক হওক, যদি আমাৰ কথাবোৰ ভুল বুলি প্ৰতিপন্ন হয়, তথাস্তু। কিন্তু [ ১৭ ] বৃথা— ‘স্বাধীন’ শব্দটো মুখত অনাটোৱেই আছিল যেন মহাপাপ, ‘বিচ্ছিন্নতাবাদ’ৰ আলোচনাত উদ্যত হোৱাটোও আছিল ‘ৰাজদ্ৰোহ’! স্বস্তিৰ কথা, সেই শ্বাসৰুদ্ধকাৰী পৰিৱেশ আজি পৰিৱৰ্তিত, আলোচনা-বিলোচনা সম্ভৱ হৈছে।”

 কিন্তু সঁচাকৈয়ে সম্ভৱ হৈছে নে? নাই, কাৰ্যক্ষেত্ৰত দেখা গ'ল যে একেবাৰেই সম্ভৱ হোৱা নাই, কিয়নো আমাৰ চিঠি প্ৰকাশ কৰিবলৈ সম্পাদক মহোদয় অমান্তি হ’ল, যদিও তেখেতে ক’লে যে কথাখিনিত আইন-বিৰুদ্ধ একো নাই আৰু কথাখিনি মোটামুটি তেওঁও নুই নকৰে, কিন্তু এই মুহূৰ্তত আৰু এটা বাক্-বিতণ্ডা সৃষ্টি কৰি দিয়াটো তেওঁলোকে নিবিচাৰে! যিহওক, এই সন্দৰ্ভত আমি সংক্ষেপে ওপৰত উল্লিখিত লেখাবোৰৰ মাথোঁ দুই-এটাৰ কেতবোৰ উক্তিৰ উত্তৰত আমাৰ দৃষ্টিভংগ কি ক’বৰ চেষ্টা কৰিম :

 যোৱা ৩০ জুলাই (১৯৯১) তাৰিখে শ্ৰীসমীৰণ বৰুৱাই “স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত হৈছে নে?” শীৰ্ষক এটা প্ৰবন্ধ লিখিছে। শিতানৰ প্ৰশ্নটোৰ উত্তৰত আমি ক’ব লাগিব যে নাই, স্বাধীন অসমৰ চিন্তা এতিয়াই বাস্তৱসন্মত হোৱা নাই, কিয়নো শ্ৰীবৰুৱাৰ দৰে পঢ়া-শুনা কৰা মানুহেই যদি কয় (উক্ত প্ৰবন্ধ) যে “নিৰাপত্তাক নিশ্চিত কৰিবৰ বাবে অসমে চুবুৰীয়া কোনোবা এখন শক্তিশালী দেশৰ ছত্ৰছায়াত আশ্ৰয় ল’ব লাগিবই”, তেন্তে বুজিব লাগিব যে স্বাধীনচিতীয়া মনোবৃত্তি আমাৰ এতিয়াও অহা নাই, তালৈ দেৰি আছে (নেপাল কাৰ ছত্ৰছায়াত আছে? পৃথিৱীৰ আৰু বহুতো অসমতকৈয়ো সৰু স্বাধীন দেশ?)। কাৰোবাৰ ছত্ৰছায়াত থাকিলেহে বৰ্তি থাকিব পাৰি এই ধাৰণা বহুদিন ধৰি ভাৰতীয় শাসক তথা শোষক শ্ৰেণীয়ে আমাৰ মূৰত সুমুৱাই দি আছে, আমিও তাতেই ভোল গৈ আছোঁ ;তেনেকুৱাবোৰ ধাৰণা মনৰ পৰা গুচাব নোৱাৰিলে স্বাধীন অসমৰ কথা কোৱাটো সঁচাকৈয়ে অবাস্তৱ। কিন্তু ‘লাহে লাহে’ৰ দেশতো আমাৰ হেৰাই যোৱা ‘স্বাধীন’ মনোবৃত্তি উভতি আহিব, তাৰ লক্ষণ এই আলোচনাবোৰ। [ ১৮ ]

 শ্ৰীবৰুৱাৰ আন কিছুমান মন্তব্যও আমি মানি ল’ব নোৱাৰিলো, যেনে— “কোনখন দেশৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ সম্পৰ্ক বেছি? নিঃসন্দেহে ভাৰতবৰ্ষৰ”। আমি সংস্কৃতি বুৰঞ্জীবিদ নহওঁ, কিন্তু ভাৰতীয় কু-সংস্কাৰবোৰৰ বাহিৰে কোনো ভাৰতীয় (অৰ্থাৎ একেবাৰে স্বকীয় ভাৰতীয়) ‘সংস্কৃতি’ৰ লগত আমি অসমীয়া কৃষ্টি, সংস্কৃতি, আচাৰ-ৰীতি-মনোবৃত্তিৰ মিল নেদেখোঁ (চীন, শ্যাম আদিবোৰৰ লগতহে বেছি মিল থকা যেন লাগে)। কিন্তু আমি কোৱাৰ দৰে, এই বিষয়ত আমি প্ৰায় অজ্ঞ, গতিকে জনাজনে তাৰ বিচাৰ কৰক। তেনেদৰে, তেখেতে কোৱা এইবোৰ কথাও আমি সম্পূৰ্ণ মানিব নোৱাৰোঁ; “(জনজাতীয়গোষ্ঠীসমূহে) ভাৰতৰ লগতে থাকিবলৈ বিচাৰে, কেৱল অসমৰ লগত থকাতহে তেওঁলোকৰ আপত্তি.... তেওঁলোকৰ মতে তেওঁলোকৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেই দায়ী.……..”, ইত্যাদি। অসমৰ জনজাতীয় গোষ্ঠীসকলক অনা-অসমীয়া ভাৰতীয়সকলে খুব “প্যাৰ” কৰে? অসমীয়া মধ্যবিত্তহে তেওঁলোকৰ শত্ৰু? এইবোৰ ধাৰণাও আমাৰ বোধেৰে বাহিৰৰ প্ৰচাৰ মাধ্যমবোৰৰ বহুদিনীয়া আৰু নিৰৱচ্ছিন্ন মিথ্যাচাৰৰ ফল : ‘উদয়াচল’ৰ মানচিত্ৰ প্ৰথম প্ৰস্তুত হয় কলিকতাৰ এটা গলিত, ‘মেঘালয়’ৰ প্ৰস্তাৱৰ পিছপিনে আছিল কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক। অসমীয়া মধ্যবিত্তই (বা ধনী শ্ৰেণীয়েও) বড়োসকলৰ কি অন্যায় কৰিছে? কোকৰাঝাৰ অঞ্চলৰ ভাল ভাল মাটিবোৰ, সংৰক্ষিত ভূমি, ব্যৱসায়-বাণিজ্য কাৰ দখলত? বড়ো অধ্যুষিত অঞ্চলবোৰ সামৰি যদি বড়োলেণ্ড লাগে, তেন্তে তাৰ ভিতৰত উত্তৰ বংগৰ বৃহৎ বড়ো জনসংখ্যাৰ অঞ্চলবোৰৰ কথা ধৰা নহয় কিয়? ইয়াৰ ৰহস্য কি? অবড়ো লোকসকলক খেদোৱাই যদি বড়ো আন্দোলনৰ এটা লক্ষ্য হয় তেন্তে কিয় অকল অসমীয়া মাধ্যমৰ স্কুল জ্বলাই দিয়া হয়, কিন্তু বঙালী/ইংৰাজী মাধ্যমৰ স্কুলত হাত দিয়া নহয়? এইবোৰ প্ৰশ্ন আমাৰ ‘বুদ্ধিজীৱী’ সকলৰ মনত উদয় হয়নে? অসমীয়া ‘বুদ্ধিজীৱী’ শ্ৰেণীৰ বিড়ম্বনা হ’ল এয়ে যে [ ১৯ ] তেওঁলোকে অনা-অসমীয়া কাগজ-পত্ৰ আৰু তথাকথিত ‘সৰ্বভাৰতীয়’ কাকত-আলোচনী প্ৰায় সমস্তই কিবা কাৰণত অসমীয়াবিদ্বেষী— যি পঢ়ো, তাকেই সঁচা বুলি মানি লয়। বড়োসকলৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মানুহ (আমি নিজে অৱশ্যে ‘অসমীয়া’ আৰু ‘বড়ো’ৰ কোনো তফাৎ নকৰোঁ, যেনেকৈ ইংলিশ, আইৰিশ, গ্যেলিক/স্কটিশ বা ৱে’লশ্ ভাষী সকলোৱেই ব্ৰিটিছ) কিদৰে দায়ী? (আৰু অসমীয়া মানুহৰ নিজৰ অৱস্থা খুব কিবা ‘উন্নত’ নেকি?) কলিকতা-দিল্লীৰ কাগজে কৈছে বুলিয়েই সেইবোৰ কথা আমি নিৰ্বোধ অসমীয়াবোৰে হজম কৰি যাব লাগে নেকি? কোনো অসমীয়া বিষয়াই যদি চাকৰি বা ঠিকা আদিৰ ক্ষেত্ৰত কোনো বড়ো বা কাৰ্বিৰ কিবা অন্যায় কৰিছে, সেইটো নিজৰ স্বাৰ্থতে কৰিছে, টকা-পইচা খাবৰ কাৰণে কৰিছে, যোগ্য অসমীয়াকো বঞ্চিত কৰিছে, কোনো বড়োবিদ্বেষী মনোবৃত্তিৰে বা ‘অসমীয়া’ ভাবেৰে কৰা নাই— জাতীয় চৰিত্ৰহীন অসমীয়া মানুহে যদি ‘অসমীয়া’ ভাবেৰে আৰু অসমীয়াৰ স্বাৰ্থতেই কামবোৰ কৰিলেহেঁতেন (ব্ৰিটিছে বা বঙালীয়ে যিদৰে কৰে), অসমৰ আজি এইটো অৱস্থা নহয়েই— অসমীয়া মানুহে অসমীয়া মানুহৰ অনিষ্ট কৰাতেই ইমান ব্যস্ত যে আন গোষ্ঠীসমূহৰ অন্যায় কৰিবলৈ যাবলৈ তেওঁলোকৰ অৱকাশেই নাই, সাধ্যতো নায়েই। আৰু এটা কথা লক্ষ্যণীয় নহয় নে যে ইংৰাজ থকালৈকে এইবোৰ “অসমীয়া বিভীষিকা” দেখা যোৱা নাছিল, ইংৰাজ যোৱাৰ পাছত অসমবিদ্বেষী ‘ভাৰতীয়’ৰ কৰ্তৃত্ব অহাৰ পাছতহে এইবোৰ প্ৰকৃতি উক্ দি উঠিছে। তাৰ কাৰণ বাৰু কি? কথাই-অকথাই যে অসমখন ফালি ফালি বেলেগ বেলেগ ৰাজ্য বিচাৰিব লগা হয়, অসমীয়া মানুহৰ কি দুৰ্ঘোৰ অপৰাধত? যেনে, কাৰ্বিসকলৰ কি অক্ষমনীয় অন্যায় অসমীয়া মানুহে কৰিছে, ভিতৰুৱা গাঁৱৰ কাৰ্বিৰ অৱস্থাৰ তুলনাত আমাৰ জকাইচুকবোৰৰ অসমীয়া মানুহৰ অৱস্থা কোন বিচাৰৰ পৰা শোষণ-প্ৰবঞ্চনাৰ পৰিচায়ক? উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিত ঠাকুৰ-যাদৱ-হৰিজন-চামাৰ আদিৰ যি নিত্য-নৈমিত্তিক মানুহ জ্বলোৱা [ ২০ ] আৰু ক্ৰীতদাস প্ৰথাৰ কাৰবাৰ, সেইবোৰ সত্ত্বেও বেলেগ বেলেগ সম্প্ৰদায়ৰ পৰা পৃথক ৰাজ্য বিচাৰি উগ্ৰ বিচ্ছিন্নতাবাদী আন্দোলন গঢ়ি নুঠে কিয়? এইবোৰ ৰাজ্যতকৈ অসমৰ জনজাতি আদি সম্প্ৰদায়ৰ ওপৰত অন্যায় চলে বেছি?)

 শ্ৰীবৰুৱাই নিজেই চিন্তা কৰি চাওক, ভাৰতবৰ্ষৰ লগত থাকি আমাৰ লাভ হৈছে নে লোকচান হৈছে, উপকাৰ হৈছে নে অপকাৰ হৈছে, কল্যাণ হৈছে নে হানি হৈছে। লাভ হৈছে, এনেকুৱা কোনো এটা উদাহৰণ আছেনে? হানি হোৱা নাই, এনেকুৱা কোনো বিষয় আছেনে? ভাৰত চৰকাৰৰ লগত থকাৰ প্ৰসংগ আহে, যদি ভাৰত চৰকাৰ বুলি সুদৃঢ় আৰু সুপ্ৰতিষ্ঠিত কিবা এটা থাকে, যাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি যাক বিশ্বাস কৰিব পাৰি, যাৰ মেৰুদণ্ড আছে। আজি ৪৫ বছৰে আমি দেখি আহিছোঁ যে ভাৰত চৰকাৰ বোলা মানুহখিনিয়ে মাথোঁ দেশখন লুটি-পুতি খাই অৱশেষত সমস্ত দেশ এখন হিংস্ৰ, ভয়াল গুণ্ডা ৰাজ্যত পৰিণত কৰি দিছে, মুখত অখণ্ড ভাৰতৰ বক্তৃতা জাৰি জাৰি কামত দেশখন খণ্ড-বিখণ্ড কৰি দিছে। আকণ্ঠ ঋণৰ বোজাত দেশ বুৰাই দিছে, প্ৰতিবছৰে হাতত ভিক্ষাৰ জোলোঙা লৈ বিদেশত ভ্ৰমি ফুৰাই তেওঁলোকৰ কাম, এতিয়া ঘৰৰ সোণ-ৰূপ সকলো বন্ধকত থ’বলৈ আৰম্ভ কৰিছে (নহ’লে ভিক্ষাৰী দেশৰ প্ৰধানমন্ত্ৰীৰেই ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩৬ খনকৈ গাড়ী দৌৰাব কেনেকৈ?), কালি আমাৰ হাতৰ-কাণৰখিনিতো হাত দিব। নীতি-নিয়ম বুলিবলৈ ন্যূনতম ৰখা নাই, সংবিধান বুলি কোনো বস্তু নাই, যেতিয়াই মন গৈছে সংবিধানৰ কথা সলনি কৰি দিছে, তথাকথিত “মহান গণতন্ত্ৰী” নেহৰুৱে কেৰালাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কমিউনিষ্ট চৰকাৰক লেং মাৰি আঁতৰাই (“টপ্‌লিং” কৰি) অসাধু ৰাজনীতি আৰম্ভ কৰি দিছে আৰু “নিকটতম লাইট প'ষ্টত চোৰাং বজাৰীক ফাঁচী দিব লাগে” বুলি জনসাধাৰণক ধাপ্পা দি দেশ আৰু চৰকাৰ সম্পূৰ্ণ চোৰাংকাৰবাৰীৰ নিয়ন্ত্ৰণত আনি দিছে। এনে এজন ভাৰতীয় নেতা নাই যাক সন্মান কৰিব পাৰি, এনে এজন [ ২১ ] সৰ্বভাৰতীয় নেতা নাই (সম্ভৱতঃ অকল গান্ধীৰ বাহিৰে, তেওঁৰ সকলো কপটতা আৰু দোষ বাদ দিও) যিজনে অসমক তুচ্ছ-তাচ্ছিল্যৰ ভাবেৰে বিবেচনা নকৰে— জৱাহৰলালৰ পৰা আৰম্ভ কৰি সকলোৰে মানত অসম এখন ঔপনিৱেশিক লুণ্ঠন-ক্ষেত্ৰ, ভাৰতীয় সৈন্যবাহিনীৰ অবাধ অতিচাৰৰ ভূমি, নিৰ্বাচনত জিকি থাকিবৰ বাবে বাংলাদেশী ঠাহি বনোৱা এটা ভোট ভড়াল— স্বাভাৱিকতে এওঁলোকে কৈ থাকিবই যে অসম ভাৰতৰ অবিচ্ছেদ্য অংগ, কাৰণ অসম গ’লে তেলো গ’ল, চাহো গ'ল, ভোটবেংকো গ'ল ৷ এইখন চৰকাৰৰ লগত থকাৰ আমাৰ ইমানেই মোহ? তুচ্ছ-তাচ্ছিল্য আৰু মাৰ-ধৰ খাই থাকিবৰ আমাৰ ইমানেই আগ্ৰহ? এই মোহ আহিছে আমাৰ এলাহৰ পৰা, লোকে যি কয় তাতে ‘হয়, হয়’ কৰি স্বাধীন চিন্তাৰ পৰা হাত সাৰি থকাৰ এলাহ, নিজে চিন্তা কৰি চোৱাৰ এলাহ। থাকিলে জাতিৰ দৰে জাতিৰ লগত থাকিব লাগে, যেনে— বৃটেইনৰ লগত থকাৰ এটা যুক্তিযুক্ততা থাকিব পাৰে, কিয়নো আমাৰ ক্ষেত্ৰত বৃটেইন হ’ল শোষণ আৰু নিষ্পেষণৰ প্ৰতীক, ঠিক, কিন্তু জাতি হিচাপে বৃটেইন এটা জাতিৰ দৰে জাতি। বৃটেইনে অন্ততঃ আমাক বাংলাদেশীৰ হাতত সপি দিবৰ চেষ্টা কৰা নাই, যিটো কৰিবলৈ ভাৰত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। আৰু সুৰক্ষাৰ পিনৰ পৰাও, তেখেতে সঁচাকৈয়ে বিশ্বাস কৰে নে যে ভাৰতীয় সৈন্যবাহিনীয়ে অসমক বাহিৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিব? আমি কিন্তু পাহৰা নাই চীনা আক্ৰমণৰ সময়ত কেনেকৈ ভাৰতীয় বীৰ “জোৱান”সকলে দৌৰ দিছিল আৰু নেহৰুৱে আমাক বিদায় যাচিছিল— অসম, নগালেণ্ড, মিজোৰাম, মণিপুৰ আদিৰ বাবে ভাৰতীয় সৈন্যবাহিনী এটা “ধৰ্ষণ বাহিনী”, সেইখিনিয়েই সিহঁতৰ বীৰত্ব, দূৰৈত চীনা সৈন্য এটা দেখিলেই কিন্তু পাৎলুন তিয়াই দৌৰ দিব, আমাৰ সন্দেহ নাই। ফেডাৰেশ্যন জাতীয় কিবা এটাত অসম হয়তো থাকিবলৈ বাধ্য হ’ব, কিন্তু সেইটো “বাহিৰত বৰচুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ” ভাৰতবৰ্ষৰ লগত নহৈ শ্যাম, কোৰিয়া আদিৰ লগতো হ’ব পাৰে, সেইবোৰ [ ২২ ] কথা সময়ে নিৰ্দিষ্ট কৰি দিব।

 শ্ৰীপ্ৰভাত বৰাই ২৪.৮.’৯১ তাৰিখৰ কাকতত “স্বাধীন অসমৰ স্বপ্নঃ এক বাস্তৱবাদী বিশ্লেষণ” শীৰ্ষক প্ৰবন্ধত কৈছে যে ডি. এম. কেৰ নেতা আন্নাডুৰাইয়ে ১৯৬২ চনত স্বাধীন দ্ৰাবিড় ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল যদিও, তাৰ্ছমাহ পাছতেই চীনে ভাৰত আক্ৰমণ কৰাত সুৰক্ষাৰ কথা ভাবি সেই দাবী পৰিহাৰ কৰে। কিন্তু শ্ৰীবৰাই এইটো বোধহয় গমি চোৱা নাই যে ভাৰতীয় সৈন্যবাহিনীৰ “সোৱাদ” তামিলনাডুৱে পোৱা নাই (তামিলনাডুত ৰাষ্ট্ৰপতি শাসনৰ কালবোৰতো কেতিয়াও ভাৰতীয় সৈন্যবাহিনীয়ে তাত বিদেশী ৰাষ্ট্ৰৰ দখলদাৰী বাহিনীৰ দৰে আচৰণ কৰা নাই, অসমত সদায় যিটো কৰে), যে পাকিস্তান আৰু চীনে অধিকাৰ কৰি থকা শ শ বৰ্গমাইল ভাৰতীয় ভূমি পুনৰুদ্ধাৰ কৰাৰ সাহস বা ক্ষমতা ভাৰতীয় শাসকশ্ৰেণী তথা সৈন্যবাহিনীৰ নাই, আৰু চীনৰ আক্ৰমণত ভাৰতীয় সৈন্যবাহিনীয়ে কোনো সুৰক্ষা দিব পৰা নাই, পলাইছে।

 ৫.৮.’৯১ তাৰিখৰ কাকতত ডাঃ প্ৰণৱজ্যোতি ডেকাই ‘স্বাধীন অসম প্ৰসংগত' শীৰ্ষক চিঠিত লিখিছে যে “অসমৰ কেঁচা সামগ্ৰীৰ ভিতৰত চাহ, কয়লা, মৰাপাট, পেট্ৰ'লিয়াম আৰু দুই–এপদ সামগ্ৰীৰ বাহিৰে আন একো নাই বুলিবই পাৰি। আনহাতে আমি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ পৰা চাউল, দাইল, সৰিয়হ তেল, কাপোৰ-কানি.…... প্ৰতিটো ক্ষেত্ৰতেই ভাৰতবৰ্ষৰ ওপৰত নিৰ্ভৰশীল— তেনেস্থলত অসম স্বাধীন হ’লে এই বস্তুবোৰ কেনেদৰে যোগাৰ হ’ব – আমি বুজি পোৱা নাই।” আমাৰ চাহ-তেল-কয়লা-কাঠ আদি নগণ্য বস্তু? সম্পদ নহয়? সেইবোৰেৰে অইন অইন ৰাজ্যই চাউল আদিৰ নাটনিৰ এটা ঘাই কাৰণ বিপুলসংখ্যক বিদেশীৰ উপস্থিতিয়েই নহয়নে? কিন্তু প্ৰশ্ন সেইটো নহয়। প্ৰশ্নটো এইঃ স্বাধীন হ’ব খুজিলে ‘আমাৰ একো নাই, আমি কি খাম’ ভাবি স্বাধীনতাৰ চিন্তা এৰি দিয়াটো কি ধৰণৰ মনোবৃত্তি? পূ. বংগৰ কিয়েই বা আছে ( তাত এমুঠি খাবলৈ নাপাই সকলোৱে ‘সোণাৰ বাংলা’ এৰি অসমলৈ [ ২৩ ] দৌৰিয়েই আছে), কিন্তু পূ. বংগৰ স্বাধীনতা আন্দোলনৰ সময়ততো আমাৰ বুদ্ধিজীৱীসকলে এইবোৰ আপত্তি তোলা নাই, তেওঁলোকেতো তেতিয়া কোৱা নাই যে পাকিস্তানৰ লগত নাথাকিলে পূ. বংগ নাখাই মৰিব, সাৰ্বভৌম হোৱাৰ চিন্তা এৰি পূ. বংগ পাকিস্তানৰ লগত থকাই সুবিবেচনাৰ কাম হ’ব? তেওঁলোকৰ সেই সময়ৰ মনোভাব কলিকতা-দিল্লীৰ প্ৰভাৱে গঢ় দিয়া নাছিলনে? আজি ৰুছিয়াতো মানুহৰ খাবলৈ ৰুটি এচকল নাই, কিন্তু তাৰ বিভিন্ন ৰাষ্ট্ৰই জীৱনধাৰণৰ উপায়ো ওলাব। আমি ডাঃ ডেকাৰ সমভাবাপন্ন ব্যক্তিসকলক অনুৰোধ কৰিব পাৰোঁ নে যে তেওঁলোকে দিল্লী-কলিকতাৰ নিবন্ধকাৰসকলৰ কথাত মোহাচ্ছন্ন হৈ নাথাকি এবাৰ পৃথিৱীৰ আন আন জাতিবোৰে কি কৰিছে চাওক?

 এইবোৰ কথা আমি আগেয়েও ক’বৰ প্ৰয়াস কৰি আহিছোঁ, কিন্তু আমাৰ কাকত-পত্ৰই আমাৰ চিঠি-পত্ৰ প্ৰকাশ নকৰে, হয়তো সেইবোৰত স্বাধীন অসম তথা বিচ্ছিন্নতাবাদৰ সমৰ্থনত দুই-এষাৰ কথা থকাৰ বাবেই। কিছুদিন আগেয়ে আলফাৰ দ্বাৰা গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধকজনৰ অপহৰণ তথা হত্যাৰ ভাবুকিৰ সন্দৰ্ভত এখন কাকতৰ সম্পাদকীয়ৰে আলফাৰ কাৰ্যৰ সমালোচনা-সমৰ্থন কৰিও “কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন নকৰে” কথাখিনি মানি ল’ব নোৱাৰি আমি লিখিছিলোঁ যে “আমাৰ গোহাঁৰি এই যে এই বিষয়ে এটা গণ ৰায় হওক, কিন্তু তাৰ আগেয়ে ‘ভাৰতীয় অসম’ আৰু ‘স্বাধীন অসম’ বিচৰা উভয় পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক।” এইটোও দোহৰা হৈছিল যে “বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই (থাকিলে এমুঠি ইংৰাজে দুশ বছৰ এই বিশাল দেশ অধিকাৰ কৰি থাকিব নোৱাৰিলেহেঁতেন), এইটো ব্ৰিটিছে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজি কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে।” অৱশ্যে আজিৰ ভাৰতত নিৰ্বাচন বা [ ২৪ ] গণ-ৰায় (ৰেফাৰেণ্ডাম) কিমানদূৰ প্ৰকৃত জনমতৰ প্ৰতিফলন সেইটো সন্দেহজনক, কিন্তু যি হওক, এইটো এটা প্ৰস্তাৱ। আৰু এইটোও আমি জানোঁ যে এই মুহূৰ্তত এটা ৰেফাৰেণ্ডাম হ’লে খুব সম্ভৱতঃ অসম ভাৰতবৰ্ষৰ লগতে থাকিব লাগে বুলিয়েই অধিক মতদান হ’ব, কিন্তু সেইটোৱে আমাৰ বিশ্বাস নলৰায়, যে ভাৰতীয় গণৰাজ্য বুলি কোনো বস্তু শেহলৈ নাথাকে ( এজন বঙালী বা এজন তামিলৰ মনত তেওঁ প্ৰথমতে এজন বঙালী বা তামিল, তাৰ পিছতহে—নানাৰকম সা-সুবিধা আদায়ৰ বাবে ভাৰতীয়; ভাৰতীয়ত্বৰ ভাব কাৰো নাই। সেই ভাব জগাই তুলিব পৰা চৰিত্ৰৰ কোনো নেতা আজিলৈকে ওলোৱা নাই, ভৱিষ্যতেও নোলাব, কাৰণ এইটো সম্পূৰ্ণ অনৈতিহাসিক; চাৰিওপিনৰ ঘটনাৱলীৰ পিনে এবাৰ চকু ফুৰালেই স্পষ্ট হৈ পৰে যে জোৰ কৰি কিছুমান ৰাজ্য একত্ৰিত কৰি ৰাখিব নোৱাৰি, ছোভিয়েট ৰুছিয়াৰ দৰে দেশেও অৱশেষত নোৱাৰিলে— অসম বা পাঞ্জাৱো কালক্ৰমে স্বতন্ত্ৰ অসম বা পাঞ্জাৱ হৈ যাবই, যেনেকৈ আজি ব্ৰহ্মদেশ বা শ্ৰীলংকাক এসময়ত ব্ৰিটিছে ভাৰতবৰ্ষত লগাই লৈছিল বুলিয়েই আজিও ভাৰতবৰ্ষৰ ৰাজ্যৰ বুলিব নোৱাৰি )। আমাৰ বিশ্বাস নলৰে, কিয়নো উক্ত চিঠিতে আমি ক’বৰ প্ৰয়াস কৰিছিলোঁ যে “..... যদিও আমি স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুঁজেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই..... আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুটি হ’ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি.... আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েই নহয়, ‘বাণিজ্যে বসতে শক্তি’ও [ ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান....] . আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো ( আৰু অনুপ্ৰৱেশ বন্ধ কৰা [ ২৫ ] কামটোও ) আছুৰ/আলফাৰ শক্তিৰ ভিতৰত...... তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ’বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব। ঘাই হাতিয়াৰ হ’ল অধ্যয়ন, অনুশীলন আৰু ব্যৱসায়-বাণিজ্য ( ব্যাপক ৰক্তপাত নঘটোৱাকৈয়ো যে বিশাল, আমূল বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি, পূব ইউৰোপৰ সাম্প্ৰতিক ঘটনাৱলীয়ে সেইটোকে প্ৰমাণ নকৰেনে? )। সময় আহিব ধৰিছে, ন্যস্তস্বাৰ্থৰ অপপ্ৰচাৰৰ ধুঁৱলি-কুঁৱলী ফালি নিশ্চয় অসমীয়া মানুহৰো চকুত স্পষ্ট হৈ পৰিব যে (১) কোনো কাৰো অধীন হ’ব নালাগে, (২) অধ্যয়ন আৰু অৰ্থনীতিৰেই স্বাধীন হ’ব পাৰি।

 শেহত, এটা কৌতূহলজনক কথা পঢ়ুৱৈয়ে আৰু শ্ৰীবৰুৱাই নিজেও মন কৰিছেনে নাই নাজানোঁ, তেখেতে যদিও অসম ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিবৰ চেষ্টা কৰিছে, কথাবোৰত জাপি এটা কিবা ‘কিন্তু কিন্তু’ দ্বিধাভাব ৰৈ গৈছে; সেয়ে তেখেতে “স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত নহয়” বুলি নকৈ “বাস্তৱসন্মত হৈছেনে?” বুলি প্ৰশ্নহে তুলিছে। ইয়াৰ সদুত্তৰো আশা কৰিছোঁ, অসমৰ জনসাধাৰণে নিজেই ঠিৰাং কৰি উলিয়াব।

 আজিৰ অসম আৰু অসম বাণীত চিঠিখন প্ৰকাশ নোপোৱা এটি সংক্ষিপ্ত টোকাসহ চিঠিখন তেওঁ সূত্ৰধাৰলৈ প্ৰেৰণ কৰিছিল।