কোটোৰা খেলায় হৰিএ,ওহি বালকেৰ কেলি
।। ৰাগঃ বৰাড়ী।। তালঃ পৰি।।
ধ্ৰুং।। কোটোৰা খেলায় হৰি এ, ওহি বালকেৰ কেলি।
পৰম আনন্দে খেলে গোপশিশু মেলি।।
পদ।। গোটা জুমুৰিকা খই আৰু খোৱা লাডু।
খেলাইতে ঝলমল কৰে সোণাৰ তাৰ খাৰু।।
গগনে দেৱতাগণে পৰম হৰিষে।
হৰিগুণ গায়া ৰংগে কুসুম বৰিষে।।
বৃন্দাবনে কৰে কেলি বৈকুণ্ঠৰ পতি।
কহয় মাধৱ হৰি পদৰেণু গতি।।