অজেয় মোৰ ধুনীয়া সপোন
অজেয়... মোৰ ধুনীয়া সপোন
ফুৰে কাঁইটীয়া বনত
ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা
বৰণৰ উজলি জ্বলে
কাঁইটে ফুটা, জেঙে বিন্ধা
পদুম চৰণত।
তাই এই দিঠকৰ
মুখত সানে
সোণ পোহৰৰ গুৰি
আপচু এই বাস্তৱতেই
ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ বন্তি জ্বলাই
ফুৰে উৰি উৰি।
দুখ-বেজাৰৰ গাঁৱে গাঁৱে
তাই আনন্দৰ, নৱজীৱনৰ, নেদেখা দিনৰ
আগবতৰা কয়
নতুন দিনৰ ন ছোৱালী
আঁকোৱালি লয়।
তাইৰ কাষলৈ আহি, মাতে হাঁহি হাঁহি
তাইৰ শৰাইত থকা, ন সেন্দুৰৰ ফোঁটটো পিন্ধি
তাইক চুমা খাই, সখী পতাই
তাইৰ নাচোন বাগোন দেখি=
ভোল যায় যত
পোহৰ যাত্ৰী দল
আন্ধাৰৰ ব্যাধে
তাইক শৰ কৰি
ভাঙি দিয়ে সমদল।
তেজেৰে ৰাঙলী
ক্ষত বিক্ষতা
মোৰ সপোনে
মোৰ বুকুলৈ আহে,
কোলাত বহি
কথা কয় লাহে লাহে
উচুপি উচুপি
ফেঁকুৰি ফেঁকুৰি
মোৰ মুখলৈ চায়
এই পৃথিৱীত শিল্পী আত্মা
দেখোঁ পাবলৈ নাই।
তাইৰ গাৰ তেজ মোৰ চকুলোৰে
মইয়েই দিওঁ
আলফুলকৈ ধুৱাই।
দুৰ্নিবাৰ সৌ নৱ কিৰণৰ
জন ভৱিষ্যৰ
আগমণিৰ
নেপূৰৰ ধ্বনি শুনি
পঢ়ি শুনাওঁ কালবিজয়ী
তাইৰে সোঁৱৰণী
পিয়াই পিয়াই
অগ্নি সজীৱনী।
শত ব্যাধৰ শৰ সন্ধান
ব্যৰ্থ কৰি তাই
ব্যাধৰ পৃথিৱী ভাঙি চূৰমাৰ কৰি
শিল্পীৰ এক সোণালী পৃথিৱী
গঢ়িবলৈ
মোৰ সপোন বিশ্বকে জগায়।
মোৰ ই সপোন-মুগ্ধ সংগ্ৰামী সতীৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ॥