এজন সঁচা মানুহ/বিদেশত জ্যোতি প্ৰসাদ

[  ]

বিদেশত জ্যোতি প্রসাদ

 ১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতি প্ৰসাদ গৈ ইংলণ্ড পালেগৈ। তাত তেওঁ এডিনবার্গ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি ল’লে। তেওঁ পঢ়া-শুনাত মনপুতি লাগিল।

 ভাৰতবর্ষ তেতিয়া ইংৰাজৰ গােলাম। ইংৰাজৰ অত্যাচাৰত লাঞ্চিতা জন্মভূমিৰ দুখৰ কান্দোন যেন জ্যোতি প্রসাদে সূদূৰ দুৰণিতাে শুনা পালে। স্বদেশৰ মাটিৰ গােন্ধে তেওঁৰ মন বিচলিত কৰি তুলিলে। যিমানে দিনবােৰ আগবাঢ়িবলৈ ধৰিলে, সিমানেই তেওঁৰ হিয়া নিজদেশৰ কাৰণে হাহা‍ঁকাৰ কৰি উঠিল। সেয়ে জাতীয় ভাৱধাৰাৰে ভৰা বহুতাে গীতৰ সৃষ্টি কৰিলে৷ এই গীতবােৰ স্বদেশত থকা ভাতৃ কমলা প্রসাদ আগৰৱালা আৰু গুৱাহাটীৰ শ্ৰীলক্ষ্মীনাথ দাসলৈ প্ৰেৰণ কৰিলে৷ গীতবােৰৰ স্বৰ লিপিও লিখি দিছিল। গীতৰ কথাবােৰ আছিল মনত দেশপ্রেম জগাই তুলিব পৰা তেজাল আৰু অর্থপূর্ণ। স্বৰাজ আন্দোলনত এই গীতবিলাকে বিশেষ ঠাই অধিকাৰ কৰি ল’লে।

 এইদৰেই জ্যোতি প্ৰসাদৰ মন পুনৰ পঢ়াৰ পৰা ফালৰি কাটি আহিল। ফলস্বৰূপে তেওঁৰ প্রথম পৰীক্ষাটোৱেই বেয়া হ’ল। পিছে চৰ্ত অনুসৰি পুনৰ পঢ়াৰ সুযােগ এটা পালে। লাভ কিন্তু একো নহ’ল। গীত আৰু সুৰে আবৰি ৰখা তেওঁৰ মনে কিতাপৰ মাজত সােমাই থাকিব নােৱাৰিলে। তেওঁ মনে মনে ভাবিলে তেওঁ যি শিক্ষা গ্রহণ

[ ১০ ] কৰিছে সেই শিক্ষাই কেৱল এটা ডাঙৰ চাকৰি কৰাতহে সহায় কৰিব। বিদেশত লিখা-পঢ়া শিকি তেওঁ ইংৰাজৰ তলত চাকৰি কৰিবলৈ মন নকৰিলে৷ সেয়েহে জ্যোতি প্ৰসাদে একাণপতীয়াকৈ সঙ্গীত চৰ্চ্চাত লগাটোকে ঠিক কৰিলে। এগৰাকী ইংৰাজ বৃদ্ধাৰ ঘৰত তেওঁ ঘৰ ভাৰা ল’লে। বৃদ্ধাগৰাকীৰ এখন পিয়ানোও আছিল। জ্যোতি প্ৰসাদে ভালেই পালে। বৃদ্ধা গৰাকীৰ পৰা পিয়ানো বজোৱাৰ অনুমতিলৈ তেওঁ সঙ্গীত সাধনাত নিমগ্ন হৈ পৰিল। জ্যোতি প্ৰসাদে বিদেশৰ নানা সঙ্গীতৰ জ্ঞান থকা মানুহ খিনিক লগ ধৰিলে। তেওঁলোকৰ লগত সঙ্গীতৰ বিষয়ে গভীৰ ভাৱে আলোচনা কৰিলে। বিদেশী সুৰবোৰৰ বিষয়ে অধ্যয়ন কৰি লৈ নিজৰ জতুৱা ঠাঁচৰ লগত বিদেশী সুৰৰ আভাষ সানি এক নতুন ধাৰাৰ অনুপম সুৰ ৰচনা কৰাত মনোনিবেশ কৰিলে। এক অপূৰ্ব সুৰে জ্যোতি প্ৰসাদৰ গীতক মোহনীয়া কৰি তুলিলে৷

 জ্যোতি প্ৰসাদৰ মন দিনক দিনে নতুন নতুন ভাৱধাৰাই উৎসাহিত কৰিবলৈ ধৰিলে। কেৱল গীততে আৱদ্ধ নেথাকি তেওঁ অন্য চিন্তাও কৰিলে। সেই চিন্তা হ’ল বোলছবি শিল্পৰ৷ অসমত তেতিয়ালৈকে বোলছবিৰ নাম ওলোৱাই নাই। সেয়েহে তেওঁ ভাবিলে বোলছবিৰ দৰে মহান শিল্পৰ সহায়তে অসমীয়া ভাষা-সংস্কৃতিক পৃথিৱীৰ ওচৰত দেখুৱাব পাৰিব৷ ভবা মতেই কাম। বোলছবিৰ অধ্যয়নৰ কাৰণে তেওঁ এডিনবাৰ্গৰ পৰা বাৰ্লিনলৈ যাত্ৰা কৰিলে। বাৰ্লিনত তেওঁ ভাৰতীয় বোলছবিৰ বিখ্যাত পৰিচালক হিমাংশু ৰায়ক লগ পালে৷ তেখেতে জ্যোতি প্ৰসাদক প্ৰশিক্ষণ লোৱাত যথেষ্ট সহায় কৰিলে। জ্যোতি প্ৰসাদ বাৰ্লিনলৈ যোৱাৰ কথা গম পাই দূৰৰ মানুহখিনি বিপাঙত পৰিল। তেওঁলোকে জ্যোতি প্ৰসাদক শিক্ষা দীক্ষাই উচ্চ শিক্ষিত হৈ আহিবলৈহে বিদেশলৈ পঠিয়াইছিল। কিন্তু তেওঁ গৈ পুনৰ শিল্প জগতত সোমাই পৰিল। ঘৰৰ পৰা জ্যোতি প্ৰসাদলৈ সঘনে চিঠি যাবলৈ ধৰিলে। অৱশেষত উপায় নাপাই সাত মাহ প্ৰশিক্ষণ লৈয়ে জ্যোতি

[ ১১ ] প্ৰসাদ উভতি আহিবলৈ বাধ্য হ’ল। পিছে তেওঁ নিজৰ কাৰ্য্য সিদ্ধি নকৰাকৈ নেৰিলে। তেওঁ ভাৰতলৈ উভতি অহাৰ বাটত ইউৰোপৰ নানা দেশলৈ গৈ তাৰ শিল্প, সংস্কৃতি, সভ্যতা আদিৰ বিষয়ে ভূ লৈ তুৰস্ক পায়গৈ। তুৰস্কৰ পৰা আৰৱ দেশৰ মাজেৰে আহি মছৌল, বাগদাদ বেবিলন, কাৰাবালা ইত্যাদি বিখ্যাত ঠাইবোৰ ভ্ৰমণ কৰে। তাৰ পিছত বছোৰাৰ পৰা কৰাচী হৈ আহি নিজ দেশ ভাৰতবৰ্ষৰ মাটিত ভৰি থয়হি।