এজন সঁচা মানুহ/শিক্ষা জীৱন
[ ৭ ]
শিক্ষা জীৱন
জ্যোতি প্রসাদ লাহে লাহে ডাঙৰ হৈ আহিল। দেউতাকে মন কৰিলে পঢ়া শুনাতকৈ সঙ্গীতৰ প্ৰতিহে জ্যোতি প্ৰসাদৰ ধাউতি বেছি হৈ গৈছে। পঢ়াৰ প্রতি অবহেলা কৰা দেখি দেউতাক চিন্তিত হৈ
[ ৮ ] পৰিল। ততালিকে ডিব্ৰুগড়ত থকা বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ ওচৰলৈ পঠিয়াই দিলে। বৰদেউতাকে ডিব্ৰুগড় হাইস্কুলত নাম লগাই দিলে। কিছুদিন যোৱাৰ পিছত তাৰ পৰা আনি ডিব্ৰুগড় জৰ্জ স্কুলত ভৰ্তি কৰাই দিলেহি৷ লাহে লাহে জ্যোতি প্ৰসাদৰ পঢ়াত মন বহিল। পঢ়াত মনোযোগ দেখি দেউতাকে বৰ ভাল পালে আৰু পুনৰ তেজপুৰ হাইস্কুললৈ লৈ আহিল। এইবাৰ জ্যোতি প্ৰসাদ পঢ়াৰ লগে লগে সাহিত্য ৰচনাতো আগৰণুৱা হৈ পৰিল৷ স্কুলৰ পঢ়া নিয়াৰিকৈ কৰি যোৱাৰ মাজতে আজৰি উলিয়াই হাতত কলম তুলি সাহিত্য সৃষ্টি কৰি গল।
১৯২১ চনত মেট্ৰিকৰ বাচনি পৰীক্ষাত জ্যোতি প্ৰসাদ উত্তীৰ্ণ হয়। আৰু ‘চিত্তৰঞ্জন দাস’ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলে। অসমত তেতিয়া কলেজ নথকাত তেওঁ কলিকতালৈ যাব লগীয়া হল। তেওঁৰ নিজৰ জন্মভূমিক এৰি যাবলৈ ইচ্ছা নাছিল৷ ইফালে তেওঁ স্বৰাজ আন্দোলনতো লাগি আছিল। তথাপি উপাই নাপায় উচ্চ শিক্ষাৰ কাৰণে কলিকতা পায়গৈ। কলিকতাৰ নেচনেল কলেজত নাম লিখি কলেজীয়া জীৱন আৰম্ভ কৰিলে৷
আজিকালিৰ দৰে তেতিয়াৰ কলেজবোৰ সূচাৰুৰূপে চলি থকা বিধৰ নাছিল। আই, এ,ৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা অৱস্থাতে কলেজখন বন্ধ হৈ পৰে। সেই কাৰণে তেওঁৰ শিক্ষা সিমানতে সামৰণি মাৰি অসমলৈ পুনৰ ঘূৰি আহিল। এনেয়ে বহি নেথাকি বৰদেউতাক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে চলাই থকা ‘অসমীয়া’ আৰু ‘নিউপ্ৰেছ’ নামৰ বাতৰি কাকতখনি চলোৱাত সহায় কৰি দিয়ে।
শিক্ষা জীৱন অসমাপ্ত হৈ ৰোৱাত জ্যোতি প্ৰসাদৰ মনত অকণো শান্তি নাছিল। উচ্চ শিক্ষাৰ কাৰণে তেওঁৰ বৰ হাবিয়াস হ’ল। তেওঁৰ আধৰুৱা শিক্ষাৰ কাৰণে মাক কিৰণময়ী দেৱীৰ মনতো বৰ দুখ আছিল। অৱশেষত জ্যোতি প্ৰসাদে বিদেশলৈ গৈ উচ্চ শিক্ষা লোৱাৰ কথা
[ ৯ ] ভাবিলে। পােন প্রথমে সাত সাগৰ তেৰ নদীৰ সিপাৰে তেওঁক পঠিয়াবলৈ সকলােৱে আপত্তি কৰিলে। কিন্তু জ্যোতি প্ৰসাদ নিজৰ কথাত অলৰ অচৰ হৈ থাকিল।
মাকে প্রথমে বাধা দিছিল যদিও পুতেকৰ উজ্বল ভৱিষ্যতৰ কামনা কৰি সন্তোষ মনেৰে যােৱাৰ অনুমতি দিলে। জ্যোতি প্ৰসাদৰ মন আনন্দেৰে ভৰি পৰিল।