গোপাল পালায়া আছা ক্ষীৰ লৱনু খায়া
।।ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। গোপাল পলায় আছা ক্ষীৰ লৱণু খায়া।
পাছে পাছে যশোৱা মাৰিতে ফুৰে ধায়া।।
পদ।। আৱৰ নাযায়ো পুতা লাগল পাইলো তোৰে।
কত বৰিষেৰ মথনি-মাথি ভাঙ্গি আছা মোৰে।।
খায়া দায়া নিসঞ্চিয়া লৱণু কৈলি নাশ।
মাৰিয়া শিকাইবো আজি আৱৰ নেৰাস।।
চৰাচৰ গুৰু হৰি বেদ শিৰোমণি।
তাৰে মাৰিবৰ খেদে নন্দেৰ ঘৰিণী।।
জননীৰ ভয়ে কান্দি ৰহিল মুৰাৰি।
দেখিয়া ধৰিলা হাতে যশোৱা গোৱাৰী।।
যাৰ নামে কম্পিয়া অন্তক-দুৰ হয়।
সো প্ৰভু কম্পিত ভৈলা যশোৱাৰ ভয়।।
ঘৰে আনি ধৰিয়া গোৱালী বৰ ৰাগে।
জগতৰ গুৰুক বান্ধিতে লৈলা ৰাগে।।
বান্ধিতে যশোৱা গালি পাৰে গোপালৰে।
কাৰে নেদিয়া আছ দুখ তুহি গোকুলৰে।।
সে দুখ কৰিবো দূৰ বান্ধি থৈয়া তোৰে।
কত অপযশ পুতা মনে আছে মোৰে।।
শুনিয়া কৌতুক বৰ মিলিব সবাৰে।
বান্ধি লৈয়া আছে আজি লৱণু চোৰাৰে।।
ওহি বুলি যশোৱা গাৱৰ বলে আটে।।
সকল নিগমে যাৰ মহিমা নজানে।
তাৰে গোপী যশোৱা তনয় বুলি মানে।।
যাৰ সুমৰণে ভৱ-বন্ধ দূৰ হয়।
ভকতিৰ বলে দেখো সেহো বান্ধ লয়।।
সুৰাসুৰে যাৰ পদৰেণু সেৱা কৰে।
পাপী অন্ত্যজাতি যাৰ নাম লৈয়া তৰে।।
কহয় মাধৱ মাই নাবান্ধিয়ো তাৰে।
জগতেৰ গতি হেতু তনয় তোমাৰে।।