কেলি কৰে বিৰিন্দাবনে মোহন গোপাল
।।ৰাগঃ সিন্ধুৰা।। একতাল।।
ধ্ৰুং।। কেলি কৰে বিৰিন্দাবনে মোহন গোপাল।
খেলে সঙ্গে ৰঙ্গে ঢঙ্গে ব্ৰজেৰ ছৱাল।।
পদ।। বনেৰ মালা গাণ্ঠিয়া পিন্ধে, মাথে মৈৰাৰ পাখি।
আনন্দে হৰিৰ সঙ্গে ফিৰে ধেনু ৰাখি।।
কেহো নাচে কেহো হাসে কেহো বায় বেণু।
বাঁশীৰ স্বৰে নাম ধৰি ডাকিয়া আনে ধেনু।।
পঞ্চম উচ্চায়া বেণু বায় যদুমণি।
মদন-শৰে মুৰুচি পৰে দেৱৰ ৰমণী।।
গোপেৰ সঙ্গে ধেনু চৰাৱে হৰি জগতৰ পতি।
গগণে দেৱতাগণে কৰে স্তুতি-নতি।।
অন্যো-অন্যে ডাকিয়া বোলে শুনা দেৱগণ।
ত্ৰিভুৱন জিনি শোভা কৰে বৃন্দাবন।।
কহয় মাধৱ দান কৰিয়া নিশ্চয়।
জনমে জনমে গতি নন্দেৰ তনয়।।