কনকলতা
বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই,
ক্ষুব্ধ জন-দেৱতা জাগিলে
জাগিলে ধৰ্ষিত-দলিত আত্মা
--- যিবা আছিল শুই ।
বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ আহ্বান
পূবৰে-পছিমে ৰজন্জনালে অগ্নিকবিৰ গান---
“তই হ, সাজু হ নৱ-জোৱান ।”
হুঙ্কাৰি উঠিল মুক্তি-যুঁজাৰু
ওলাই আহিল অসমী গাভৰু
মৃত্যুবিজয়ী গাঁৱৰ জীয়ৰী
দীপ্ত কনকলতা,
লুইতৰ পাৰৰ ৰণৰঙ্গিনী--- স্বদেশ মুক্তিব্ৰতা ।
মুক্তি-বিচৰা ভাৰতে আজি ধৰিছে নতুন গান
বিশ্বমেলত ঠাই বিচাৰিছে, জাগিছে দেশত প্ৰাণ ।
তেজপুৰৰ কলংপুৰত ঠাইমান শুৱনি নাই,
ভাষা-সাহিত্যৰ পুণ্য পিতামহ হৰিবিলাসৰ
এয়ে ওপজা ঠাই,
তেওঁৰে যহতে পোনপ্ৰথমে
মহাপুৰুষৰ ধৰ্ম্মপুথিয়ে
ছপাত প্ৰকাশ পায় ।
তাকে জনমা চন্দ্ৰকুমাৰ, আনন্দচন্দ্ৰ
আৰু লম্বোদৰ বৰাই
সাহিত্যত অক্ষয় কীৰিতি ৰাখি
বুৰঞ্জীত থলে নাম জ্বলাই ।
অৰুণোদয়ৰ পুৰণি লিখক
নিধি লেভি ফেৰৱেল্,
অগ্নিঋষি কমলাকান্তই
বহি ইয়াতেই লিখি থৈ গ’ল
কবিতা কতনো পাতি দৰ্শনৰ মেল ।
অসমীয়াৰ কথাছবি জয়মতী
কলংপুৰৰ চিত্ৰবনতে হয়
প্ৰশান্ত হাঁহিৰে ছবিৰ নিজৰা বয়
ইয়াতে আকৌ কনকলতাই
বুকুৰ তেজেৰে লিখে উজ্বলাই
“জয় ভাৰতৰ জয়” ।
কলংপুৰৰ কোলাত আছে গাঁও বৰঙাবাৰী
তাতে পুৰণিকলীয়া দোলাকাষৰীয়া
বৰুৱা-ঘৰৰ শাৰী,
তাৰে এঘৰতে বুঢ়া ককাকেৰে
আছিলে কনকলতা,
পাটগাভৰু ছোৱালীজনী
ন-জীৱনৰ ন-সপোনেৰে
মনতে পুলকিতা ।
ষোড়শী কালৰ কত হাবিলাষ
জীৱনৰ কত আশে,
মধুময় কত ৰাঙলী সপোনে
ঘূৰি ফুৰে কাষে কাষে ।
নৱ-যৌৱনৰ গানে---
ভাবী জীৱনৰ কত আলসুৱা কথা
কৈছিলে
গুণগুণনিৰে ৰৈ ৰৈ কাণে কাণে ।
পুৱা ৰ’দালিয়ে
ফুলৰ হাঁহিয়ে
বাৰিষাৰ চকামকা বিজুলীয়ে
আহিবলগীয়া জীৱন দিনৰ
বিয়ানামসুৰীয়া কত বতৰা আনে ;
তাইৰ বুকুৰ মাজত কত উঠে ঢৌ
বাৰিষাৰ বানে বানে ।
সেউজী পথাৰৰ শান্তিয়ে তাইৰ
বুকু ওপচাই আছে,
ভালপায় তাই শইছ সোণোৱালী
ভালপায় তাই দামুৰি-পোৱালি
চোতালৰ দুবৰি যাঁচে ।
ভালপায় তাই তামোলেৰে ভৰা
আপোনাৰ বাৰীখন,
ভালপায় তাই তগৰ-মালতী
নাহৰ-কেতেকী
লিহিৰিপতীয়া গোন্ধোৱা বিৰিণা বন ।
ভালপায় তাই আপোন দেশৰ
আকাশ-বতাহ-জোন,
ভালপায় তাই লুইতৰ বা
কয় কিবা ৰুণ ৰুণ ।
গাভৰু কালৰ সুৰৰ সপোন দেখি
তাঁতৰ পাতত
চানেকি বাছোঁতে পিছে
দেখিলে এদিন কোনোবা কবিয়ে
বাটে বাটে দেখোঁ অগ্নি-গানৰ
জুই-ফিৰিঙতি সিঁচে ।
সুৰৰ ভিৰিঙতি সিঁচি যাৱ তই
কিহৰ বেজাৰ তোৰ---
কি অসহনি ব্যথা জ্বলি উঠি
ধৰিছে কালৰ মূৰ্ত্তি ঘোৰ ?
গানে-সুৰে মাথোঁ গুমৰি উঠিল
দেশ পদানত বুলি,
মাতৃৰ কাৰণে তেজ দিব পৰা
কোন ক’ত আছ সোনকালে আহ
ভাৰতৰ শিকলি দিবলে’ খুলি ।
পুৱতিতে অহা অগ্নিগায়ক
সন্ধিয়া গুচি গ’ল,
তাৰ গান-সুৰ
ৰাতিৰ ৰাতিটো
কনকলতাৰ সপোনত বাজি ৰ’ল ;
হাঁহিমুখী সৌ পাটগাভৰুৰ
নতুন কথাৰ ন-ভাৱনাত
মুখনি গহীন হ’ল ।
পুৱতি উঠি কি
মনতে ভাবিলে তাই
---“আমাৰ দেশৰ আজি একোটো নাই,
সাত-সাগৰৰ সিপাৰৰ পৰা
কোনোবা এজন ইংৰাজ ৰজাই
আমাৰ দেশ চলায় ।
গোলাম বিদেশীৰ আমি অসমীয়া
মৌকোঁহখিনি কোনে চুহি নিয়ে
মূৰ ভুকুৱাই হজুৱা-বনুৱা মৰে,
জীৱন উছগি দলে দলে গৈ
আমি নমৰিলে
কেনেকৈ দেশ তৰে ।”
মনতে পাঙিলে
দেশৰ কাৰণে জীৱন উছৰ্গিম,
সময় আহিলে
বুকুৰ তেজকো আঁজলিৰে বাকি দিম ।
সেই সময়ত সমৰৰ জুই
জ্বলিছিলে পৃথিৱীত,
যান্ত্ৰিকদলে আপোন পাহৰি
হেৰুৱালে হিতাহিত
স্বাৰ্থ-ক্ষমতা লোভত অন্ধ
আসুৰী সভ্যতাৰ,
সাগৰে-নগৰে অৰণ্যে-পাহাৰে
আকাশৰ স্তৰে স্তৰে
দিনে-ৰাতিয়ে
যাচিছিল মহামাৰ,
যন্ত্ৰভূতৰ নাৰকীয় লীলা
মত্ত সহিংসাৰ ।
ৰজা উন্মাদ, প্ৰজা উন্মাদ
উন্মাদ যত শাসক-শোষক দল
জড়-বিজ্ঞানৰ সংহাৰ লীলাই
বোৱালে তেজৰ ধল ।
বিকৃত কৰি সংস্কৃতি মানৱৰ
জয়-গান গাই আদিম বৰ্ব্বৰৰ,
স্বাৰ্থ বলিয়া দলে
মানুহক দহি-পিহি খাবলৈ
চলে-বলে কৌশলে
গৌৰৱ কৰি আসুৰী দৰ্শনৰ
মিলালে অথন্তৰ ।
বিজ্ঞানীয়ে মন্ত্ৰ মাতিছে
জাগিছে যন্ত্ৰ জড়চেতনা পাই
কোটি বছৰৰ ভোক গুচাবলে’
ল’ৰা-ছোৱালীৰো কলিজা দুফালি
অজানৰ তেজ খায় ।
অন্ধৰ মহামাৰ---
আনক মাৰোঁতে
আপোনাকে মাৰি
কৰি দিয়ে ছাৰখাৰ
ধেমালি বলিয়াৰ ।
এফালে শোষক দলে
সজ্জিত হৈ জড়-বিজ্ঞানৰ
অস্ত্ৰে সদল-বলে
পৃথিৱীৰ যত নিষ্পেষিতক
চিৰদাস কৰিবলে’
ভাগ ভাগ কৰি পৃথিৱীখনকে
প্ৰতিদ্বন্দ্বী আন শোষকৰ স’তে
মৰযুঁজ যুঁজে
আকাশে আকাশে
সাগৰে নগৰে
পৰ্ব্বতে-ভৈয়ামে
জলে-থলে নভস্থলে ।
আৰু আনফালে যত দলিতৰ
অশ্ৰুত উঠে ভাহি
অভিনৱ এক ন-সপোনৰ
ন-জীৱনৰ ছবি ।
সেই ছবিত জ্বলিল নবীন দিনৰ নতুন
গোসাঁনীজনা
মুখত আছিল আগেয়ে নেদেখা
আলোকৰ এক নিচিনা
বৰণ সনা ।
সেই ওঁঠৰ কম্পনৰ জাগিলে নতুন সুৰ
ইন্দ্ৰধনুৰ সাতবৰণীয়া জুই-আঙুনিৰে পূৰ ।
দলিত জনৰ হৃদয়ে তুলিলে প্ৰতিধ্বনি
জনতাৰ দলে পালে
আজি নৱ শক্তি পৰশমণি ।
দেশে দেশে জাগে
প্ৰদেশে প্ৰদেশে
পৃথিৱীৰ ঘৰে ঘৰে
শোষকৰ গতিৰোধ কৰিবলে’
দাসৰ শিকলি ছিঙি পেলাবলে’
দুষ্কৃতি নাশি
আসুৰীয় অভিযান
কৰিবলৈ থানবান,
মৃত্যু নিশ্চয়তাৰ জাগে---
প্ৰচণ্ড আলোড়নে
জনতাৰ নৱ-জাগৰিত মহাপ্ৰাণ,
গাই মানৱ-মুক্তিৰ গান
ৰূপ লৈ আহে নতুন দিনৰ সংস্কৃতি
সুমহান ।
পৃথিৱীৰ পুণ্য-প্ৰতিভা যঁতৰ
আকৌ মুখত হাঁহি,
পাশৱিকতাৰ আসুৰীয়তাৰ
মহাকোলাহল জিনি
বাজিল যেতিয়া নৱ-আলোকৰ
বজ্ৰসুৱদি বাঁহী ;
বুজিলে মনতে
তিমিৰ বিনাশি
নামে আলোকৰ ধল,
মানুহৰ মহা-মহত্বৰ জয় হ’বই লাগিব---
মানুহৰ অত যুগৰ সাধনা
মানুহৰ এই আলোক-বন্দনা
সুন্দৰৰ এই চিৰসাধনা
হ’ব হ’ব সম্ফল,
ব’ল জনতা
গচকি হীনতা
দীনতা
ভীৰুতা
ব’ল আগবাঢ়ি ব’ল ।
ভৱিষ্যৰ সৌ কোলাত জিলিকে
মহাজনতাৰ
মহাজীৱনৰ
মহামঙ্গলৰ
মহাসৌন্দৰ্য্যৰ
পোহৰ বিলোৱা
সোণতো শুৱনি দ’ল,
অৰুণ পথৰ
অৰণ পৃথিৱী
ব’ল আগুৱাই ব’ল ।
এই ভাৰতত
আগেয়ে এদিন য’ত
মানুহৰ এক মহাসভ্যতাই
গঢ়িছিলে জগতত
জীৱনৰ এক প্ৰকাশ আলোকময়
ঘোষি মানৱৰ পাহৰি আলোকমন্ত্ৰ
কালৰ সোঁতত সাভটিলে গৈ উৎকট্
স্বাৰ্থতন্ত্ৰ !
তপোবনে বনে নিচুকি কান্দিলে---
সাম্যৰ সংস্কৃতি
ভাৰতবৰ্ষৰ মহাজীৱনৰ ঘটিলে বিকৃতি ।
সাম্য-শান্তি প্ৰচাৰ কৰোঁতা
আলোক-যাত্ৰীদলে
আহং ভাবত উন্মত্ হৈ
ধন-সোণ লৈ বলিয়াবতিয়া
মানুহৰ মোল বাহানিত থাপি
তমসত বুৰ গ’লে ।
মহাসংস্কৃতি ভ্ৰষ্ট ভাৰতে
হীনবীৰ্য্য হ’ল---
আপোন সংহতি নিজে ভাঙি-ছিঙি
পৰপদানত--- অৱনত হৈ ৰ’ল ।
তাৰ পিছে
তাৰ পিছে
আন্ধাৰেৰে ভৰপূৰ—
মাৰ গ’ল দিশে দিশে ভাৰতৰ
জীৱনৰ মহীয়ান সুৰ ।
যুগযুগান্ত আহি গুচি যায়
জগতত ভাৰতত চিনচাব নাই ।
বিশ্বসভাত ঠাই নাই ভাৰতৰ
অৱনত ভাৰতে উচুপি উচুপি কান্দে
বোজা বৈ মহাপতনৰ ।
এনেতে আহিল ধ্বনি
আন্ধাৰ বুকু ফালি
পৃথিৱী কঁপাই---
অমৰ আতমা ভাৰতৰ
মৰা নাই, মৰা নাই, মৰা নাই
হ’ব ভাৰতৰ মহান অভ্যুদয়,
নৱ-আলোকৰ বাণী লৈ জাগে
এক, মহাসন্ন্যাসী ত্যাগী
জ্যোতি-শঙ্খৰ বজ্ৰা্বনিয়ে
কঁপালে ধৰিত্ৰী
ভাৰতৰ গ’ল মৰটোপনি ভাগি
উঠে নৱভাৰতৰ নবীন শক্তি
জাগি ।
কৌপিনধাৰী মোহন গান্ধী---
বৈশ্বানৰৰূপী অভিনৱ বুদ্ধ
সহিংস অস্ত্ৰেৰে
নোৱাৰিলে
নোৱাৰিলে
কৰিব ৰুদ্ধ ।
(অসমাপ্ত)