ওভতনি যাত্ৰা আৰু অন্যান্য/যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকণ্ঠিত হৈ

[ ৪৪ ]


যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকণ্ঠিত হৈ

 কোনে কেতিয়া কিয় কাৰোবালৈ ক'ৰবাত অপেক্ষা কৰি থাকে, সি এক ৰহস্য। এই ৰৈ থকা মানুহবোৰ আৰু তেওঁলোকে লগ পাবলগীয়া মানুহবোৰ যিমানেই বিচিত্ৰ নহওক কিয়, গোটেই কাৰবাৰটোত সকলোৰে ক্ষেত্ৰতে কিবা এক অদ্ভুত সাদৃশ্য থাকে। আবেলি চাৰে চাৰি বজাত আপোনাক তুলি নিবলৈ গাড়ী এখন আহি পোৱাৰ কথা আছিল, আগতে কৈ থোৱা মতে আপুনি জালুকবাৰী চাৰিআলিত থিয় হৈ আছে, ঘড়ীত পাঁচ বাজি দহ মিনিট গৈছে, উৎকণ্ঠাত আপুনি ইফাল-সিফাল কৰিছে, ছয় বজাত আপুনি ৰঙিয়া পাবগৈ লাগিছিল, মালিগাঁৱৰ ফালৰপৰা অহা প্ৰতিখন গাড়ীৰ ৰং আৰু নম্বৰপ্লেটলৈ চাইছে, প্ৰতিটো হৰ্ণৰ শব্দত আপুনি সচকিত হৈ উঠিছে; নাই! এবাৰ এখন গাড়ীয়ে হয়তো গতিবেগ কমাই আপোনাৰ নিচেই কাষতে ৰওঁ ৰওঁ কৰিছিল, কিন্তু সেইখনো নহয়। ছেঃ!

 এনেকুৱা হয়েই। মই কিমানবাৰ এনেকুৱা অপেক্ষাৰ চিকাৰ হৈছোঁ তাৰ হিচাপে মই হেৰুৱাই পেলাইছোঁ।

 নিজৰ জেপৰ পইচাৰে বেলকনিৰ তিনিটা টিকেট কাটি ছিনেমা হলৰ বাৰাণ্ডাত বন্ধু দুজনলৈ ৰৈ আছোঁ, শ্ব’ আৰম্ভ হৈ গৈছে, সিহঁত দুটাৰ খবৰেই নাই! কি কৰোঁ এতিয়া? গেটকিপাৰক মোৰ সমস্যাটো বুজাই দি নিজৰ আসনত বহি থাকোগৈ নে কাউণ্টাৰৰ ওচৰত ৰৈ থকা অইন গ্ৰাহকক টিকেট তিনিটা বিক্ৰি কৰি ঘৰলৈ উভতি যাওঁ? খং উঠে। ভীষণ ধৈৰ্যচ্যুতি ঘটে। পাছত খবৰ লৈ গম পাওঁ যে এজনৰ সঁচাকৈয়ে অসুবিধা হৈছিল, আনজনৰ হেনো দুপৰীয়াৰ ভাতসাঁজ খাই কিবা এটা এলাহ লাগিল।

 এফালে ওলাই যাবলগীয়া আছিল, কিন্তু গাখীৰ দিয়া গুৱালটো আহি পোৱাহি নাই; ছছপেনটো ক'ৰবাত উলিয়াই থৈ যাব পাৰোঁনে? গতিকে ৰৈ থাকক।

 এসময়ত তিনিৰ পৰা চাৰে তিনিবজাৰ ভিতৰত শ্বেখ ব্ৰাদাৰ্ছ নামৰ দোকানখনৰ সন্মুখত শিৱাংগীয়ে মোক ৰৈ থাকিবলৈ কৈছিল, কিন্তু চাৰে তিনি বাজি গ'ল বুলিয়েই মই তাৰ পৰা আঁতৰি আহিব পাৰোঁনে? কিজানি ছিটিবাছখন ট্ৰেফিকজামত ফচি গ'ল! কিজানি কোনোবা আলহীক বহুৱাই চাহ দুকাপ কৰিবলগীয়া হ'ল! হ’বওতো পাৰে! [ ৪৫ ] সেইবোৰ দিনত ৰৈ থকাটো মোৰ বাবে এটা এৰাব নোৱৰা নিচাৰ দৰে হৈ পৰিছিল। আৰু এতিয়া?

 এতিয়া মই অফিছ ছুটীৰ পাছত পাণবজাৰৰ মহামায়া ৰেষ্টুৰেণ্টৰ এচুকত বহি নিশ্চিন্তমনে পদপথৰ মানুহবোৰলৈ চাওঁ, বাহিৰখনৰ ব্যস্ততালৈ চাওঁ, টেবুলত দি থৈ যোৱা চাহগিলাচত এনে তৃপ্তিত শোহা একোটা মাৰোঁ যেন সেয়া চাহ নহয়, অমৃত! ময়ূৰ কাকতি আহে, পদপথত থিয় হৈ কাৰোবালৈ ৰয়, চাহ এগিলাচ খায়, তাৰ পাছত মোলৈ চাই সম্ভাষণৰ হাঁহি এটা মাৰি গুচি যায়। কিশোৰদা ‘টাইমছ অৱ ইণ্ডিয়া’খন লৈ মহামায়াৰ চাৰিআলিৰ দাঁতিত এখন্তেক থিয় হয়, হয়তো এনেয়ে, তাৰ পাছত ছিগাৰেট এটা জ্বলাই লাহে লাহে আঁতৰি যায়। অসংখ্য মানুহ আহে, কলেজৰ ছাত্ৰ-ছাত্ৰী আহে। আলোচনী কিনিবলৈ আহে, আহি কিছুসময় ৰয়। হয়তো এনেয়ে ৰয়, কিন্তু এনেকুৱা লাগে যেন কাৰোবালৈ ৰয়।

 এই সকলোবোৰতে মোক আমোদ দিব পৰাকৈ একো একোটা উপাদান থাকে। নিৰপেক্ষ দৰ্শকৰ দৰে মই যেন গেলেৰিত বহি প্ৰতিটো দলৰ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ প্ৰশংসা কৰোঁ, প্ৰতিজন খেলুৱৈৰ নৈপুণ্যত মনে মনে পুলকিত হওঁ। মোৰ আন কোনো ভূমিকা নাথাকে। মই মাথোন মহামায়া ৰেষ্টুৰেণ্টৰ এচুকত বহি মানুহৰ অহা-যোৱা চাওঁ, মানুহৰ ৰৈ থকা চাওঁ।

 কিন্তু এদিন, হঠাতে অহা এজাক বৰষুণৰ পৰা হাত সাৰিবলৈ মহামায়াৰ বাহিৰৰ পদপথত ৰৈ থকা, সাতাইছ-আঠাইছৰ ওচৰ চপা ছোৱালী এজনী লৰালৰিকৈ দোকানখনৰ ভিতৰত সোমাল। আৰু মই প্ৰায় বুৰ্বকৰ দৰে তাইক কৈ পেলালো,— “মই আগতেও আপোনাক এইখিনিতে কেইবাদিনো ৰৈ থকা দেখিছোঁ।”

 তাই অকণ বিব্ৰত হ’ল। বিব্ৰত হওঁতে তাইৰ মুখখন অলপ কমনীয় হৈ উঠিল। সেই কমনীয়তা মোৰ ভাল লাগিল। এনেকুৱা লাগিল যেন শিৱাংগীক পাহৰি থাকিবলৈ মোক এনে এক কমনীয়তাৰ দৰকাৰ।

 তাই একো নক’লে। নাহাঁহিলেও। মুঠতে তাই অকণো ভদ্ৰতা নেদেখুৱালে। বৰষুণ কমিছিল। পেনছিল হিলৰ খট খট শব্দ কৰি তাই নাগকটা পুখুৰীৰ পাৰৰ ৰাস্তাটোৰে গুচি গ'ল।

 শিৱাংগীয়ে ফ্লেট ছেণ্ডেল পিন্ধিছিল; হয়তো এতিয়াও পিন্ধে। তাই খোজ কাঢ়োতে হঠাৎ কোনোবা কেতিয়াবা, এপাট ছেণ্ডেল চুঁচৰি যোৱাৰ শব্দ হৈছিল; হয়তো এতিয়াও হয়। ইমানদিনে সেই চুঁচৰি যোৱাৰ শব্দটোৱেই ভাল লাগি আছিল। এতিয়া হঠাৎ এনেকুৱা লাগিল যেন খট খট শব্দটোও দেখোন সিমান বেয়া নহয়। ক’ত বা থাকে? কি বা নাম তাইৰ?

[ ৪৬ ]  তাৰ পাছত এদিন মোৰ মনটোৰে গোটাব পৰা সকলো শক্তি আৰু সাহস ওঁঠত থূপ খুৱাই তাইক ক’লো,— “আপোনাক এই চছমাযোৰেৰে ভাল নালাগে। ফ্ৰেমটো সলাই ল’লে ধুনীয়া দেখিব। সিদিনা বৰষুণত আপুনি চছমাযোৰ খুলি হাতত লওঁতে আপোনাক ধুনীয়া দেখিছিলো।”

 “ধন্যবাদ। তথাপি এই ফ্ৰেমটো মই নসলাওঁ।”

 “কিয়?”

 “এইটো ফ্ৰেম অনাময়ে ভাল পায়। আপুনি তেওঁক দেখিছে? মই তেওঁৰ কাৰণে প্ৰায়েই ইয়াত ৰৈ থাকোঁ।”

 মই অনাময় চৌধুৰীক দেখা নাই। খবৰ লৈ জানিব পাৰিছোঁ, তেওঁ জীৱন বীমা কোম্পানিৰ ফাঁচীবজাৰ শাখাত চাকৰি কৰে। মানুহটোৱে নিয়মিত স্বাস্থ্যৰ যত্ন লয়, জেমছ হেডলি ছেজৰ কিতাপ পঢ়ে আৰু অফিচ ছুটীৰ পাছতো অফিছৰ কাম কৰি ভাল পায়। সম্প্ৰতি তেওঁ নয়নাক লগ পাবলৈ অফিছ ছুটীৰ পাছত মহামায়া ৰেষ্টুৰেণ্টৰ ফালে লাহে লাহে খোজকাঢ়িবলৈ অভ্যাস কৰিছে।

 তেনেহ’লে নামটো হ'লগৈ নয়না! এই নামটো আৱিষ্কাৰ কৰাৰ আঠদিন পাছত ছোৱালীজনীক আকৌ ৰৈ থকাত পালো।

 “এইকেইদিন ক’ৰবালৈ গৈছিল?”

 “নাই যোৱা। ৰ’বলগীয়াহে হোৱা নাছিল।”

 “কিয়?”

 “অনাময় অফিছৰ কামত কলিকতালৈ গৈছিল।”

 “আপুনি ইমান আগতীয়াকৈ আহি ৰৈ থাকে কিয়?”

 “মই ঠিক সময়তেই আহোঁ। তেওঁহে পলম কৰে।”

 “ভালেই কৰে। ময়ো শিৱাংগীৰ কাৰণে এসময়ত এনেকৈ ৰৈ থাকিবলগীয়াত পৰিছিলো।”

 “এতিয়া?”

 “এতিয়া,— মানে কিছুদিনৰ পৰা—ময়ো আপোনাৰ অনাময় অহালৈ বাট চাবলৈ শিকিছোঁ।”

 এই বাক্যটোত তাইৰ কোনো প্ৰতিক্ৰিয়া দেখা নগ'ল। শিৱাংগীয়ে বুজি পাবলৈ এনে এষাৰ কথাই যথেষ্ট আছিল। কিন্তু যোৱা ন-দহ বছৰত ডেকা ল'ৰা-ছোৱালীৰ পৃথিৱীখন যথেষ্ট সলনি হৈ গৈছে। সেইযে কায়দা লগাই কথা কোৱা আৰু লিখাৰ চতুৰালি, সেইযে চিঠিৰ কটাকটি আৰু অ'ভাৰ ৰাইটিং, সিবিলাকৰ অৰ্থ উলিওৱাৰ চেষ্টা আৰু ব্যৰ্থ চেষ্টা, [ ৪৭ ] — হঠাৎ যেন সেইবোৰ নোহোৱা হৈ গৈছে। এতিয়া যেন অভিমানৰ বাবেও আহৰি নাই, অপেক্ষাৰো অৱকাশ নাই। এতিয়া টেলিফোন নামৰ যন্ত্ৰ এটাৰ দুই প্ৰান্তত আৱেগ- অনুভূতিহীন হৈ দুটা মানুহে যন্ত্ৰৰ দৰে কথা পাতে, খবৰ লয়, হায় হেল’ কৰে। টেলিভিছন নামৰ বাকচ এটাৰ সমুখত নিশ্চল হৈ ঘণ্টাৰ পাছত ঘণ্টা বহি থাকে। নিজাকৈ চিন্তা কৰিবলৈ, নিজাববীয়াকৈ একোটা সিদ্ধান্ত ল'বলৈ তেওঁলোক যেন অপাৰগ।

 নয়নাক কথাষাৰ পোনে-পোনে ক’ব লাগিব। সেই মহামায়াৰ সমুখৰ পদপথৰ ওপৰত থিয় হৈয়েই তাইক এদিন ক’ব লাগিব, — চোৱা নয়না, এই অনাময়-চনাময় বাদ দিয়া, মই তোমাক প্ৰ’পজ কৰিলো, সেই মানুহটোৱে তোমাক ঠিকমতে সময় দিব নোৱাৰে, মোৰ তোমাক ভাল লাগিছে, বিয়া কৰাবলৈ মন গৈছে, মই অমুক অফিছত পুৱা দহ বজাৰ পৰা আবেলি চাৰি বজালৈকে চাকৰি কৰোঁ, মোৰ দৰমহা এতিয়া ইমান, দুমাহ পাছত ইনক্ৰিমেণ্ট হ’ব, তুমি কি কোৱা?

 হয়, সেই কথাখিনিকে সামান্য ইফাল-সিফাল কৰি এদিন সঁচাকৈয়ে তাইক কৈ পেলালো। যিখন হাতেৰে তাই মোৰ গালত এটা পূৰ্ণহতীয়া চৰ মাৰিব পাৰিলেহেঁতেন সেইখন হাতত আছিল ভৰালী ব্ৰাদাৰ্ছৰ পৰা কিনা এটা কেছেটৰ পেকেট। আনখন হাতেৰে তাই কপালত পৰি থকা চুলিকোছা আঁতৰাবলৈ এটা বৃথা চেষ্টা কৰিলে, তাৰ পাছত সামান্য হাঁহি তাই ক’লে,—“নহ’ব। আপুনি দুমাহমান পলম কৰিলে।”

 যেন ক’তো অকণো অন্যায় হোৱা নাই! তেনেই স্বাভাৱিকভাৱে যেন ছেলছমেন এজনে মই বিচৰা ধৰণৰ জোতা এযোৰ দিব নোৱাৰি ক'লে,— “নাই, ষ্টক নিল, আপুনি দুদিন পলম কৰিলে, অহা সপ্তাহত এবাৰ খবৰ কৰক।”

 মই সামান্য ব্যথিত হৈছোঁ। মোৰ অংক মিলা নাই। কিন্তু মইযে জানি-শুনিয়েই নিমিলা অংকটো পাতি চেষ্টা কৰি আছিলো, সেইকথা ভাবি নিজকে সান্ত্বনা দিছোঁ। তাইৰ লগত আকৌ সহজ হ’বলৈ চেষ্টা কৰিছোঁ।

 “কেছেট কিনিলে?”

 “অঁ। সুখবিন্দৰ সিঙৰ ভাঙৰা-পপ। অনাময়ে ভাল পায়, ময়ো ভাল পাওঁ।”

 “আপোনালোকৰ ৰুচি-অভিৰুচিৰো মিল আছে!”

 “বহুত। আমি দুয়ো কাণ্ট্ৰি ছং শুনো, পপ শুনো, ছালমান খানৰ অভিনয় ভাল পাওঁ, শ্বাংহাই ৰেষ্টুৰেণ্টৰ চিকেন চাও আমাৰ দুয়োৰে ফেভাৰেট আৰু আপুনি বিশ্বাস কৰিবনে, —আমাৰ দুয়োৰে চয়াবিন, স্কোৱাছ, পনিৰ আৰু পাউৰুটী সাংঘাতিক অপছন্দ।”

 “বাঃ, ভালেই।”

 “আপোনাৰ?”

[ ৪৮ ]

 “সঁচা ক’বলৈ গ’লৈ ম‍ই ছালমান খানৰ অভিনয় বেয়াই পাওঁ। আনহাতে খাদ্য সম্পৰ্কে মোৰ কোনো আপত্তি নাই; অৱশ্যে পায়স, মাংস আৰু ফুলা ফুলা লুচি দেখিলে লোভ লাগে। সংগীতৰ ভিতৰত ছফট মিউজিক বা লাইট ক্লাছিকেল হ’লে শুনি থাকিব পাৰোঁ। কিন্তু কান্ট্ৰি ছং কোনবিলাকক কয়, মই তাকেই নাজানো।”

 মোৰ কথাখিনি শুনি থাকোঁতেই বোধহয় তাই অন্যমনস্ক হৈ পৰিল। তাইৰ চৌপাশৰ দৃশ্যপটলৈ এটা উদগ্ৰীৱ দৃষ্টিৰে চাই তাই যেন অলপ বিমৰ্ষ হৈ পৰিল। তাৰ পাছত, এটা বিৰক্তিসূচক অভিব্যক্তি প্ৰকাশ কৰিবলৈ মুখৰ ভিতৰতে তাই এটা শব্দ অস্পষ্টকৈ উচ্চাৰণ কৰিলে,—“ব’ৰিং।”

 “কি ক’লে?”—নিশ্চিত হ’বলৈ মই সুধিলো।

 “নাই, আপোনাক কোৱা নাই। এই অনাময়ডালে ইমানযে পলম কৰিছে, ৰাবিশ্ব। এনেকৈ ৰৈ থাকিবলৈ একদম ভাল নালাগে বুজিছে?”


 সিদিনা অনাময় নাহিল। তাৰ দুদিন পাছত,—পৰহি,——নয়নাই মোৰ আগত ঘোষণা কৰিলে যে তাই আৰু অনাময়ৰ কাৰণে নৰয়। কেতিয়াও নৰয়। কথাবোৰ তাই নতুনকৈ ভাবি চাইছে। তাই কৈছে, “সদায় এইবোৰ সহ্য কৰি থাকিব নোৱাৰি। মই তেওঁক টেলিফোনত জনাই দিছোঁ। আপুনি মোৰ কথা বুজিব। সিদিনাযে আপুনি মোক প্ৰ’পজ কৰিছিল, মই কিন্তু ৰাজী আছোঁ।”

 “কিন্তু পপ ছং আৰু চয়াবিন-স্কোৱাছৰ কি হ’ব?”

 “সেইবোৰেৰে এনেয়েও সংসাৰ নচলে। খাপ খুৱাইহে চলিব লাগে! ময়ো ক্লাছিকেল মিউজিক শুনিবলৈ চেষ্টা কৰিম। চয়াবিন আৰু স্কোৱাছ খাম।”

 “বৰ ভাল কথা। ময়ো আপোনাক শ্বাংহাই ৰেষ্টুৰেণ্টত চিকেন চাও খুৱাম। ছালমান খানৰ ছিনেমা চাই চাই আপোনাৰ কাষত বহি থাকিম।”

 “ধন্যবাদ। তেনেহ'লে পৰহিলৈ চাৰে চাৰি বজাত লগ পাম?”

 “ক’ত?”

 “ইয়াতেই।”


 সময় দিয়ামতে মই মহামায়াৰ সমুখৰ পদপথত থিয় হৈ আছোঁ। চাৰি বাজি পঞ্চলিছ মিনিট গৈছে, পাঁচ বাজিছে; চিনাকি-অচিনাকি অনেক মানুহ ৰাস্তটোৰে পাৰ হৈ গৈছে, পাঁচ বাজি পোন্ধৰ মিনিট গৈছে, একপ্ৰকাৰ অস্বস্তি, শিৱাংগীৰ কথা মনত পৰিছে, পেনছিল হিলৰ শব্দ এটা কাণত পৰিছে, নয়না নেকি– নহয়, অইন কোনোবা, ময়ূৰ কাকতি চাহ [ ৪৯ ] খবলৈ সোমাইছে, সোমাওঁতে মোলৈ চাই হাঁহি মাৰিছে, ময়ো হাঁহিৰে প্ৰত্যুত্তৰ দিছোঁ, আকৌ ঘড়ীলৈ চাইছোঁ,— পাঁচ বাজি ঊনত্ৰিছ মিনিট তেত্ৰিছ ছেকেণ্ড ...

 নয়না আহি আছে। নাগকটা পুখুৰীৰ পাৰেৰে, ট্ৰিপ্লেকছ পাৰ হৈ, গৌহাটী ডায়েৰি পাৰ হৈ ধীৰ খোজেৰে, নিৰুদ্বেগ-নিশ্চিন্ত মনেৰে।


প্ৰান্তিক, ১ ছেপ্টেম্বৰ, ২০০০