অসমৰ নবীন জোৱানৰ সঙ্কল্প
জাগোঁ মই –
অসমৰ নবীন জোৱান ,
বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিমান
জাগোঁ মই অসমৰ অজেয় জোৱান ৷
কোন তই গচকি খচকি দিছ,
মোৰ চোতালতে আহি
কৌটিকলীয়া অধিকাৰ
সাৱধান, হ’বি সাৱধান !
মৃত্যুৰে পতালোঁ সখি মই
লাচিতৰ তৰোৱাল লৈ
জীৱনৰ নৱতম শৰাইঘাটত
আজি মোৰ ৰণসজ্জা,
দিম তেজ
দিম মাংস
দিম অস্থিমজ্জা ৷
লাখ লাখ নবীনৰ
বলি যাব প্ৰাণ
সাৱধান--- সাৱধান !
জাগোঁ মই অসমৰ নবীন জোৱান ৷
নীলাচল পৰ্ব্বতৰ শিলৰ তলত
যুগ যুগ বহি মই
শুনো লুইতৰ অগ্নিৰাগ ;
নিজৰ কলিজা চিৰি
আঁজলিয়ে আঁজলিয়ে
মোৰ ৰঙা তেজেৰে
ৰচিলোঁ সভ্যতা কত
অৰ্পি দিলোঁ অকাতৰে
সুন্দৰৰ চৰণত
ৰক্তজবা সম যজ্ঞভাগ ৷
ভাগৰুৱা পৰাণত তন্দ্ৰা অলস দেখি
কোনে দুৱাৰত আহি
টঙ্কাৰিলি ধনুৰ্ব্বাণ
সাৱধান, অতি সাৱধান !
কনকলতাৰ তপত তেজেৰে
কপালত অঁকা মোৰ
তিলক বহ্নিমান,
বিয়াল্লিছত কৰিছোঁ ৰক্তমান
কৰিছোঁ অগ্নিস্নান ৷
আয়ে দিয়া মোৰ বিহু-গামোচাৰে
গুলি খোৱা তেজ মচি,
ৰণদেৱতাৰ ৰঙা-থাপনাৰ জ্বালাওঁ শলিতাগছি
পুনৰ সষ্টম—সাজু হৈছোঁ
দিবলে’ জীৱন দান ৷
তিলক ডেকাৰ ময়ে সমনীয়া
ময়ে অসমৰ ৰাতি-পহৰীয়া ;
বাপতিসাহোন স্বদেশৰখীয়া
লুইতৰ পাৰৰ ময়ে দুৰ্ম্মদ
অজেয় নৱ-জোৱান ৷
মোৰ অধিকাৰ কোনে গচক-খচক---
সাৱধান, সাৱধান ৷
এহাতেৰে মই
বগা পদুমেৰে
পূজা কৰোঁ সুন্দৰৰ,
আনটি হাতেৰে
চলাই অস্ত্ৰ
ৰোধ কৰি যাওঁ
অবিচাৰ যত
অত্যাচাৰ যত
অন্যায় যত
কদৰ্য্য অসুৰৰ
স্বাৰ্থান্ধ মানুহৰ
পৃথিৱীলে’ অহা নতুন আলোক
ভেটা দিয়া বৰ্ব্বৰৰ ৷
মহামানৱৰ জয়-গান গাওঁ
অসুৰত্ব কৰোঁ ক্ষয় ;
অসত্যক মই শঙ্কা নকৰোঁ
প্ৰতিক্ৰিয়ালৈ সমুলি নডৰোঁ
জানোঁ, জানোঁ, জানোঁ
পৃথিৱীত হ’ব সত্যৰ মহাজয় ৷
এই মহাবিশ্বাসকে লৈ
অন্যায়কাৰীৰ স’তে যুঁজিবলে’
সষ্টম হ’লোঁ মই ৷
ৰণসাজে আজি
সেইহে সজ্জা
দিবলৈ ওলাওঁ অস্থি-মজ্জা ৷
জ্বলিছে বুকত সঞ্চিত অভিমান ;
জাগোঁ---
জাগা আজি অসমৰ
অধিকাৰ ৰাখিবলে’
মৃত্যুঞ্জয় নবীন জোৱান ৷
আজি কোন ক’ত আছ
নিৰ্জীৱ হৈ লুইতৰ পাৰৰ ডেকা !
আঁজলিৰে আজি তেজ বাকি দি
মচিব লাগিব চেকা
তোৰ দুৰ্ভগীয়া জননীৰ ৷
পাহৰি গ’লি নে
শৰাইঘাটত
তয়ে এদিন বলি লৈছিলি
মান ৰাখি অসমীৰ ?
যি কি ধৰ্ম্ম নহওক তোৰ
বামুণ-শূদিৰ যিয়েই নহৱ
হিন্দু বা মুছলমান
বৌদ্ধ হৱ, খ্ৰীষ্টান হৱ
মাথোঁ মনত ৰাখিবি তই অসমৰ ন-জোৱান ৷
নতুন পৃথিৱী গঢ়িবলে’ তোৰ
জাগে আদৰ্শ অতি মহান,
সাম্য-মৈত্ৰী-স্বাধীনতাৰ
আৰু নৱবিপ্লৱৰ
কৰি যাৱ তই
অভিনৱ অভিযান ৷
আন তই কোনো নহৱ, নহৱ
তই মাথোঁ হৱ
নতুন দিনৰ
নতুন মনৰ
নৱজাগৰিত ন-জোৱান
নৱমানৱীয় ন-জোৱান ৷
লুইতৰ দুপাৰে
পথাৰে পথাৰে
কোন কোন গাভৰু আছ,
কোন সপোনৰ কিনো চানেকিৰে
কিনো কেচ্ফুল বাছ ?
অসমৰ সৌ উত্তৰ-পূবে
দক্ষিণে-পশ্চিমে
তই কোন পৰ্ব্বতীয়া
ঊৰ্ধ্বস্বিনী বালা,
কি বনফুলেৰে
লাতুমণিৰে গুঠিছ কিহৰ মালা ?
ফুলৰ চানেকি থৈ দে অ’ আজি
থৈ দে বনৰ ফুলৰ ডলা,
ৰণৰ গোসাঁনী হৈ তই আজি
পৰ্ব্বতে-ভৈয়ামে
ওলা, ওলা ৷
মিথ্যাচাৰৰ ফোৰোহনি মাৰি
আহিছে আসুৰী বল,
অন্যায়, অসত্য যুক্তিৰে তোৰ
ভাঙিব খুজিছে
জাতীয় জীৱনৰ
সোণৰ দ’ল ৷
আজি হেজাৰ বছৰ ধৰি
পৰ্ব্বতে-ভৈয়ামে লগ খাই তই
গঢ়িলি জীৱন যিটি
নানা বিদেশৰ আহিলে যিখিনি
তাকো দিলি তই
যাউতিযুগীয়া প্ৰীতি ৷
নানা ধৰমৰ
নানা কৰমৰ
নানা বৰণৰ
জাতি-উপজাতি গোট খাই,
ৰচিলি সুৱদি ভাষা অসমীয়া
পৃথিৱীত বিচাৰি পাবলে নাই ৷
পৰ্ব্বতৰ নিজৰা, ভৈয়াম নামিলে
ভৈয়ামৰ ডাৱৰে পৰ্ব্বত চুমিলে,
তাতে মিলি গ’লে দেশ বিদেশৰ
আহি কতনা জনে,
অসমৰ মাটিৰে ভাগ্য গঢ়ি যে
বুকুৰ কুটুম হ’লে ৷
এনুৱা নোহোৱা-নোপোজা সমন্বয়
মুখৰ কথাৰে ছিঙি-ভাঙি দি
কৰিব মিছাৰে জয় ???
বুকু পাতি তই ওলাই আহ অ’
পৰ্ব্বতীয়া-ভৈয়ামীয়া
তই অসমীয়া
তই অসমীয়া
তই খিলঞ্জীয়া অসমীয়া ৷