আহ অ’ অকণি আহ
(আহ অ' অকণি আহৰ পৰা পুনঃনিৰ্দেশিত)
- আহ অ’ অকণি আহ
- আহ অ’ অকণি আহ
- নতুন দিনৰ
- নতুন জীৱনৰ
- ফুলা ফুলনিত হাঁহ,
- আহ অ’ অকণি আহ।
- শেৱালি-নেৱালি পলাশ-পাৰলি
- তগৰ খৰিকাজাঁই
- কেতেকীৰ গোন্ধে মলেমলাই,
- পদুম ফুলিছে ৰঙা নলী বগা
- লেখিবকে পৰা নাই ৷
- শেৱালি-নেৱালি পলাশ-পাৰলি
- নতুন পুৱাৰ পোহৰ জুৰিত উটি
- ফুলাম পালৰ নাৱত হাঁহিছে
- ফুলৰ কোঁৱৰ ফুলৰ কুঁৱৰী দুটি
- নেদেখা নুশুনা নৰুন ফুলৰ
- সিঁচিছে ধুনীয়া গুটি ৷
- নতুন পুৱাৰ পোহৰ জুৰিত উটি
- তই জগাব লাগিব
- ভাৰতৰ জন
- জিনিব লাগিব
- পৃথিৱীৰ মন,
- তই জগাব লাগিব
- তয়ে অসমৰ
- তয়ে ভাৰতৰ
- তয়ে জগতৰ
- তয়ে অভিনৱ জ্যোতি
- তয়েই বালাৰ্জ্জুন
- তবেই বালাৰুণ ৷
- তয়েই বালাৰ্জ্জুন
- তয়ে অভিনৱ জ্যোতি
- মহামহত্বৰ
- চিৰসুন্দৰৰ
- আলোকদীপ্ত অজেয় সেনাপতি
- কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি
- আলোকদীপ্ত অজেয় সেনাপতি।