[ পাতনি ]
১। পাতনি।

 “জয়মতী” উলিয়াই উঠি, আমি আকৌ ৰাইজৰ ওচৰত ভালেমান দিনৰপৰা “গদাধৰ” উলিওৱাৰ সংকলোৰ ধৰুৱা আছিলোঁ। সেইবাবে আমি ৰাইজৰপৰা বিস্তৰ সাধনি সহিব লগা হৈছিল। পিচে, বিবিধ লগৰীয়া চিন্তা আৰু গোটাদিয়েক গুৰুতৰ কাৰ্য্যৰ ভৰত, মূৰ দাঙ্গিবলৈ ছেগ ধৰিব নোৱাৰা হেতুকে, সেই ধাৰ অনতিপলমে শুজিব পৰা নাছিলোঁ; পলম হোৱা বাবে ক্ষমাশীল ৰাইজৰ ওচৰত ক্ৰটী মাৰ্জ্জনা মাগিছোঁ।

 “গদাধৰ” হাতে-লিখা অৱস্থাত থাকোতে, আমাৰ সুযোগ্য সমনীয়া বন্ধুবৰ ৺হেমচন্দ্ৰ গোস্বামীদেৱে ভালেমান সজ পৰামৰ্শ দি সহায় কৰিছিল; আৰু নাটকৰ অন্তৰাঙ্গত সন্নিবিষ্ট হোৱা গীতবোৰ ৰচনা কৰোঁতে, আমাৰ অন্যতম সমনীয়া বন্ধু ৺লক্ষ্মীৰাম বৰুৱাদেৱে তাল-মান-সুৰ বান্ধি দি, আমাক নথৈ সহায় কৰিছিল। সেইবাবে, আমি সিবিলাক দুইৰো শলাগ লৈছোঁ। ইতি

তেজপুৰ, অসম।
২০ আঘোণ, ১৮২৯ শঁক।
গ্ৰন্থকাৰ।
 
⸺⯇●●●⯈⸺
[ পাতনি ]
২। পাতনি।

 “গদাধৰ”ৰ মূল-ধাৰ শুজি উঠি, আমি ৰাইজৰ ওচৰত আকৌ সুদৰ ধৰুৱা হব লগাত পৰিলোঁ;—প্ৰথম তাঙ্গৰণৰ কিতাপ সমুদায় বেছা গৈ অন্ত পৰাত, ভালেমান দিন গুণগ্ৰাহী গ্ৰাহকক “গদাধৰ” যোগাব পৰা নাই। যোৱা বছৰদহেক একেৰাহে আমাৰ ভালেমান পঢ়াশলীয়া কিতাপৰ নতুন নতুন তাঙ্গৰণ উলিয়াব লগীয়া হোৱাত, আৰু তাৰোপৰি খনদিয়েক সৰু-বৰ নতুন কিতাপ-পুথি প্ৰণয়ণত একাণপতীয়াকৈ লাগি থকাত, দ্বিতীয় বাৰৰ ধাৰত সুদ লাগিল। এতিয়া, আমাৰ গ্ৰন্থাৱলীৰ এছোৱা একেলগকৈ উলিয়াবলৈ দিহা লাগোৱাৰ সু-ছেগতে, ইয়াৰ নতুন তাঙ্গৰণ অনতিপলমে ৰাইজক শোধাই সুদে-মুলে ধাৰ শুজিছোঁ,নিজগুণে গ্ৰহণ কৰে যেন।

“পদ্মকুটীৰ”, তেজপুৰ, অসম।
৭ আহিন, ১৮৫৪ শঁক।
গ্ৰন্থকাৰ।
 
⸺◁✾▷⸺