ওভতনি যাত্ৰা আৰু অন্যান্য/এদিন দুৰ্দিন

[ ৩০ ]


এদিন দুৰ্দিন

 আজি আবেলি বাসৱী নাহিল।

 কিনকিনীয়া বৰষুণ, স্বাভাৱিক জীৱন-যাত্ৰা কিছু পৰিমাণে ব্যাহত; গতিকে, ধৰি ল'ব পাৰি যে কিছু চেষ্টাৰ মূৰতো ঘৰৰ বাহিৰ ওলোৱাটো শেষ পৰ্যন্ত হয়তো সম্ভৱ নহ'ল। ঠিক তিনি বজালৈকে ৰৈ নাথাকি তাই যদি আধাঘণ্টা আগতেই ঘৰৰ পৰা ওলাই আহিলহেঁতেন তেন্তে গোটেই ঘটনাটোৱেই বেলেগ হৈ গ'লহেঁতেন। আঢ়ৈ বজাত বৰষুণ নাছিল। অনেক সময়ত মানুহ আগতীয়াকৈ ওলাই যায়। বৰষুণৰ সম্ভাৱনা থাকিলেতো যায়েই।

 চাৰে চাৰি বজাত ৰামানুজ অধৈৰ্য হৈ উঠিল। পাঁচ বজালৈকে তাৰ আৰু ঘৰত সোমাই থাকিবলৈ মন নগ'ল। কিছুসময় ৰৈ, ৰেইনকোটটো পিন্ধি সি ৰাস্তালৈ ওলাই গ'ল।

 অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ এটা চেঁচা-চেঁচা ভাব। এই সময়ত বাৰিষাকালৰ দৰে বিৰামহীনভাৱে বৰষুণ পৰি থকাৰ কথা নহয়। ক’তো ওলাই যাব নোৱৰাকৈ বতৰটোৱে পেনপেনাই থকাৰ কথা নহয়। ইমান সময়লৈ আকাশখন মুকলি হৈ যাব লাগিছিল। কিন্তু বংগোপসাগৰত হঠাতে হয়তো উদ্ভৱ হৈছে এটা বিৰক্তিকৰ নিম্নচাপ, ৰামানুজক দুখ দিয়াৰ বাহিৰে যাৰ আন কোনো উদ্দেশ্য নাই, বাসৱীৰ সৈতে কটাব খোজা এটা আবেলি নষ্ট কৰি পেলোৱাৰ বাহিৰে যাৰ আন কোনো লক্ষ্য নাই।

 বংগোপসাগৰৰ ওপৰত ৰামানুজৰ খং উঠিল। কিন্তু সেই মুহূৰ্ততে তাৰ এইটো উপলব্ধিও হ’ল যে বতৰৰ এই দুৰ্যোগ সত্ত্বেও বাটলৈ মানুহ ওলাই নোযোৱাকৈ থকা নাই। কাম থাকিলে মানুহ বাটলৈ ওলাবই। তেনেহ'লে ৰামানুজক লগ পোৱাটো বাসৱীৰ জানো এটা কাম নহয়! নৈমিত্তিক ছুটী লৈ বহি থাকিলেও কোনো জৰুৰী কামৰ অজুহাতত তাইৰ অফিছৰ মুৰব্বীয়ে মাতি পঠিওৱা সময় এছোৱাত এনেকুৱা বৰষুণে তাইক জানো ৰখাই থ'ব পাৰিব? অতি ঘনিষ্ঠ বান্ধৱীজনীৰ সৈতে চিনেমা এখন চাবলৈ ওলোৱাৰ মুহূৰ্তত এনে এজাক আপদীয়া বৰষুণে তাইক জানো গৃহবন্দী কৰি ৰাখিব পাৰিব?

 ভিতৰি-ভিতৰি তাৰ এটা অভিমান হ’ল, কিন্তু বাসৱীৰ ওপৰত তাৰ খং নুঠিল।

[ ৩১ ] বোধকৰোঁ বাসৱীৰ ওপৰত খং কৰা নাযায়। হয়তো ক'ৰবাত এটা অবিচাৰ হৈছে, ক'ৰবাত এটা বিজুতি ঘটিছে; অথচ তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাযায়।

 এনেকুৱা বতৰত ৰামানুজে মাংস খাই ভাল পায়। কিন্তু অকলশৰীয়াকৈ থকা এটা মানুহৰ পক্ষে মাংস ৰান্ধি খোৱাটো সিমান সুবিধাজনক নহয়। খাদ্যৰসিক আৰু দুৰ্দান্ত লোভীসকলৰ ক্ষেত্ৰত কথাটো নিশ্চয় সুকীয়া। ৰামানুজক অৱশ্যে সেই প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। এনে ধৰণৰ মানুহে খোৱা-বোৱাৰ ক্ষেত্ৰত সততেই এটা শ্বৰ্টকাট বিচাৰে। আৰু পৃথিৱীত কণী নামৰ বিস্ময়কৰ আৰু উপাদেয় বস্তুবিধ থকালৈকে ক'ৰবাত মেছ কৰি থকা কলেজীয়া ছাত্ৰ-ছাত্ৰী, খবৰ কাগজত চাকৰি কৰা ডেকা সাংবাদিক, কোম্পানিত শ্বিফ্‌ট ডিউটি কৰা অবিবাহিত যুৱকসকলৰ আন শ্বৰ্টকাটৰ বিষয়ে চিন্তা কৰাৰ বিশেষ প্ৰয়োজন নাই।

 কিন্তু এদিন এটা নিজঞ্জাল গধূলি, অনেক অৰ্থহীন কথাৰ মাজত বাসৱীয়ে ক'লে যে মাংস ৰন্ধা কথাটোত তেনে কোনো জটিলতা নাই। পাত্ৰটো জুইৰ ওপৰত তুলি দিয়াৰ আগতে মাংসখিনি কিহেৰে আৰু কেনেকৈ সানি লৈছা তাৰ ওপৰতেই নিৰ্ভৰ কৰিব তোমাৰ মাংসবাটিৰ ভৱিষ্যৎ।

 “সেইটোৱেইতো টান কথা।”

 “একো টান কথা নহয়।”

 “কাৰবাৰটো টাইম কনজিউমিং।”

 “মুঠেও নহয়। এদিন মই তোমাক কম সময়তে ৰান্ধি দেখুৱাম।”

 ৰামানুজৰ ঘৰলৈ আহি তাৰ পাকঘৰত সোমাই এদিন বাসৱীয়ে মাংস ৰান্ধিব; শাৰীৰ আগটো কঁকালত খুঁচি লৈ তাই এবেলাৰ বাবে এজনী গৃহিণী হৈ পৰিব; গৰম মছলাৰ বাবে যাৱতীয় উপাদান বিচাৰি তাৰ পাকঘৰৰ ৰেকৰ টেমাৰ ঢাকনিবোৰ এফালৰ পৰা তাই খুলিব আৰু বন্ধ কৰিব;— এই গোটেই ঘটনাটোত ৰামানুজৰ বাবে আছে এটা বুজাব নোৱৰা পুলক, এটা সাংঘাতিক ধৰণৰ ৰোমাণ্টিকতা। বাসৱীও তাৰ দৰে ৰোমাণ্টিক নে?

 এদিন বাসৱীয়ে কৈছিল যে তাই বৰষুণত তিতি ভাল পায়। বৰষুণত তিতি ভাল পোৱা মানুহবোৰ ভীষণ ৰোমাণ্টিক হয়। কিন্তু কিনকিনীয়া বৰষুণত আজি বাসৱী নাহিল। সেইবুলি তাইৰ ওপৰততো খং কৰিব নোৱাৰি! গতিকে বৰষুণৰ ওপৰতহে ৰামানুজৰ খং উঠিল।

 আচলতে পৰহিৰ পৰাই বতৰটো গোমা হৈ আছিল। পাতলীয়াকৈ দুই -এজাক বৰষুণো [ ৩২ ] পৰিছিল। সিদিনা গধূলি এজোপা সোণাৰুৰ তলত, যৌৱনক প্ৰতিনিধিত্ব কৰা দুটা বিহ্বল প্ৰাণীৰ মাজত যেন মাংস ৰন্ধা সম্পৰ্কীয় এখন চুক্তি গোপনে স্বাক্ষৰিত হৈছিল।

 তাই কৈছিল,—“অলপ পলম হ’ব পাৰে।”

 “পলম নকৰিবা”— সি আধা কৰ্তৃত্ব আৰু আধা অনুৰোধৰ সুৰত কৈছিল।

 “সেইখিনি সময়ত এখন ৰিক্সা পাবলৈ টান”— এটা সম্ভাব্য আহুকালৰ বিষয়ে তাই তাক সোঁৱৰাই দিছিল।

 কথাটো মিছা নহয়। বেয়া বতৰৰ কথাতো বাদেই, ফৰকাল বতৰতো এইখন নগৰত যেতিয়া-তেতিয়াই ৰিক্সা পোৱা নাযায়। কেনেবাকৈ খালী ৰিক্সা এখন পালেও আপোনাৰ ভাগ্য নিৰ্ভৰ কৰিব ৰিক্সাৱালাৰ খেয়াল-খুচিৰ ওপৰত। ৰিক্সাচালকসকলে বাৰু কিয় তেনেকুৱাখন কৰে ! আজি সিহঁতৰ কাৰণেই হয়তো বাসৱীৰ অহা নহ'ল। ৰিক্সাচালক সকলৰ ওপৰত ৰামানুজৰ খং উঠিল। আনকি সিহঁতক লাইচেঞ্চ দিয়া নগৰৰ পৌৰ সভাৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধেও সি মুখৰ ভিতৰতে এবাৰ ভোৰভোৰালে।

 কিন্তু তাই যদি ৰিক্সা বিচৰাই নাছিল? কথাটো যদি এনেকুৱা হয় যে তাই ঘৰৰ পৰাই ওলাব পৰা নাছিল? তেনেহ'লে আৰুনো কি হ'ব পাৰে তাই নহাৰ কাৰণ? অৱশ্যে ইয়াৰ আগতেও কেতিয়াবা কেতিয়াবা নিজে ঠিক কৰি দিয়া দিন আৰু সময় অনুসৰি তাই আহিব পৰা নাছিল। কিনকিনীয়া বৰষুণ, প্ৰখৰ ৰ’দ, সময়ত ৰিক্সা নোপোৱা, সাধাৰণ পানীলগাই আমনি কৰা আদিৰ দৰে তেনেই একোটা তুচ্ছ অজুহাততো ৰামানুজক লগ পাবলৈ তাইৰ অসুবিধা হৈছিল। কিন্তু বাসৱীক আৰু খং কৰি থাকিব নোৱাৰি। ধৰি লোৱা হৈছিল যে প্ৰেম-ভালপোৱাৰ তুলাচনীখনে বৰ সহজে ভাৰসাম্যলৈ আহিবই নোখোজে। কিন্তু এতিয়া আৰু তেনেকৈ ধৰি ল’ব নোৱাৰি। কিয়নো ঘটনাক্ৰম আৰু পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। বাসৱীৰ অস্থিৰতা বাঢ়িছে; ৰামানুজক লগ পোৱাৰ বাসনা প্ৰবল হৈ পৰিছে। বিশ্বাস কৰিব পাৰি যে এতিয়া তাই আৰু অজুহাতৰ আশ্ৰয় নলয়।

 অজুহাত দেখুউৱা মানুহক ৰামানুজৰ ভাল নালাগে। বাসৱীৰ হয়তো এৰাব নোৱৰা ধৰণৰ কিবা এটা অসুবিধা হৈছে। এনে পৰিস্থিতিত, খবৰ এটা লওঁ বুলি, সি নিজেই তাইৰ ঘৰলৈ যাব পাৰিলেহেঁতেন। অথচ বাসৱীয়ে কৈ থৈছে, —এতিয়া নহয়, আৰু কিছুদিন যাওক।

 কিয় তাইৰ ঘৰলৈ যাবলৈ কিছুদিন অপেক্ষা কৰিব লাগে? তাইৰ ঘৰত এটা প্ৰবল প্ৰতাপী দেউতাক আছে; সেই কাৰণে? কলেজ-ইউনিভাৰ্ছিটিৰ চোতাল গচকি নোপোৱা এটা থূলন্তৰ, পালোৱান চেহেৰাৰ ককায়েক আছে; সেইকাৰণে? তাইৰ মাকজনীৰ শ্বাসকষ্ট [ ৩৩ ] নে হাৰ্টৰ ট্ৰাবল, য'ত কোনোপধ্যেই হয়তো ৰিস্ক ল'ব নোৱাৰি; সেইকাৰণে? কিন্তু মাক- দেউতাকে গম নোপোৱাকৈ, ৰাস্তাই-ঘাটে, বাহিৰে বাহিৰে লগ পাই থকা কথাটো অস্বস্তিকৰ নহয়নে? এইটো এটা প্ৰচণ্ড ফাঁকি নহয়নে? বাসৱীয়ে দৃঢ়ভাৱে কয়, “নহয়, এইটো ফাঁকি নহয়। এহাল প্ৰেমিক-প্ৰেমিকাৰ সম্বন্ধত এনেকুৱা হয়েই।”

 হ'ব পাৰে। বাসৱীক তাৰ ভাল লাগে। ভাল লগা মানুহৰ কথাবোৰ বিশ্বাস কৰিবলৈ মন যায়। কিন্তু কেৱল ভাল লাগিলেই মানুহ এজনীক নিজৰ কৰি ল'ব পাৰিনে? লোৱাটো উচিত নে? বাসৱীক ভালকৈ এবাৰ লগ পাব লাগিছিল। অথচ আজি আবেলি বাসৱী নাহিল।

 অক্টোবৰ মাহত আন্ধাৰ সোনকালে হয়। ৰাস্তাত উপায়হীন হৈ বজাৰ-সমাৰ কৰিবলৈ যোৱা কেইজনমান নিশকতীয়া ধৰণৰ মানুহহে সি দেখা পালে। ফগ লাইট আৰু ডিপাৰ জ্বলাই, ৱাইপাৰ দুডালক সক্ৰিয় কৰি উৰ্ধ্বশ্বাসে অহা-যোৱা কৰা কেইখনমান বাহন, গুমটি দোকান এখনত কেৰাছিন তেল আনিবলৈ যোৱা এজনী অপৰিচ্ছন্ন ছোৱালী, ৱাইন শ্বপ এখনৰ বাৰাণ্ডাত ছাতিৰ তলত চুচুক-চামাককৈ দুজন অধ্যাপক। এনে এক বৰ্ষণমুখৰ প্ৰেক্ষাপটত ৰামানুজে ভাবিলে যে ৰেইনকোটটো খুলি সন্ধিয়াৰ এই বিপৰ্যস্ত নগৰীত জুৰুলি-জুপুৰি হোৱাত আপত্তিজনক একো নাই। সেই মুহূৰ্তত অৱশ্যে ছাতিৰ আশ্ৰয়ত থাকিব খোজাঁ, অনবৰতে সুৰক্ষাৰ চিন্তাত ব্যস্ত হৈ থকা মানুহবোৰলৈ তাৰ খং উঠিল। বাসৱী নিশ্চয় তেনেকুৱা নহয়।

 তাই কেনেকুৱা হয় আৰু কেনেকুৱা নহয় সেই কথাটো ভালকৈ জানিবলৈ আজি ৰামানুজৰ এটা সুযোগ ওলাইছিল। আজি বহুত সময় পোৱা গ'লহেঁতেন। কাৰণ বাসৱীয়েতো নিজেই কৈছিল যে মাংস ৰন্ধাত তেনে কোনো জটিলতা নাই। কিন্তু সেই সুযোগটো দিবলৈ আজি বাসৱী নাহিল। ৰামানুজৰ ডিপ ফ্ৰিজত আধা কিলোগ্ৰাম ছাগলীৰ মাংস এতিয়াও তেনেকৈয়ে পৰি আছে।

 কি দৰকাৰ আছিল আধা কিলোগ্ৰাম মাংস কিনাৰ? তাকতো সিমানখিনিৰ প্ৰয়োজনেই নাছিল। বাসৱীয়েনো কেইডোখৰ খালেহেঁতেন! তাৰ হিচাপত আজি গধূলিটো তিনিশ গ্ৰামেৰেই চলি গ'লহেঁতেন। অথচ ধুৰন্ধৰ কচাইটোৱে টাটকা বুলি পতিয়ন নিয়াই তাৰ ওচৰত আধা কিলো মাংস বিক্ৰি কৰিলে। কচাইজনৰ ওপৰত তাৰ এটা পাতলীয়া ধৰণৰ খং উঠিল। খংটো জামৰি যোৱাৰ পাছ মুহূৰ্ততে তাৰ মনলৈ এটা প্ৰশ্ন আহিল, — বাসৱীৰ বাৰু এনেকৈ কেতিয়াবা খং উঠেনে?

 যিবিলাক মানুহৰ খং নুঠে তেওঁলোকৰ বাৰু আৱেগ-অনুভূতি থাকেনে? তেওঁলোকে বাৰু কাৰোবাক ভীষণভাৱে ভাল পাব পাৰেনে? তেওঁলোকৰ বুকুৰ ভিতৰৰ যন্ত্ৰটোত [ ৩৪ ] সঠিক জোখৰ হাঁহি আৰু কান্দোন থাকেনে?

 মানুহ এজনে ঢেকঢেকাই হাঁহিলে। হাতত ৰেইনকোট লৈ বৰষুণত তিতি-তিতি গৈ থকাটো হয়তো এটা হাঁহিবলগীয়া কথাই। দৃশ্যটো হয়তো মাত্ৰাধিক নাটকীয় হৈছে। হওক। কেৱল মঞ্চত কিয়, ৰাস্তাই-ঘাটে মানুহে হেঁপাহ পলুৱাই নাটক চাওক আৰু তামাচা কৰক। কোনোবাই ক’ব পাৰিবনে, — এই পৃথিৱীৰ কোনজন মানুহে অভিনয় নকৰাকৈ আছে? জীৱনৰ একো একোটা দিনত অ'ভাৰ-এক্টিং নকৰাকৈ আছে?

 ভাল নালাগে৷ একো ভাল নালাগে তাৰ এনেকুৱা বাসৱীবিহীন মুহূৰ্তবোৰত।

 মনটো সেমেকি থাকিলে সেইটোক ঠিক কৰিবলৈ ডাঙৰ-ডাঙৰ নগৰীবোৰত কিমানযে উপাদান থাকে, কত যে ব্যৱস্থা থাকে! ইয়াততো সেইবোৰ কল্পনাও কৰিব নোৱাৰি। বিনোদনৰ নামত তাৰ দুকুঠলীয়া ভাৰাঘৰটোত আছে এটা সৰু টু-ইন-ওৱান টে’প-কাম- ৰেডিঅ’, য’ত ইচ্ছা কৰিলে কেছেট বজাই গান শুনিব পাৰি। তাৰ হঠাৎ গান শুনিবলৈ মন গ'ল। কথাটো মনলৈ অহাৰ লগে লগে তাৰ অনাই-বনাই ফুৰাৰ ইচ্ছাটো নাইকিয়া হ’ল। সি ভাবিলে, ঘৰলৈ ওভতা যাওক।


 কিন্তু সি ইতিমধ্যে ঘৰৰ পৰা ভালেমান দূৰত্ব অতিক্ৰম কৰিছিল। সেইখিনিৰ পৰা এটা শ্বৰ্টকাটৰ ব্যৱস্থা হিচাপে সি যিটো বাটেৰে খোজ কাঢ়িবলৈ ল'লে, সেইটো আছিল এটা ঠেক, অনাৱিষ্কৃত গলি আৰু নেৰানেপেৰা বৰষুণৰ পানীত সেইটো কদৰ্য হৈ পৰিছিল; তাক বাট নুবুলি অৱশ্যেই অবাট বুলিব পাৰি। সেই গলিৰ দুয়োকাষে কিছুমান আশ্চৰ্যজনক মানুহৰ বসবাস, য’ত চোতালবোৰ হৈ পৰিছে নৰ্দমাৰ সৈতে একাকাৰ, য’ত কিৰীলি পাৰি উমলি আছে প্ৰ’টিন আৰু ভিটামিনৰ পৃথিৱীখনৰ পৰা বহু আঁতৰত থকা কেইটামান শিশু। স্পষ্ট বুজা যায় যে সিহঁতৰ উখহি থকা পেটবোৰত সহস্ৰ পেলুৰ বসতি; মলিয়ন মূৰবোৰত ওকণিৰ বিশাল সাম্ৰাজ্য।

 নগৰৰ ভিতৰতে এনে এটা অদ্ভুত, বাসৰ অনুপযোগী অঞ্চল থাকিব লাগেনে? ঈশ্বৰৰ মেনেজমেণ্ট সম্পৰ্কে ৰামানুজৰ এনেয়েও উচ্চ ধাৰণা নাই। কিন্তু এইক্ষেত্ৰত তেখেতক অকলে জগৰীয়া কৰাটো নিশ্চয় উচিত কথা নহ'ব। গতিকে ৰাজ্যৰ চৰকাৰখনৰ ওপৰতো ৰামানুজৰ খং উঠিল। অৱশ্যে সমস্যাটো গভীৰভাৱে আৰু বেছি সময়লৈ চিন্তা কৰি থাকিবলৈ তাৰ মন নগ'ল। বৰং ইমান দাৰিদ্ৰ্য আৰু স্বাস্থ্যহীন পৰিবেশৰ মাজতো যে বৰষুণত তিতি উমলি থাকিব পাৰি সেই কথাটোৱে কিছুসময় তাক আচ্ছন্ন কৰি থাকিল।

 পৰিবেশটোৰ সৈতে অভ্যস্ত চাৰিটামান লেৰেলা-চেপেটা কুকুৰে হয়তো এখন ভয়ানক [ ৩৫ ] তৰ্কযুদ্ধত অৱতীৰ্ণ হ'বলৈ যো-জা চলাইছিল। খুব স্বাভাৱিকভাৱেই সিহঁতৰ এটাই ৰামানুজৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিলে আৰু প্ৰাণপণে ভুকিবলৈ আৰম্ভ কৰিলে। চেলেঞ্জটো গ্ৰহণ কৰি দুটামান শিলগুটি বুটলিবলৈ সি যেতিয়া হাওলি মাটিলৈ হাত মেলিলে, তেতিয়া সি মন কৰিলে যে বোকাৰ ছিটিকনিত তাৰ পোছাকযোৰ সঁচাকৈয়ে বিবৰ্ণ হৈ পৰিছে। এনে অৱস্থাৰে বাটৰ কুকুৰ চাৰিটাৰ সৈতে মোকাবিলা কৰিবলৈ যোৱাটো উচিত হ'বনে?

 শেষ পৰ্যন্ত সি পৰিস্থিতিটো চম্ভালি ল'লে। কিন্তু তিতা কাপোৰ এযোৰ পিন্ধি বেগাই খোজ কাঢ়িব পাৰিনে? বাটত যিহেতু মানুহ-দুনুহ কমি আহিছে, গতিকে সামান্য ৰিস্ক এটা লৈ চোলাটো খুলি পেলাব পাৰি। চিন্তাটো মনলৈ অহাৰ লগে-লগে কাপোৰযোৰ তাৰ বেছি গধুৰ যেন লগা হ'ল। অথচ ৰেইনকোট এটা হাতত থকাৰ পাছত ওপৰঞ্চি বোজা কঢ়িওৱা কথাটো বৰ সুবিধাজনক যেন নালাগিল। পৰিস্থিতিটোৰ ওপৰত তাৰ এক ধৰণৰ খং উঠিল।

 এটা ছিগাৰেট খাবলৈ ৰামানুজৰ বৰ মন গৈছিল। কিন্তু ছিগাৰেটৰ দোকান ইতিমধ্যে বন্ধ হ’ল। সামান্য এজাক বৰষুণৰ অজুহাতত ইমান সোনকালে ছিগাৰেটৰ দোকান বন্ধ হৈ যায়?

 ছিগাৰেটৰ দোকানীৰ ওপৰত তাৰ খং উঠিল।

 আৰু কি আচৰিত, এটা বলিষ্ঠ যুক্তিসংগত খং মাৰ নাযাওঁতেই আন এটা ভীষণ খং তুলিবলৈকে যেন নগৰৰ সকলো বিজুলী চাকি হঠাৎ নুমাই গ'ল। চাবলৈ গ'লে ইয়াত আচৰিত হ'বলগীয়া একো নাই। লোডশ্বেডিং নামৰ এই ব্যৱস্থাটোৰ সৈতে নাগৰিক সমাজ খুবেই অভ্যস্ত। তথাপি বিৰক্তি প্ৰকাশৰ নমুনা হিচাপে একোটাহঁত শ্লেষাত্মক, অশ্লীল শব্দই গালিৰ ৰূপ ল’বলৈ তেওঁলোকৰ ওঁঠবোৰত সততেই উকমুকনি তোলে।

 এতিয়া ঘৰত সোমাবলৈ বেগাই খোজ কঢ়া কথাটো যেন অৰ্থহীন হৈ পৰিল। গান শুনাৰ কথা আছিল। গান শুনি-শুনি অনেক স্মৃতি ৰোমন্থন কৰাৰ কথা আছিল। অথচ কি নিষ্ঠুৰভাৱে নগৰৰ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰিছে! এনে এক মানসিক অৱস্থাত মম এডাল জ্বলাই উদ্দেশ্যহীনভাৱে হয়তো এখন চিঠি লিখিব পাৰি, অপৈণত হাতেৰে এটা কবিতা লিখাৰ চেষ্টা কৰিব পাৰি, কিন্তু ফ্ৰিজৰ পৰা উলিয়াই কোনোপধ্যেই হয়তো মাংস ৰান্ধিব নোৱাৰি।

 নগৰৰ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে নিতান্ত অৱধাৰিতভাৱে ৰামানুজৰ মুখেৰে দুটামান অশ্লীল শব্দ ওলাই আহিল। অৱশ্যে নিশাচৰ শ্বাপদ সমাজৰ দৰে এই ক্ষমাহীন অন্ধকাৰৰ মাজতো ঘৰলৈ উভতিবলৈ তাৰ বিশেষ অসুবিধা নহ'ল।

 ঘৰৰ তলাটো খুলিবলৈ চাবিপাট বিচাৰি সি তাৰ পেণ্টৰ বাওঁফালৰ জেপত বাওঁহাতখন [ ৩৬ ] সুমুৱালে। কিন্তু দুৰ্দিনত সামান্য চাবি এপাটেও দেখুৱাব পাৰে অপাৰ মহিমা। নানান ছলনাৰ শেষতো ধৰা দিব নোখোজা নাৰীৰ দৰে সেইপাট ৰুমাল এখনৰ ভাঁজত সোমাই থাকিল আৰু ৰুমালখন উলিয়াবলৈ যো-জা চলাওঁতে বাৰাণ্ডাৰ মজিয়াত এটা সুললিত শব্দৰ সৃষ্টি কৰি অন্ধকাৰত অদৃশ্য হৈ পৰিল।

 সেই মুহূৰ্তত এটা টৰ্চলাইট বিচাৰি সি তাৰ ভাৰাঘৰটোৰ একেখন চোতালতে থকা মালিকপক্ষক আমনি কৰাটো উচিত হ’বনে? গত্যন্তৰ নাই। টৰ্চলাইটটো বিচাৰোঁতে সি মানুহঘৰক বৰ কৌশলেৰে সুধিলে, – সি নথকা সময়ছোৱাত তাক বিচাৰি কোনোবা আহিছিল নেকি। প্ৰশ্নটোত,—খুব বেয়া পৰীক্ষা দি অহাৰ পাছতো ফলাফল ঘোষণাৰ দিনা যে তালিকাখনৰ সৈতে নিজৰ ৰোলনম্বৰটো মিলাই চাবলৈ মন যায়,— তেনেকুৱা ধৰণৰ এটা অদ্ভুত, অৰ্থহীন, স্তিমিত আশা আৰু উৎকণ্ঠাও মিহলি হৈ থাকিল।

 আৰু সেই স্তিমিত আশা আৰু নিৰ্বাপিতপ্ৰায় উৎকণ্ঠাক একেকোবে ক্লাইমেক্সৰ শীৰ্ষবিন্দুলৈ নিবলৈকে যেন এটা আশ্চৰ্যজনক আৰু অনভিপ্ৰেত উত্তৰ আহিল,—বাসৱী আহিছিল।

 সেই বৰষুণ, সেই সাঁ-সাঁ বতাহ, গধূলিৰ নগৰীত ঘটিব পৰা লোডশ্বেডিঙৰ সেই বিড়ম্বনা,— এই সমস্ত বাধা অতিক্ৰম কৰি ৰামানুজক লগ.পাবলৈ বাসৱী আহিছিল। দুৱাৰৰ তলাটো দেখি তাই মানুহ ঘৰৰ পৰা এখিলা কাগজ আৰু এটা কলম বিচাৰিছিল আৰু বাৰাণ্ডাত থিয়ৈ থিয়ে চিঠি এখন লিখি ৰামানুজৰ তলা আঁৰি থোৱা দুৱাৰখনৰ ফাঁক এটাৰে সেইখন তাই সুমুৱাই দিছিল।

 ৰামানুজৰ ভাগৰ লাগি আহিছিল। এনে লাগিছিল যেন বিছনাত বাগৰি দিলেই টোপনিয়ে হেঁচা মাৰি ধৰিব। কিন্তু এই মুহূৰ্তত বৰ স্বাভাৱিকভাৱেই তাৰ স্নায়ুবোৰ সক্ৰিয় হৈ উঠিল। শিথিল হৈ পৰা কোষবোৰ যেন হঠাৎ সতেজ হ’ল। তাৰ ম্লান পৰি থকা মনটো পলকতে জীপাল হৈ উঠিল। বাসৱীৰ প্ৰতি এক ধৰণৰ মৰম-মিশ্ৰিত শ্ৰদ্ধাত তাৰ মূৰটো যেন দোঁ খাই আহিল।

 আৰু প্ৰায় পোন্ধৰ মিনিটজোৰা এটা পূৰ্ণোদ্যম, সুৰুঙাবিহীন কম্বিং-অপাৰেশ্যনৰ অন্তত, —কোনো জনসমুদ্ৰত হেৰোৱা শিশুক ওভতাই পোৱাৰ দৰে,— চাবিপাট যেতিয়া উদ্ধাৰ কৰিব পৰা গ'ল, সেই মুহূৰ্তত ৰামানুজৰ অৱস্থাটো কলেজত নতুনকৈ নাম লগোৱা এজন ধৈৰ্যহীন, ফুকলীয়া প্ৰেমিক যুৱকৰ দৰে হ’ল। উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ কোবত তলাৰ ফুটাটোত সেইপাট সুমুউৱাৰ প্ৰথম কেইবাটাও চেষ্টা ব্যৰ্থ হ’ল। নিজৰ ওপৰতে ৰামানুজৰ এটা মৃদু খং উঠিল।

 অৱশেষত তলা খুলি, এডাল মম আৰু জুইশলাৰ বাকচ বিচাৰি, টৰ্চলাইটটোৰ বাবে [ ৩৭ ] বাৰাণ্ডাত ৰৈ থকা মালিকৰ লগুৱাটোক সেইটো ওভতাই, সি চিঠিখন পঢ়াৰ আয়োজন কৰিলে। তেনেই সংক্ষিপ্ত আৰু ব্যাকৰণ-বৰ্জিত হলেও চিঠিখনত তাই লিখিছে যে তাইৰ মাকৰ অসুখ, দুপৰীয়াৰ পৰা মাকৰ সেই পুৰণি এজমেটিক ট্ৰাবল হঠাৎ বাঢ়ি আহিছে। ককায়েক ঘৰত নাই, দেউতাক কালিয়েই কিবা কামত মহানগৰীলৈ গ'ল। তেওঁৰো আজি ওভতাৰ কথা নাই আৰু ইমানবোৰ অসুবিধাৰ মাজতো তাই আহিছিল ৰামানুজক লগ পাবলৈ, কেৱল ৰামানুজক লগ পাবলৈ।

 বাসৱীৰ প্ৰতি একধৰণৰ কৃতজ্ঞতাত সি যেন গদগদ হৈ পৰিল। হঠাৎ যেন দিনটোৰ সকলো ক্লান্তি আৰু অৱসাদ নোহোৱা হৈ গ'ল। সকলো ভাল লগা হৈ আহিল। সেই নেৰানেপেৰা বৰষুণ, সেই অশান্ত বংগোপসাগৰ, সেই অবাধ্য ৰিক্সাৱালা, সেই সোৰোপা পৌৰসভা আৰু বিদ্যুৎ পৰিষদ, সেই ছিগাৰেটৰ দোকানী আৰু কচাই, সকলোকে তাৰ ক্ষমা কৰি দিবলৈ মন গ'ল। দিনটোৰ সকলো ঋণাত্মক কাৰক নিমিষতে যেন অৰ্থবহ আৰু মোহনীয় হৈ পৰিল।

 কিন্তু ইমান সুন্দৰ, কাংক্ষিত মুহূৰ্ত এটাৰ আনন্দৰ মাজতো এটা কথাত সি চিন্তিত আৰু বিস্মিত হৈ পৰিল। আজি বাসৱী আহিছিল তাইৰ অসুখীয়া মাকজনীক ঘৰত অকলশৰীয়াকৈ থৈ। হয়তো তাই কিবা এটা অজুহাত দেখুৱাইছিল। কি সেই অজুহাত, ৰামানুজৰ এতিয়াই জনাৰ উপায় নাই। কিন্তু আজি এইখন নগৰত নিশ্চিতভাৱেই এটা অন্যায় হৈছিল। এজনী অসুখীয়া মানুহ ভালকৈ উশাহ ল’ব নোৱাৰি অসহায়ভাৱে হয়তো ছটফটাই আছিল। বৰ বেছি, হাততে ঢুকি পোৱাকৈ তেওঁৰ হয়তো আছিল এটা ইনহেলাৰ।

 কিমান নিৰ্মম হ’লে এজনী মাতৃক এনেকৈ এৰি থৈ অহা যায়? কিমান স্বাৰ্থপৰ হ’লৈ এগৰাকী অসুখীয়া মানুহক এনেকৈ এৰি থৈ গুচি যোৱা যায়?

 বাসৱীৰ ওপৰত ৰামানুজৰ ভীষণ খং উঠিল; নহয়, খং নহয়, এটা তীব্ৰ অবিশ্বাস আৰু ঘৃণাৰ ভাব উপজিল।


প্ৰান্তিক, ১ ডিছেম্বৰ, ২০০৩