গোলাপ
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
<poem> কাৰ পৰশত ফুলিলি বান্ধৈ অ’ মোৰ সাদৰী ফুলাম পাহি ? শ্যামলী পাতৰ ওৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি ?
কোন নন্দনত লগালি চমক, নাচিছে য’ত পৰি বুলবুল, অভিশপ্ত হৈ বিলাস-কুঞ্জত প্ৰেম-মদিৰাত যেন মচগুল ?
হাছনা্হানাৰ তীব্ৰ গন্ধত সপোন-বিভোৰ মাধবী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?
আৰব-পিয়াৰী বছৰা ৰাণীৰ গুল-বদন পেলালি জুৰ, ভাঁহি ফুৰে তোৰ ৰূপ-তৰঙ্গত পাপিয়াৰ স্নিগ্ধ কৰুণ-সুৰ ?
ফুলিলি যিদিনা মৰু উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগণ্চুম্বী কলোছাছে তোৰ পান কৰিলে ৰূপ-মাধুৰী !
আছিলিনে প্ৰিয়ে বেবিলনৰ গুল-বাগানত ফুলৰ ৰাণী ? স্বৰ্গৰ নন্দন সাজিলি শূন্যত, কবিৰ মুখৰ অমৰ বাণী |
ৰূপ ৰস গন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্তান, বাদছাি হেৰেম কৰি গুলজাৰ দিল-দৰিয়াত তুলিলি বান |
তোৰ ই ৰূপ জগতৰ বিভোল ঢালিলি প্ৰেমৰ বিমল ধাৰা , দিল্লী বেগম নুৰজাহানৰ আছিলিনে তয়ে দিলবাহাৰা ?
কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকণ কাজ ? উঠিল প্ৰেমিক ছাহজাহানৰ ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !
কত কাব্য-গাথা, অতীতৰ স্মৃতি, উদাস প্ৰেমৰ মূৰ্ত্ত বিকাশ, বিজড়িত তোৰ কোমল বুকুত কত বিৰহীৰ হা-হুতাশ !
ফুলিবিনে মোৰ মানস-কুঞ্জত অ’ মোৰ দৰদী ফুলাম পাহি ? উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ পুলক-ভৰা মিলন-বাঁহী ?