কোটোৰা খেলায় হৰি এ, ওহি বালকেৰ কেলি
।। ৰাগঃ বৰাড়ী ।। তাল) পৰি।।
ধ্ৰং।। কোটোৰা খেলায় হৰি এ, ওহি বালকেৰ কেলি।
পৰম আনন্দে খেলে গোপশিশু মেলি।।
পদ।। গোটা জুমুৰিকা খই আৰু খোৱা লাড়ু।
খেলাইতে ঝলমল কৰে সোণাৰ তাৰ খাৰু।।
গগনে দেৱতাগণে পৰম হৰিষে।
হৰিগুণ গায়া ৰংগে কুসুম বৰিষে।।
বৃন্দবনে কৰে কেলি বৈকুণ্ঠেৰ পতি।
কহয় মাধৱ হৰি পদৰেণু গতি।।