কথা-গীতা/প্ৰথম অধ্যায়
ধৃতৰাষ্ট্ৰে সঞ্চয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰসব পাণ্ডুপুত্ৰসবো ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধক ইছাই মিলিত হুয়া কি কৰ্ম্ম কৰিলা তাক মোত কহা। সঞ্জয়ে কহন্ত জানা ৰাজা, পাণ্ডৱৰ সেনাসব ব্যূহৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুয্যোধনে দ্ৰোণ আচাৰ্য্যৰ সমীপক গৈয়া বুলিবে লাগিলা, হে আচায্য পাণ্ডৱসবৰ বিস্তৰ সেনাসব দেখা; দ্ৰুপদৰ পুত্ৰ তযু শিষ্য ধৃষ্টদ্যুম্নে ব্যুহ ৰচি আছে, যাত ভীমাৰ্জ্জুন সম মহাধনুদ্ধৰ বাৰসব আছে, তাৰ নাম শুনা; সাত্যকা বিৰাট চেকিতান কাশিৰাজ পুৰুজিত কুন্তি- ভোজ শৈব্য যুধামন্যু উত্তমৌজা সুভদ্ৰাৰ পুত্ৰ অভিমন্যু দ্ৰোপদীৰ পাঞ্চ পুত্ৰ প্ৰতিবিন্ধ্যাদি; তাৰা সবে মহাৰথী। তাৰ লক্ষণ কহন্ত; যি একে দশসহস্ৰ ৰথীক যুঝই তাক মহাৰথী বুলি; যি অপৰিমিত ৰথীক যুঝই তাকে অতিৰখী বুলি; একে একে যুঝিলে ৰধী বুলি; দুই ৰথে একক যুঝিলে অৰ্দ্ধৰথী বুলি। আমাৰ সৈন্যৰো যি যি বিশিষ্ট সেনাপতিসব তাক কহো সাবধানে শুনা; তুমি গুৰুদ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণি অশ্বত্থামা বিকৰ্ণ [ ৩২ ] সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা; আনো বিস্তৰ বীৰসব মোৰ অৰ্থে প্ৰাণকো এড়িবে ইছা কৰিছে; সবে নানা অস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশাৰদ। এহি মহাবীৰসবে যুক্ত হুইতেও ভীষ্ম সেনাপতি সৰ্ব্বভাৱে ৰাখিতেও, আমাৰ একাদশ অক্ষৌহিণী সেনা পাণ্ডৱ সমে যুঝিবে অসমৰ্থ হেন প্ৰকাশ কৰে। ই পাণ্ডৱৰ সাত অক্ষৌহিণী সেনা ভীম সেনাপতি মাত্ৰ ৰক্ষিত হুয়ো, আমাক যুঝিবে সমৰ্থ হেন প্ৰকাশ কৰে। এতেকে তোৰাসবে সাবধানে, আপুনাৰ যুদ্ধ ভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা; সমুখে যুঝিতে যেন পাচৰ আসি কেহো প্ৰহাৰ নকৰে; ভীষ্মৰ বলেসে আমাৰ বল। এমনে বহুমানযুক্ত ৰাজাৰ বচন শুনি, মহাপ্ৰতাপী কুৰুবৃদ্ধ ভীষ্মে ৰাজাৰ হৰিষ বঢ়াই সৰ্ব্ব প্ৰাণীৰ ভয়ঙ্কৰ, সিংহৰ সদৃশ যুদ্ধ- নাদ কৰি, উচ্চ কৰি শঙ্খ বজাইলা। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ, ভেৰী, পণব, আনক, গোমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ হৈল। আৱে পাণ্ডৱ সৈন্যৰ যুদ্ধোৎসৱ শুনা। শুক্লবৰ্ণ চাৰি হয়যুক্ত মহাৰথত থাকি কৃষ্ণঅৰ্জ্জুনে দিব্য দুই শঙ্খ বাদ্য কৰিলা; তাৰ নাম কহোঁ; শ্ৰীকৃষ্ণে পাঞ্চজন্য শঙ্খক বাদ্য কৰিলা; অৰ্জ্জুনে দেব- দত্ত নাম শঙ্খ বজাইলা; পৌণ্ড্ৰ নাম মহাশঙ্খক ভীমে ফুঙ্কিলা; অনন্তবিজয় নাম শঙ্খক যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নাম শঙ্খক, সহদেবে মণিপুষ্পক, ধ্বনি কৰিলা। কাশিৰাজ শিখণ্ডী ধৃষ্টদ্যুম্ন বিৰাট সাত্যকি দ্ৰুপদ দ্ৰোপদীৰ [ ৩৩ ] পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু, আৰাসবো পৃথকে পৃথকে শঙ্খসব শব্দ কৰিলা। সেই শঙ্খৰ মহাশব্দে আকাশ পৃথিবী সমে দশোদিশ পূৰি, কৌৰব সেনাৰ মহাভয় জন্মাই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জ্জুনে কৌৰব সৈন্যক যুদ্ধত সমুখে থাকিবাৰ দেখি, অন্ত্ৰবৃষ্টিয়ো পৰিবে লাগিলে, গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগবন্তক এই বাক্য বুলিলা; হে অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিয়ো, যাৱন্তে যুঝন্তা বীৰসবক চাঞো; বুলিবা তুমি ঘুঝন্তাসে যুদ্ধচাবা নহৱা; তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম, দুৰ্ব্বুদ্ধি দুৰ্য্যোধনৰ প্ৰীতি কৰিবাক ইছাই যি যি বীৰসব আসিছে তাৰাক চাঞো; তাৱত দুই সেনাৰ মধ্যত উত্তম ৰথক ৰাখিবা।
সঞ্জয়ে বোলন্ত, জানা ৰাজা, অৰ্জ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাঝত ভীষ্ম দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলা; হে পাৰ্থ, কুৰুবীৰসবক চক্ষু মেলি দেখা; তাত অৰ্জ্জুনে পিতৃব্য পিতামহ আচাৰ্য্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুৰ সুহৃদসব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুষ্খ পাযা কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণক এই বাক বুলিলা; হে কৃষ্ণ এই জ্ঞাতিসব যুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰচৰণাদি ভাগি যাই, মুখো শুখাই, শৰীৰো কাম্পে, ৰোমো সিহঁৰে, গাণ্ডীৱ ধনু হাতৰ খসি পড়ে, চৰ্ম্মো তাপ কৰে। আছোক যুঝিম আগত [ ৩৪ ] থাকিবে নপাৰো, মনো মহাভ্ৰম হয়, বিমঙ্গলসবো দেখোঁ, উপৰত শগুণ ফুৰে, শৃগালে আৰাৱ কৰে, যুদ্ধত স্বজনক বধি কিছো ফল নেদেখো, বিজযকো আকাঙ্ক্ষা নকৰো, ৰাজ্যকো ইছা নকৰো, সুখকো নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত জীবনত কি প্ৰযোজন। যি বন্ধসবৰ অৰ্থে আমৰা ৰাজ্যভোগ সুখক ইছা কৰি, সি বন্ধসব প্ৰাণধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুযা আছে, তাক শুনা; আচাৰ্য্য পিতৃব্যপুত্ৰ পিতামহ মাতুল শশুৰ শ্যালা সমন্ধীসব। হে মধুসুদন, আৰা সদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিবে ইছা নকৰি। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও বন্ধুসব নবধি, পৃথিবীমাত্ৰৰ পদে নবধিব তাক কি বুলিম। হে জনাৰ্দ্দন! ধৃতৰাষ্ট্ৰৰ পুত্ৰসব বধিলে, আমাৰ কি প্ৰীতি হৈব। যদ্যপি আৰা আমাক বিষ দিয়া মাৰিতে চাইছে, অগ্নিযো দিছে, ধন সৰ্ব্বস্বো হৰিছে, ৰাজ্যভাৰো কাঢ়ি লৈযা আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঝিছে, এই ছয় দোষে আৰাসবে আততায়ী, অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেয়ো দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰক অপেক্ষায়ে আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসব আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে যাতো বন্ধু- সবৰ বধ অন্যায় অধৰ্ম্মক দেখি। হে মাধৱ বন্ধুসব বধি কেজনে ইহুলোকত সুখী হইবোঁ। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপকো নেদেখে, তথাপি [ ৩৫ ] আমি সেই দোষ দেখি, কেনে পাপত নিবৃত্তি নহৈবো। আবে সেই দোষক শুনা। কুলক্ষয় হইলে কুলধৰ্ম্ম নষ্ট হুইব। ধৰ্ম্ম নষ্ট হৈলে অবশিষ্ট কুলকো অধৰ্ম্মে ব্যাপিব; অধৰ্ম্মে ব্যাপিলে কুলস্ত্ৰীসব দুষ্টা হুইব। স্ত্ৰীসব দুষ্টা হৈলে বৰ্ণসঙ্কৰ হৈব, বৰ্ণসঙ্কৰ হৈলে কুলৰ নৰক গতি হৈব। তেবে পিতৃসব লুপ্তপিণ্ডজলাঞ্জলি হুয়া পৰিব। এই দোষসবে জাতিধৰ্ম্ম কুলধৰ্ম্ম বৰ্ণাশ্ৰমধৰ্ম্ম নস্ট হুয়া মনুষ্যসব নৰকত বাস কৰিব। আক আমি স্মৃতিত শুনিছি; অহো কি কস্ট! মহাপাপ কৰিতে আমি নিশ্চয় কাৰলো; ৰাজ্য সুখ লোভে স্বজন বধিতে উদ্যত হৈলো; এমনে মহা তাপ কৰি মৰিতে নিশ্চয় কৰন্ত। মঞি অস্ত্ৰ নধৰি মৌনে ৰহো, তেবে যদি দুৰ্য্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে তেবে মোৰ মহাপ্ৰিয় হয়, যাতো পাপ নিসিজিব। সঞ্জয়ে কহন্ত, জানা ৰাজা যুদ্ধৰ সমুখত অৰ্জ্জুনে এই বাক্য বুলি ধনুশৰ এডি শোকে কম্পিত হৈয়া ৰথৰ উপৰতে বসিলা।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং কবিৰত্নকৃতায়াং
সৈন্যদৰ্শনোনাম প্ৰথমোহধ্যায়ঃ॥ ১ ॥
হে শ্ৰীকৃষ্ণ মোৰ পৰম গুৰু অন্তৰ্যামী হৃষিকেশ তুমি যি কৰাইলা আমি তাকেসে কৰি; এতেকে আমাৰ কিছো স্বতন্ত্ৰ নাই। তাক আপুনি জানি নিজ গুণে সন্তোষ হুয়া কিছো কৃপা কৰা, যেমনে সাধু সঙ্গত তযু গুণ গাইতে পাৰো। তোমাৰ চৰণপদ্মত মনে সহস্ৰ কৌটিবাৰ দণ্ডৱত কৰো। সামাজিক ডাকি হৰিবোল হৰি।
অন্তৰ্য্যন্তাসৰ্ব্বলোকস্য নাথঃ স্বাৰ্থং দাতুং মোহিতোযেনপাখাণ
তং সৰ্ব্বজ্ঞং চিদগুৰুং দেবদেবং বন্দে কৃষ্ণং কৃষ্ণসূতং শপ্ৰণাম॥