ভূত নে ভ্ৰম

(Bhut ne bhramৰ পৰা পুনঃনিৰ্দেশিত)
[  ]

ভূত নে ভ্ৰম।
[সংস্কাৰমূলক নাটক]


কলিকতা বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব্ব প্ৰশ্নকাৰ, পৰীক্ষক আৰু ৰেজিষ্টাৰ্ড
গ্ৰেডুৱেট; লণ্ডন ৰয়েল এচিয়াটীক চোচাইটীৰ অনৰেৰী মেম্বৰ; অসম
লেজিচ্‌লেটীভ কাউন্সিলৰ ভূতপূৰ্ব আহোম-প্ৰতিনিধি অনৰেবোল
মেম্বৰ; সদৌ অসম আহোম এচোচিয়েচনবিলাকৰ জেনেৰেল
চেক্ৰেটেৰী; “বিজুলী”, “বন্তি” আৰু “উষা”ৰ
সম্পাদক; অসম সাহিত্যিক সম্মিলনীৰ
পোন্-প্ৰথম সভাপতি;
সাহিত্যিক পেঞ্চনাৰ,
ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা, এম-আৰ-এ-এচ
ৰচিত।



দ্বিতীয় তাঙৰণ।




তেজপুৰ, অসম।
১৮৬২ শক।

বেচ,।৵৹ ডেৰমহা।

[  ]

তেজপুৰ,
লীলা-এজেঞ্চিৰপৰা
গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।


 





কলিকতা,
৮৫নং অপাৰ চাৰকুলাৰ ৰোড, 'ভাৰতমিহিৰ যন্ত্ৰত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত।

[  ]
ভাৱৰীয়াবিলাক।
⸺🢔●🢖⸺

ভূতনাথ বৰুৱা, এম-এ, বি-এল,— সংস্কাৰ-সমিতিৰ সভাপতি।
মুক্তিনাথ ফুকন, বি-এ, বি-এল, —    ,,   ,,    সম্পাদক।
ধৰ্ম্মেশ্বৰ ৰাজখােৱা, বি-এ, ⸺    ,,   ,,    সদস্য।
ফজলুৰ ৰহমান, এল, এম, এচ,—   ,,   ,,    সদস্য।
সোণেশ্বৰ স্বৰ্ণকাৰ, বি-এ, বি-ই ⸺   ,,   ,,    সদস্য।
জালােৱা, হালােৱা, গুৱাল, গৰখীয়া, বাঁৰী, বেজ, নৰীয়া, গঞা, গঞানী,
পােহাৰী, কানীয়া, ভঙুৱা, সন্ন্যাসী, ছেলা ইত্যাদি।

⸺🢔●🢖⸺

[  ]
১। পাতনি।

 অসমীয়া সৰ্ব্বসাধাৰণৰ, বিশেষকৈ অশিক্ষিত গাঁৱলীয়া সমাজৰ মনৰপৰা ভূত-বিশ্বাসমূলক আজন্ম কু-সংস্কাৰ গুচাবৰ অভিপ্ৰায়ে সেই মূল-প্ৰসূত গোটাচাৰেক ভ্ৰম-প্ৰমাদৰ পট আঁকি, এখন নাট অসমীয়া নাটমন্দিৰত মেলাবৰ হাবিয়াহ্‌ এটা ভালেমান দিনৰপৰা লেখকৰ মনত খেলাই আছিল; “ভূত নে ভ্ৰম” তাৰে ফল মাথোন। লেখকৰ পৰি-অহা বয়স চাই, নাটখন ধেমেলীয়া” উপাধি পিন্ধিব যোগ্য নহব পাৰে, সঁচা; কিন্তু তাৰপৰা সমাজৰ গাত পোত্‌‌‌‌ খাই থকা ভূত-ভ্ৰম কিঞ্চিৎমান আঁতৰিলেও তেওঁৰ পৰিশ্ৰম সাৰ্থক হব। প্ৰথম তাঙৰণ ৰাইজৰ আগলৈ উলিয়াই প্ৰমাণ চোৱা হৈছে মাথোন; নাটমন্দিৰাদিত আদৃত হোৱা দেখিলে আৰু শুনিলে, সময়ত ইয়াৰ বহুল উন্নতি সাধিবলৈ মন থাকিল। ইতি—

তেজপুৰ, অসম।
২১ ফাগুন, ১৮৪৬ শক।
বিনীত,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
 
⸺🢔●🢖⸺
[  ]
২। পাতনি।

 গুণগ্ৰাহী ৰাইজৰ নথৈ শলাগ লৈ, ‘ভূত নে ভ্ৰম’ নাটকৰ দ্বিতীয় তাঙৰণ উলিয়াবলৈ ওলালোঁ। কোৱা বাহুল্য মাথোন যে, ৰাইজৰ, বিশেষকৈ নাট্য সমাজৰপৰা আদিৰ আৰু উৎসাহ নোপোৱা হলে, ই ইমান সোনকালে নতুন সাজপাৰ পিন্ধি বাজলৈ ওলাব নোৱাৰিলেহেঁতেন। এই তাঙৰণত নাট-মন্দিৰৰ সুচল বঢ়াবৰ উদ্দেশ্যে, ঠাই বুজি, অলপ অচৰপ বঢ়া টুটা কৰা হৈছে।

“পদ্মকুটীৰ” তেজপুৰ, অসম।
আঘোন, ১৮৬২ শক।
গ্ৰন্থকাৰ
 
⸺🢔●🢖⸺

[  ]

উছৰ্গা।
—●—

মোৰ পুত্ৰপ্ৰতিম
চেনেহৰ মাজিউ জোৱাঁই
শ্ৰীমান্ হৰিনাথ গগৈ, বি-এল, উকীল,
গগৈদেৱৰ কণ্ঠত
ইধাৰি
অপত্য স্নেহৰ সূতাৰে গঁথা
আশীষ্‌-মালা।

⸺🢔●🢖⸺

গ্ৰন্থকাৰ।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )