আজু গোপীনাথ পেখলো আঁখি
।। ৰাগঃ কামোদ।। তালঃ পৰি।।
ধ্ৰুং।। আজু গোপীনাথ পেখলো আঁখি।
যমুনাতীৰে ফিৰে ধেনু ৰাখি।।
পদ।। শ্যাম শৰীৰে পীতাম্বৰ শোহে।
লাৱণ্য কোটি মনমথ্ মোহে।।
সুচান্দ বয়নে ঈষত হাসি।
নয়ন ৰাতা উত্পল পাসি।।
কপোলে চন্দন তিলক সাজে।
শোভন অলকাপান্তি বিৰাজে।।
মাতে জলমল ময়ুৰ চূড়া।
কুসুমে ৰঞ্জয় মোহন জুড়া।
কদম্ব কুসুম শ্ৰৱণ মূলে।
কম্ব কণ্ঠে মণি কৌস্তুভ লুলে।
গলে গুঞ্জামণি মুকুতা মালা।।
কনক ভূষণে ভূষিত কালা।।
গোপদ ৰেণু বিৰাজিত অঙ্গে।
বেণু বজাৱত অঙ্গ ত্ৰিভঙ্গে।।
সুস্বৰ উচ্ছায়া পঞ্চম গাৱে।
বঙ্কিম নয়নে ভ্ৰূৱ দুলাৱে।।
নৱীন পীত ধটি কটি মাজে।
কনক মেখলা কিঙ্কিণী বাজে।।
নূপুৰ বাজে পদ অৰবিন্দে।
কহয় মাধৱ গতি গোৱিন্দে।।