কোন সোণ সপোনৰ

          সোণ পোহৰৰ বাটে

তই সুৰৰ জোনাক সিঁচি আহ

কোন ভুৱনৰ....

          সোণ মৰমৰ সাধু

সুঁৱৰি তই.....

          মিচিকি মিচিকি হাঁহ ৷

মোৰ পৃথিবীত

          আজিও ফুলা নাই

আলোক পদুম হায়

সেইহে আছোঁ তোৰ সুৰেৰেই

          তোৰ গানকেই গাই....

তোৰ পৃথিবীত ফুল পাবলৈ নাই ৷