কানাই খেলনে যাই, মোহন মূৰুলী বাই
।।ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। কানাই খেলানে যায়, মোহন মুৰুলী বায়
গজেন্দ্ৰগমন জিনি ধায় না লো।
পীত ধটি কাটি লোলে হাণ্ঠিতে আঞ্চোৰ দোলে
ৰতন মঞ্জীৰ ঝুৰে পায় না লো।।
পদ।। কনক কন্দুক হাতে খেলায়ে গোপিনীনাথে
নৱ ঘন জিনি তনু ৰাজে।
চন্দন লেপিত অঙ্গ মনোহৰ ভ্ৰূৱভঙ্গ
পেখিতে মদন কোটি লাজে।।
উৰে লুলে গজমতি মানিক মুখেৰ জ্যোতি
জিনি কোটি পূৰ্ণিমাক ইন্দু।
হাসিতে অমিয়া ঝুৰে উচ্চায় পঞ্চম সুৰে
প্ৰেমৰ মুৰুতি সুধা সিন্ধু।।
সুষম কপোল মাজে মলয় তিলক সাজে
চান্দেৰ ওপৰ যেন চান্দ।
নয়ন পঙ্কজ যোৰ দশন কুন্দেৰ কোৰ
কানু মুখ ঐচন সুচান্দ।।
ব্ৰজৰ জীৱন ধন গোকুল কামিনী মন
মোহন মুৰুতি-মদন।
ভকতি মিনতি হীন কহয় মাধৱ দীন
গতি মেৰি নন্দেৰ নন্দন।।