আজিৰ কবিতা তাই
খোজ কঢ়া ছন্দেৰে যায় দিঠকলে’,
আহিলে ওলাই
খোজে খোজে নৱ লয়লাস
অভিনৱ ছন্দবিকাশ।
কল্পনাৰ ফুলনিত
সোণালী সপোন দেখি
অত দিন শুই থাকি
যন্ত্ৰৰ গুম্‌গুমনিত সাৰ পায়।
দেখে...
আকাশেদি উৰি যায়
যন্ত্ৰবিমান ;
শুনে....
বাজে খৰ্‌খৰণিৰে ৰেডিঅ’ৰ গান ৷
খুলি থৈ সোণখাৰু
কঙ্কণ......
গাৰ পৰা মচি থৈ
কুঙ্কুম - চন্দন;
ৰেলৱে – ট্ৰেইনৰ
তৃতীয় শ্ৰেণীত উঠি
বনুৱাৰ - হজুৱাৰ গাঁৱলৈ যায়,
শাক - ভাত খায় ৷
ম’তা সাজ পিন্ধি তাই
ফুকাৰিছে.....
বিপ্লৱী বিকুল ৷
কম্পমান সাগৰৰ ইকুল - সিকুল।
ধূলিলৈ নামি যায় ....
মাইনত নামি চাই
কাৰখানা ফেক্টৰীত ভূমুকিয়াই ;
সুন্দৰৰ ৰাজ্য দেখি থানবান
আজি কবিতাৰ অভিমান ৷
কপালৰ গাঁথি থোপাকৈ
চকুত জ্বলাই তোলে এক নৱজ্যোতি
নতুন দিনৰ তাই নতুন পোছাক পিন্ধি
আজি ৰূপৱতী ৷
বাল্মীকিৰ দিনৰে তাই
চিৰনবীনা
চিৰযৌৱনা
যুগাগ্ৰদূতী॥