গাওঁবুঢ়া/পঞ্চম অঙ্ক
(জেতুকীয়ে ফটাকানিৰ দৰা-কন্যা সাজি উমলি আছে)
ৰংদৈ।— এতিয়া আৰু ঘুমনি ধৰি বহি থাকিলেই হ'ব নে? কি পাৰ এটা উপায় কৰহঁক। আজি নাজিৰৰ টেকেলা ঘৰ-কুৰুক্ কৰিবলৈ ওলাবহি নহয়?
ভোগ।— (হুমুনিয়া কাড়ি) এৰা, ওলাবহি। ওলায়হি হে লাগে; মই আহোঁতেই শিৱলাল কেঞাৰ গোলাৰ আগত লগ পাই আহিছোঁ। কিন্তু কি কৰিম, নিৰুপায় হ'লোঁ।
ৰংদৈ।— কিয়, বৰ কাপোৰখন বেচিও নো এটা কিস্তিমানৰে জোৰা মাৰিব নোৱাৰিলিনেহঁক?
ভোগ।— এটা কিস্তিত দিহা কৰিলে কি হ'ব? মৌজাদাৰে দুয়ো বছৰৰ চাৰি কিস্তিৰ কুৰুকি একেলগে দিছে! ইফালে টানত পৰিলে কেঞাবেপাৰীয়েও কাপোৰ-কানি কিনোতে এধামূলীকৈ ল'ব খোজে। এতিয়া আকৌ খেজেনাৰ টানত পৰি যেয়ে-সেয়ে কাপোৰ এধামূলীয়াকৈয়ে বেচিছে। মোৰ আগতে কচুখোৱাই দুখন বেচি হে এটা কিস্তিৰ জোখাৰে ১৩৲ টকা ৰূপ লৈ গৈছে। আমাৰ সেই একেডোখৰ বৰকাপোৰ; তাকে লৈ গলোঁ, ৭৲ সাত টকাতকৈ সৰহ দিবলৈ কোনো নোলাল দেখি ওলটাই লৈ আহিলোঁ।
ৰংদৈ।— তেন্তে নো কি উপায় হ'ব এতিয়া?
ভোগ।— উপায় আৰু কি আছে? লামলাকতি যি কেডোখৰ আছে, তাকে কুৰুক্ কৰি লৈ যাবহি। টেকেলা আহিলে, তামোল-পাণ এটা দি ধৰি চাম, সি মৰম কৰিলে অলপ কিবাকিবি এৰি গলেও যাব পাৰে। [ ৫২ ] ৰংদৈ।— টেকেলাই যিকন মৰম কৰিব, আমি পাইছোঁ! সেই দেখি মই আগধৰি মোৰ কেৰুযোৰ আৰু মৰ্ণিথোকা পিন্ধিয়ে আছোঁ; আইটীৰ মণিধাৰো পিন্ধাই থৈছোঁ। কবৰ শুনিছোঁ, বোলে, চৰ্কাৰৰ ঘৰৰপৰা কুৰুক্ কৰিলেও হাতৰ-কাণৰ খহাই নিবৰ আয়ণ নাই।
ভোগ।— জানো, সেইবোৰ মই বুজি নেপাওঁ! কিন্তু, মোৰ মনেৰে তহঁতক পিন্ধি উৰি থকা দেখিলে, টেকেলাই সৰহকৈ আছে বুলি বৰকৈ পেৰিবলৈ হে ধৰিব, একোকে নেৰে।
ৰংদৈ।— বাৰু, থৈ দে তহঁতৰ বুধিখন। যমৰ দূত যেন টেকেলাই পোৱাখিনিত যিখন এৰিব আমি এতিয়াই জানিছোঁ। সি বেইচা ৰামহৰিৰ ঘৰ কুৰুক কৰোঁতেই দেখি--ছোঁ--অ, থাক্ মেনে মেনে থাক্, সৌৱা ওলালহি!--
(এটা মানুহৰ সৈতে টেকেলাৰ প্ৰৱেশ)
ৰংদৈ।— (ঢৰাখন আগবঢ়াই দি) আহক, ইয়াতে বহক। মই তামোল-ছালি আনোগৈ।
টেকেলা।— আমাৰ বহিবৰ আৰু তামোল খাবৰ সময় নাই। চৰ্কাৰী কাম কৰি লওঁ। তাৰ পাচত হে তামোল-ছালি।
(ভোগমন মূৰে-কপালে হাত দি বহি আছে)
ৰংদৈ।— এ, আই, চৰ্কাৰী কাম হ'ল বুলি নো দুখীয়াৰ ঘৰত ছালি এডোখৰো খাই যাব নেপায় নে? বহক, তামোল এখন খায়ো যকচোন। চৰ্কাৰী কাম বুলিলে আমাৰ জনৰো এই নিচিনা লৰা-ঢপৰা।
টেকেলা।— যাম কলৈ? চৰ্কাৰী কাম তহঁতৰ ঘৰতে। এতিয়া ফাঁকি-ফুকাৰ দৰকাৰ নাই, বস্তু উলিয়াই দে; নহ'লে মই ভিতৰ সোমাবলৈ পালে একো নেথাকে। (ভোগমনলৈ চাই) হেৰ, বৰ গাওঁবুঢ়াটো, এতিয়া তললৈ মূৰ কৰি গুণি থাকিলেই আমাৰ চিকাৰূপ কেটকা ওলাব নে? [ ৫৩ ] ভোগ।— (মূৰ দাঙ্গি বেজাৰেৰে) যি কৰিব লাগে কৰাঁ; টেকেলা ককাই, মই নিৰুপায়, কি কৰিম? মোৰ নো কি সুধিব লাগিছে আৰু!
টেকেলা।— এতিয়া ভালৰি বোলালে কাম নচলে। খাজনাৰ জোখাৰে ধন উঠাকৈ বস্তু উলিয়াই দে।
ভোগ।— ককাই, ঘৰ গোটেইখন বেচিলেও খেজেনাৰ জোখাৰে টকা নোলাব। মই নো কি বস্তু দিম, তুমি নিজেই যি পোৱা বিচাৰি নিয়াঁ।
টেকেলা।— নোলাব যদি নো কিবা উপায়-বুধি নকৰ কিয়? নাই, একেবাৰে উদং হ'ব খুজিছ হ'বলা?
ৰংদৈ।— (টেকেলাৰ মনৰ ভাব বুজিব পাৰি, সাউত্কৰে বটাত তামোল-পাণ আৰু সিকি এটা থৈ আঁঠুকাঢ়ি আগত দি) শক্তি চাই হে ভক্তি! দুখীয়াৰ খুদকণতো দেৱতা তুষ্ট হয়।
টেকেলা।— (বটালৈ চাই) ৰোগ চাই ঔষধ নপৰিলে, কেনেকৈ তাৰ বিকাৰ গুচিব? আৰু⸺(টেপেৰা গাওঁবুঢ়াৰ হঠাৎ প্ৰৱেশ; টেকেলাই মনত শঙ্কা কৰি, খং দেখুৱাই) কি তহঁতৰ এইখন! চাপৰিলে মেঘ নেৰায়; মোক হাতী এটাৰ লোভ দেখুৱালেও মই চৰ্কাৰী কাম নকৰাকৈ নেৰোঁ।
টেপেৰা।— এ, টেকেলা বোপা, ইয়াতে আছাঁহি! মই আকৌ বিচাৰি বিচাৰি হাইৰাণ; তুমি ইফালে আহি এইখিনি পালাহি, মই সিফালে তোমাৰ ঘৰ পালোঁগৈ। পিচে, এতিয়া নো কি হৈছে?
টেকেলা।— কি হ'ব, সৌ বটালৈ চোৱাঁচোন, মোক তুষ্ট কৰি গা সৰাবলৈ কেনে ফিকিৰখন পাতিছে! মই আকৌ কেনে ভকত তুমি জানাই নহয়!
টেপেৰা।— এৰা, বোপা, আজিকালি মৌজাদাৰে আমাক কথাইপতি চোভা কৰা হৈছে। এইখন শুনিলে আৰু আমাৰ ফালে যে আধ্যা পেলাবই, তোমাকো লটি-ঘটি কৰাব। (চাত্কৰে মনত পেলাই) অ, এতিয়া আৰু পলম কৰিবৰ সকাম নাই; আজি বোলে নৰাগাওঁৱে সৈতে গোটেইখন কুৰুক্ হ'ব লাগে। মৌজাদাৰ হাকিমে বাটলৈকে দঢ়াই দঢ়াই কৈ পঠিয়াইছে। [ ৫৪ ] টেকেলা।— এঃ।—, আমি কিবা মৌজাদাৰৰ গোলাম নে? যিমান পাৰোঁ, কৰি থাকিম। বাৰু, আহাঁচোন, আমি ভিতৰ সোমাওঁ।
টেপেৰা।— বাৰু, বলাঁ। তুমি আগ হোৱাঁ। অ, ভোগমন, তয়ো আহ।
(তিনিওৰো ভিতৰলৈ প্ৰৱেশ)
ৰংদৈ।— (চকুত আঁচল দি কান্দে) হে পৰ্ভু! এই দুখুনীৰ কপালত নো ইয়াকে লেখিছিলা নে? তিৰোতাৰ জনম দি মতাৰ বন কৰাবলৈ বাকী নেৰাখিলা; পুৱাতে পাটীৰপৰা উঠিয়েই মাইকী আৰু মতা দুইৰো বন অকলে কৰোঁতে মোৰ শাঁতি-শুতি নেথাকে, পথাৰত মতাৰ কাম কৰি আহি, দুপৰীয়া ভোকত বাঁহতলৰ জেং-খৰি লুৰি আনি ভাত ৰান্ধোহি, গৰু-গাই ধান-চাউল চপোৱাৰ উপৰিও, দিনটো কেইফালৰ পৰা কিমান চিন্তাই খাই মাৰেহি তাৰ লেখ নাই; আৰু যে কিমান দুখ পৰ্ভু, তুমি দেখিয়েই আছাঁ! হাঁয়, ইমান দুৰ্গতি দেখিও তুমি এই বেটীক কিৰ্পা নকৰিলাঁ! কি কৰিম, মই জানিছোঁ, মোৰ এই জীৱ দেহাৰ পৰা বাজ নহয়মানে আৰু মোৰ দুখৰ অন্ত নপৰে! মই নো কেলেই নমৰোঁঔ!! (বুকুত চাপৰ মাৰি মাটিত পৰি মূৰ্চ্ছা যায়।)
জেতুকী।— (মাকৰ গাত ধৰি কান্দি কান্দি) আই! তোৰ কি হৈছে? তই কিয় কান্দিছ? তই কেলেই পৰিলি? (চিয়ঁৰ মাৰি) ঐ, বুপাই, আইৰ কিবা এটা হ'ল ঔ! বেগাই আহ ঔ!!
(লোটা-কলহ, কাঁহী-বাটি, কাপোৰ-কানি আদি লৈ টেকেলা, টেপেৰা আৰু ভোগমন ভিতৰৰ পৰা ওলাই আহে)
ভোগ।— কি হ'ল,কি হ'ল? (বিতত হৈ ৰংদৈক তোলে) উঠ্, উঠ্, কিয়নো এনে অথিৰ হৈ বেজাৰৰ ওপৰত বেজাৰ দিছ? ঈশ্বৰৰ ইচ্ছা, যি কৰে কৰি থাওক! (ৰংদৈ উঠি চকুত আঁচল দি কান্দিবলৈ ধৰে)
টেপেৰা।— এইখন আৰু চাই থাকিব নোৱাৰি! টেকেলা বোপা, কি কি বস্তু লোৱা হৈছে, বেগেতে ফৰ্দ্দ এটা কৰি লোৱাঁ। [ ৫৫ ] টেকেলা।— (হাঁহি হাঁহি), বাৰু, বহাঁচোন। ইমানতে ইমান হ'লে আৰু টেকেলা-গাওঁবুঢ়াৰ কাম ভালকৈয়ে কৰিবা! তুমি এটা এটাকৈ বস্তু ধৰি যোৱাঁ, মই লেখি যাওঁ। (লিখিবলৈ ধৰে)
জেতুকী।— (লৰি গৈ বাটি লৈ) অ, এইটোচোন মোৰ ওমলা-বাটিটো! অ, মই নিদিওঁ নিবলৈ।
টেকেলা।— (বাটিটো আঁজোৰ মাৰি কাঢ়ি লৈ) থ, তোৰ বাটি এতিয়া। গুচ ইয়াৰ পৰা।
জেতুকী।—(ফেঁকুৰি ফেঁকুৰি বাপেকক ধৰেগৈ) বুপাই, মোৰ বাটিটো নিয়ে এতিয়া! আজি মই কিহেৰে উমলিব? হুঁ, মোৰ বাটিটো দে। (বৰকৈ চিয়ঁৰি চিয়ঁৰি কান্দে)
ভোগ।—(চকুলো টুকি) নেলাগে সেইটো। মোৰ আইক মই আন এটা আনি দিম। (কোলাত তুলি লৈ জেতুকীক নিচুকায়)
টেকেলা।— ওঁ, আমাৰ কাম হ'ল, এতিয়া উঠিবহে লাগে। (লগত অনা মানুহটোক) হেৰ, এইখিনি ভাৰ বান্ধি ল।
টেপেৰা।— এৰা, উঠা, বলাঁ যাওঁ। সিফালেও কেবাঘৰো আছে।
(বস্তু লৈ তিনিওৰো প্ৰস্থান)
ভোগ।— (বস্তু নিয়ালৈ চাই থাকি) হাঁয়, এতিয়াও মই জীয়াই আছোঁ! (পৰি মূৰ্চ্ছা যায়)
ৰংদৈ।— (ভোগক দাঙ্গি ধৰি) উঠ্, উঠহঁক, মাইকী মানুহৰ দৰে বিয়াকুল হৈছ কেলেই? (বলেৰে ধৈৰ্য্য ধৰি বহি) কপালত যি আছে তাক কোনে গুচাব? তথাপি, দুখৰ পাচত সুখ আছে বুলি সকলোৱে কয়।
ভোগ।— (উঠি বহি চকু মোহাৰি) কিনো ক'ম ঐ! মই তহঁতৰো বধৰ ভাগী হলোঁ! কুলী হোৱাৰ ভয়ত, আৰু মান ৰইখা কৰিবলৈ গৈ, চৰ্কাৰী গাওঁবুঢ়া বিষই খাওঁতে এতিয়া মোৰ এনে বিলাই! দেহি ঐ, মোৰ আই হাতৰ পৰা সি অধৰমীয়ে বাটিটো আঁজোৰ মাৰি নিয়ালৈ মনত পৰিলে, [ ৫৬ ] এতিয়াও মোৰ বুকু ফাটি যায় যেন লাগে। হে পৰ্ভু, তোমাৰ কি অতভূত্ মহিমা! এনেখন সুখ ভুগিবলৈকে মানুহে গাওঁবুঢ়া-বিষই খাবলৈ খাটি-লুটি ফুৰে! হাঁয়! হাঁয়!
ৰংদৈ।— মৰাটো মৰেই; জীয়াটোও সেই বুলি তাৰ লগতে মৰিব পাৰে নে? এতিয়া আৰু শোক-বেজাৰ কৰি থাকিলে কি হ'ব? গাওঁবুঢ়া বিষৈয়ে আমাৰ গতি যি কৰিলে কৰক। এতিয়া আৰু তাত সকাম নাই, কাইলৈ গৈ হাকিমৰ আগতে সেইখন বিষই শোধাই থৈ আহি গাটো আজৰি হৈ লবিহঁক। দেহা ভালে থাকিলে, কোন নো নেখাই মৰিছে? এতিয়া হাতে-কাণে যি আছে, তাকে বেচি তৰোঁহঁক। পাচে পৰ্ভুৱে যি কৰে!
ভোগ।— (দীঘলকৈ হুমুনিয়া পেলাই) ভাল কৈছ; তোৰ কথাতে ভৰ দিলোঁ। কাইলৈ মৌজাদাৰ হাকিমৰ ওচৰত আমাৰ বিষৈখনৰ মেট্মৰা ভাৰখন শোধাই দিহে আহিবগৈ লাগে।
ৰংদৈ।— আহচোনহঁক, ভিতৰ সোমাওঁ, কিবা এৰি গৈছে নে চাওঁগৈ।
(তিনিওৰো প্ৰস্থান)
মিঃ ইয়ং।— পেস্কাৰ!
পেস্কাৰ।— হজুৰ!
ইয়ং।— ফৌজ্দাৰী মকদ্দমা পেচ্ কৰিবে লাগে।
পেস্কাৰ।— বহুত আচ্ছা হজুৰ! হেৰ, টেকেলা, ভেলেউ মৰিয়ানীক ফুঁকাৰচোন।
টেকেলা।— ভাল, দৌতা। (চিয়ঁৰি) ভেলেউ মৰিয়ানী হাজিৰ। ভেলেউ মৰিয়াণী হাজিৰ।
(ভেলেউৰ প্ৰৱেশ; হাতযোৰকৈ থিয় দিয়ে)
ইয়ং।— টুমি, গোচৰ কৰিছে?
ভেলেউ।— হৈছে হজিৰ!
পেস্কাৰ।— বাৰু, হলফ্ ল। ক, বুলি, যি ক'ম সঁচা কম। মিছা ক'লে ধৰ্ম্মে ঘটাব।
ভেলেউ।— এ খোদাই। মিছা ক'বলৈ নো কি হৈছে? খঁচা ক'মতোন্।
ইয়ং।— তোমাৰ কোন্ কটা টাকিছে?
ভেলেউ।— নাই হজিৰ! বেটীক কোনেও কটা নাই।
পেস্কাৰ।— নহয়, তোৰ কি কথা কবলৈ আছে, তাকে হে সুধিছে।
ভেলেউ।— অ, খেইটো কতা! হজিৰ, বেটী বাঁৰী মানুহ। খেতিপথাৰৰ খঁচেই নাই। কুকুৰা-পোৱালি পুহি যেন্তেন্কৈ পোহ যাওঁ। তাৰে ঘাই কুকুৰাজনীকে খিদিনাসন ভোগমন গাওঁবুঢ়াই কাঢ়ি আনিলেগৈ! বেটী নিগমে মৰিলোঁ! এনে অইনাই হ'লে কেনেকৈ থাকিম, হজিৰ!
ইয়ং।— হেইটো টোমাৰ কুকুৰ ডৰিছে? ডৰিছে তো কি কৰিছে? [ ৫৮ ] ভেলেউ।— মাৰি খালে চাগৈ, হজিৰ!
ইয়ং।— হেইটো কুকুৰ কায়? হি কি জাত আছে?
পেস্কাৰ।— নহয় হজুৰ, কুকুৰ নহয়, মুৰ্গী হে।
ইয়ং।— হাঁ, হাঁ, আমি এটিয়া জানিলে। আচ্ছা গাওঁবুঢ়াকো বলাও।
পেস্কাৰ।— হেৰ, টেকেলা, ভোগমন গাওঁবুঢ়াক ফুঁকাৰ; মুক্তিয়াৰকো খবৰ দিবিগৈ।
টেকেলা।— ভাল, দৌতা! (চিয়ঁৰি) ভোগমন গাওঁবুঢ়া হাজিৰ; ভোগমন গাওঁবুঢ়া হাজিৰ!
ইয়ং।— টুমি গাওঁবুঢ়া টাকিছে।
ভোগ।— (কঁপি কঁপি) হয় ধৰ্ম্মাৱতাৰ!
ইয়ং।— হেইটো মাইকী গড়তে টুমি মুৰ্গী ডৰিছে?
ভোগ।— হয়, হজুৰ ধৰ্ম্মাৱতাৰ!
ইয়ং।— তুমি টাকে ডাম ডিছে?
ভোগ।— নাই দিয়া, হজুৰ।
ইয়ং।— এটিয়া ডাম ডিবে?
ভোগ।— নাই হজুৰ, কৰপৰা দিম, দুখীয়া মানুহ।
ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এই আডমি কচুৰ কবুল কৰিছে। টাকে আমি ফাটক দিবে।
পেস্কাৰ।— হয়, হজুৰ! কিন্তু সি আচল কথা চমজি ক'ব জনা নাই। তাৰ মুক্তিয়াৰক সুধিলে ভাল আছিল।
ইয়ং।— আচ্ছা, মুক্তিয়াৰকে বলাবে লাগে।
মুক্তিয়াৰ।— হজুৰ! বেণ্ডা হাজিৰ আছোঁ।
ইয়ং।— টোমাৰ কুচ্ জবাব টাকিছে? [ ৫৯ ] মুক্তিয়াৰ।— হয়; হজুৰে ঠিককৈ দৰিয়াপ কৰিব লাগে।
ইয়ং।— (অসন্তুষ্ট হৈ) হামি টিক দৰিয়াপ নাই কৰিছে?
মুক্তিয়াৰ।— হজুৰ, মোৰ মোক্কেল গৰিপ; কিন্তু ভাল মানুহ। ইয়াৰ সম্বন্ধে ভালকৈ দৰিয়াপ কৰিব লাগে।
ইয়ং।— (খঙ্গেৰে) ডৰিয়াপ! ডৰিয়াপ! ক্যা ডৰিয়াপ আছে?
পেস্কাৰ।— আপুনি একে-আষাৰে নো আচল কথা কৈ নেপেলায় কিয়?
মুক্তিয়াৰ।—অ, হয়। হজুৰ, এই গৰিপে তাৰ নিজৰ ক্ষমতাৰে মুৰ্গী কাঢ়ি অনাগৈ নাই।
ইয়ং।— টাকে কোন্ খেম্টা দিছে?
মুক্তিয়াৰ।— হজুৰে।
ইয়ং।— অঃ, টুমি একদম জুঠা কৈছে; হামি টাকে হেই খেম্টা নাই ডিছে। জোৰ-জবৰদস্তি জুলুম কৰিবলে হুকুম হামি নাই দিছে।
মুক্তিয়াৰ।— হজুৰে দৰিয়াপ কৰি চাওক, দিছে।
পেস্কাৰ।—হয়। হজুৰে দৰিয়াপ কৰি চাওক, দিছে।
ইয়ং।— হামি জুঠা নাই কৈছে; হামি হুকুম নাই ডিছে।
মুক্তিয়াৰ।— বাৰু, মই ভাঙ্গি কওঁ। হজুৰ সেই মুৰ্গী বৰচাহাবৰ ৰচদলৈ হে আনিছিল; গাওঁবুঢ়াৰ নিজলৈ নহয়।
ইয়ং।— ৰচদ আনিছে তো ডাম নাই ফাইছে?
মুক্তিয়াৰ।— দাম পালে আৰু এনে হ'বলৈ পায় নে? হজুৰ নতুন কাৰণে বুজা নাই এথোন, পাচে সকলো বুজিব।
ইয়ং।— ডাম নাই ফাইছে! আচ্ছা, হামি নাজিৰকে হুডিবে, ---নাজিৰ বাবু!
নাজিৰ।— (নেপথ্যৰ পৰা 'হজুৰ'! বুলি বেগেৰে প্ৰৱেশ)
ইয়ং।— এই আড্মি ৰচদ ডাম নাই ফাইছে?
নাজিৰ।— নাই, হজুৰ দাম দিয়াৰ দস্তুৰ নাই। [ ৬০ ] ইয়ং।— ডস্তুৰ নাই! মাগনা কাবে! বহুত বয়া ডস্তুৰ আছে। আচ্ছা, হামি এই কঠা ডেকিবে পিচাৰি। আভি আচামী খালাচ।
ভেলেউ।— হজিৰ! পিচে, দুখুনী বেটী হে নিগমে মৰিলোঁ।
ইয়ং।— নাই, নাই মৰিবে। এইঠো বাট হামি ওপৰতে লেকিবে। কি জানি টোমাৰ খাটিৰে চবকো ভালা হ'ব ফাৰে।
ভেলেউ।— সেইটো খোদায়ে হে জানিছে! (চেলাম দি প্ৰস্থান)
ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এইঠো ভালা ডস্তুৰ নাই আচে। কুলী জবৰদস্তি ডৰিবে! ৰচদ কাবে, ডাম নাই ডিবে! গাওঁবুঢ়া কাম কৰিবে, টলব নাই পাবে, কুচ্ নাই মিলিবে! কেইচা ডস্তুৰ! এ চব বাট হামি ওপৰতে লেকিবে। (প্ৰস্থান)
কেৰ।— মোলৈ হ'লে অসহনী হ'লহি ককাইটি! নোৱাৰি আৰু! কাইলৈ মোৰ বিষৈখন শোধাই দিওঁগৈ হে বুলিছোঁ।
কচু।— দেগৈ শোধাই। পাৰিলে আমিও দিওঁগৈ।
টেপেৰা।— কিয় নোৱাৰিম নো কিয়? কিনো নিকিনা-গোলাম সোমালোঁ? এৰিলেও নেৰিবৰ আয়ণ আছে নেকি? [ ৬১ ] কচু।— এৰা, তেনেকুৱাইতো। আন এটা নলয়মানে নেৰে হেনো।
ভোগ।— (হাঁহি হাঁহি) হেৰ, মৰিব, নজনাহঁত, আছ? কি কৰিছহঁক?
কেৰ।— ওঁ, আছোঁ তো। তই মৰিব জনাটোওচোন আছ? কলৈ নো গৈছিলি? আজিচোন মন মুকলি?
ভোগ।— এৰা, গৈছিলোঁ এইফালে; হাকিমৰ ঘৰৰপৰা আহিলোঁগৈ।
টেপেৰা।— সকাম বা কি আছিল?
ভোগ।— সকাম আমাৰ বিষৈ খনৰ ভাৰখন শোধাই দিয়া।
কচু।— কি, কি, হেৰ, কেনেকৈ শোধালি কচোন?
ভোগ।— কাম নকৰোঁ বুলিলোঁ, আৰু হৈ গ'ল।
কচু।— কাম নকৰোঁ বোলাতে এৰি দিলে নে?
ভোগ।— হেঃ, ক'ত এৰে খেমেখা; কত টাংবাং কৰিহে এৰাইছোঁ।
কেৰ।— কিনো টাংবাং কৰিলি? কচোন আমাকো বুধিটো।
ভোগ।— সলনি নিদিলে নেৰে একোপধ্যে। পিচে, কছাৰী ল'ৰা ভদিয়াক ফুচুলাই নি সলনি দি পাকতে এৰাই গুচি আহিছোঁ।
কচু।— এৰা, মই নকৈছোঁ বোলোঁ, আন এটা নেপায়মানে নেৰে।
কেৰ।— ভাল হ'ল, শিকি ললোঁ। ময়ো সলনি বিচাৰিব হে লাগিল বোপাই! কোনোমতে এৰাব পাৰিলেই হয়।
টেপেৰা।— ময়ো, ময়ো। হেৰ, পাৰ যদি, মোলৈকো বিচাৰিবি এটা।
কচু।— কিন্তু, চাবিহঁক, এৰিলেও সুখ নাই। খেমেখা নেৰিবিহঁক। কুলী-ধৰা, ৰচদ-দিয়া এইবোৰ নিয়ম উঠিব, আৰু গাওঁবুঢ়াই বানচ পাব বুলি শুনিছোঁ। আমাৰ চেহাবে হেনো এই কথা চৰকাৰলৈ লিখিছে।
কেৰ।— এঃ, মেনে মেনে থাক। বোলে, "মোমাই মৰক, ভূতক পাচে পাওক।" চৰকাৰৰ হুকুম অহালৈ আমি জীয়াই নেথাকোঁ। [ ৬২ ] টেপেৰা।— বাৰু, যি হয় ঘৰত কৰিবিগৈহঁক। এতিয়া দুখত এফেৰি আনদ্ কৰি চাওঁ আহহঁক! সিদিনা জিলাৰ 'ঠেইটাৰ'-ভাওনাত শুনি অহা গাহানটোকে ধৰোঁহঁক।
কেৰ।— বেচ কথা। মোৰ হ'লে গাহানটো মুখত আহি আছে। ছেৱে-ছেৱে পাক এটাও দিওঁ, ধৰিবিহঁকচোন:— (কেৰপায়ে লগাই দিয়ে, চাৰিওটাই গীত গাই গাই ঘূৰি ঘূৰি নাচে।)
গীত
খট,——কাশ্মিৰী খেম্টা।
আমি চাৰি গাওঁবুঢ়া,
চাৰিগোট ঢেঁকী-থোৰা;
ৰাতি-দিনে কাম বানি হওঁ এধামৰা! (আমি গাওঁবুঢ়া)
বাহিৰত বৰ-কথা,
ভিতৰত কন্দা-কটা;
ঘৰে-পৰে খকা-খুন্দা গৰিহণা খাই ফুৰা! (আমি গাওঁবুঢ়া)
ঘৰৰ খোৰাক খাই,
পৰৰ কাম চলাই,
ঘূৰি ফুৰোঁ দিনে-ৰাতি অনাহাৰী বিষৈখোৱা! (আমি গাওঁবুঢ়া)
যৱনিকাপাত