পৃষ্ঠা:কথা-গীতা.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অধ্যায়।

পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু, আৰাসবো পৃথকে পৃথকে শঙ্খসব শব্দ কৰিলা। সেই শঙ্খৰ মহাশব্দে আকাশ পৃথিবী সমে দশোদিশ পূৰি, কৌৰব সেনাৰ মহাভয় জন্মাই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জ্জুনে কৌৰব সৈন্যক যুদ্ধত সমুখে থাকিবাৰ দেখি, অন্ত্ৰবৃষ্টিয়ো পৰিবে লাগিলে, গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগবন্তক এই বাক্য বুলিলা; হে অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিয়ো, যাৱন্তে যুঝন্তা বীৰসবক চাঞো; বুলিবা তুমি ঘুঝন্তাসে যুদ্ধচাবা নহৱা; তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম, দুৰ্ব্বুদ্ধি দুৰ্য্যোধনৰ প্ৰীতি কৰিবাক ইছাই যি যি বীৰসব আসিছে তাৰাক চাঞো; তাৱত দুই সেনাৰ মধ্যত উত্তম ৰথক ৰাখিবা।

 সঞ্জয়ে বোলন্ত, জানা ৰাজা, অৰ্জ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাঝত ভীষ্ম দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলা; হে পাৰ্থ, কুৰুবীৰসবক চক্ষু মেলি দেখা; তাত অৰ্জ্জুনে পিতৃব্য পিতামহ আচাৰ্য্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুৰ সুহৃদসব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুষ্‌খ পাযা কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণক এই বাক বুলিলা; হে কৃষ্ণ এই জ্ঞাতিসব যুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰচৰণাদি ভাগি যাই, মুখো শুখাই, শৰীৰো কাম্পে, ৰোমো সিহঁৰে, গাণ্ডীৱ ধনু হাতৰ খসি পড়ে, চৰ্ম্মো তাপ কৰে। আছোক যুঝিম আগত