অসমীয়া ভাষাৰ কাৰণে কবিৰ প্ৰাৰ্থনা

ঠুনুকঠানাককৈ অমিয়া বৰষা,

অমাতৰ মাত যেন কোৱা যিটো ভাষা ;

অসমীয়া ভাষা মোৰ বৰ মৰমৰ,

জ্বলন্ত সাধনা মোৰ কত জনমৰ ৷



অগনি অমৃত মৌ ছন্দ গীত গান,

লয় তাল মান মাত্ৰা অলঙ্কাৰ তান ;

শতভঙ্গ নৱৰঙ্গ কাব্য - নিজৰাৰ

নৱৰস বৰষক ধাৰে বাৰিষাৰ ৷



উজ্বলক নৱ ভাৱ তৰা কোটি কোটি,

মোৰ ভাষা-আকাশত নিতে নিতে ফুটি ;

কল্পনা-বনত হওক সবিতা উদয়,

প্ৰচণ্ড প্ৰতিভা জ্বলি জগত বিস্ময় ৷



বসন্ত প্ৰকৃতি সমা হোক মনোবন,

ৰূপে-ৰসে গন্ধে-গানে বিশ্বৰ বোধন ;

চিৰসুন্দৰক নিতে মাগি আছোঁ বৰ,

কামৰূপা ভাষা মোৰ কৰিবা অমৰ ৷



পৃথিৱী লক্ষ্মীৰ হৈ ফোঁট কপালৰ,

জ্বলিব জেউতি জোন যাউতিযুগৰ ৷