আমাৰে সখিয়া আকুল বিয়াকুলে

আমাৰে সখিয়া আকুল বিয়াকুলে

        সপোনৰ হাঁহিটি চাই,

সপোনত কোঁৱৰে আহুদি আনিলে

        মতলীয়া সখী খাই !


দিঠকৰ বাতৰি সপোনত মিলিলে

        আছিল সখী বাটে চাই ৷


ফাগুনৰ বতাহে গাতে ছাটি মাৰে...

        গাতে ছাটি মাৰি যায়

(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ

        গাতে উৱাদিহে নাই

        সখীয়াৰে গাতে উৱাদিহে নাই ৷৷