গোবিন্দ চলয়ে বিৰিন্দাবনে গোপশিশু
।।ৰাগঃ শ্যাম।। তালঃ পৰি।।
ধ্ৰুং।। গোবিন্দ চলয়ে বিৰিন্দবনে গোপশিশু সঙ্গে।
বজাৱে মোহন বেণু ধেনু ধায় ৰঙ্গে।।
পদ।। সকল বালক মাজে কানাই সুন্দৰ।
ভুৱন মোহন শ্যাম ৰূপ মনোহৰ।।
গগণ মণ্ডল পূৰে শিঙা বেণু ৰোলে।।
আভীৰ বালকে বেঢ়ি জয়হৰি বোলে।।
কেহো বোলে ৰাম কেহো বোলে জয় হৰি।
উচ্চায়া পাঞ্চনী ধায় বত্স পুচ্ছ ধৰি।।
কেহো গায় কেহো বায় কেহো নাচে হাসে।
ত্ৰিভুৱন জিনি বৃন্দাবন পৰকাশে।।
বেদ শিৰোমণি যাৰ চৰণে বিৰাজে।
সোহি প্ৰভু পোপৰূপে বালকেৰ মাজে।।
ভকতবত্সল হৰি বিনে নাই কোই।
কহয় মাধৱ ৰঙ্গাপদে গতি মোই।।