ইমান চনকা ঠুনুকা

ইমান

চনকা

ঠুনুকা

জুনুকা পিন্ধি চৰণত

ৰুণুক জুনুককৈ

নিজৰাৰ দৰে

জুৰজুৰণিৰে

জিৰজিৰণিৰে

কুলকুলনিৰে

ক’লৈ গৈছ বৈ

মৌ মাখিটোৰ

গুণগুণনিৰে

কি গান গাইছ ঐ !


মনত জ্বলা মণিকা

ক্ষণত জ্বলা ক্ষণিকা

মৌ চাওঁতেই নোহোৱা হ’লি

বিজুলি বেগেৰে গ’লি

খন্তেক’লে জ্বলি ৷৷