অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন শুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখনি এবাৰ
হেঁপাহ মোৰ পলোৱা নাই।