গোধন সঙ্গে ধায় ৰঙ্গে পঞ্চম গায়
।।ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। গোধন সঙ্গে ধায়, ৰঙ্গে পঞ্চম গায়।
ঝণকে মঞ্জীৰ পায়।
লহু লহু বেণু বায়, ব্ৰহ্মকুল কমল মধাই ৰে।।
পদ।। তনু নৱ জলধৰ পীত অম্বৰ বৰ
মনোহৰ অধৰ সুহাই।
পীত ধটি কটি মাজে ঝণকে কিঙ্কিণী বাজে
ৰাজীৱলোচন কানাই।।
এ নদী যমুনা কূলে খেলাৱে কদম্ব মূলে
মনমথ মোহন মুৰাৰু।
কহয় মাধৱ হৰি লীলা নৰতনু ধৰি
ভকতি নিদান অৱতাৰু ৰে।।