ৰিফৰ্ম্ম্ সুন্দৰী



ৰিফৰ্ম্ম্ সুন্দৰী
ইণ্ডিয়া অফিচৰ কমাৰ-শালত
বিলাতী ধাতুৰ বিলাতী পাগত
গঢ়িলে ৰূপহী        মণ্টেগু চেমছফৰ্ড
দুজনে হাতুৰী পিটি;
সুন্দ-ঊপসুন্দ        বধৰ কাৰণে
তাহানি গঢ়িছিল যিটি।
ৰিফৰ্ম্ম্ সুন্দৰী        নামেৰে ৰূপহী
ওলাল দিবলৈ ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
ডঁহা চকুযুৰি দেখি গুচে দুখ,
মুগা চুলিটাৰ        কেঁকোৰা-কেকুৰি
বতাহত ধেমালি কৰে,
ইন্দ্ৰধনু যেন        আঁচলখনিয়ে
চকু জাল মাৰি ধৰে ।
ৰূপহীক লৈ        শিয়ান বাঢ়ৈয়ে
সাগৰত মেলিলে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
ঢৌ তুলি তুলি খলক লগাই,
ৰমক-জমক্        আঁচল উৰাই
উজাই আহিল ধীৰে,
সাগৰৰ পাৰ        কঁপাই তুলিলে
দৰ্শক-মণ্ডলীৰ ভিৰে ।
“ৰিফৰ্ম্ম্ আহিছে”        “ৰিফৰ্ম্ম্ আহিছে”
চৌপাশে উঠিল ৰাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
মজিল কতনা, তাৰ সীমা নাই,
শিয়াল-কঁটহীয়া        চুমাৰ-লোভত
কতই এৰিল ভাত;
প্ৰেমৰ ৰসেৰে        হূদয় ভৰিল,
হৰিল মুখৰ মাত ।
কাৰ্য্য-সিদ্ধি দেখি        যুগল বাঢ়ৈয়ে
ভাৰতত চপালে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


আঁতৰি পলাল সন্দেহীৰ দল,
চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে        মিচিকি মিচিকি
গপতে আপোন মনে,
চেনেহ-চুমাৰ        টপাটপ্ আৱাজত
ধুমুহা উঠিল ঘনে ।
নগৰে নগৰে        সুন্দৰী ৰিফৰ্ম্মে
চলালে সবুট পাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।


ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
ৰিফৰ্ম্ম্-জনকে        ঘোষণা কৰিলে
জিলাই ৰ্জিলাই যাকে
অধিক প্ৰজাই        ভোট দি বাছিব
ৰিফৰ্ম্মে বৰিব তাকে।
পণ শুনি লৈ        প্ৰত্যেকে ভাবিলে,
তেৱেঁই মাৰিলে দাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


গোটেই দেশত হ’ল হুলস্থুল,
ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
দুৱাৰে দুৱাৰে        ভোট্-ভোটনি মাথোঁ,
ৰাইজ, মোক দিয়াঁ ভোট্,
নিশ্চয় বোৱাম        গোটেই দেশত
উন্নতিৰ নতুন সোঁত।
ভোটৰ কাৰণে        বক্তৃতা জুৰিলে
গোঁফত দি দি তাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ভোটৰ নিমিত্তে টঙনা-টঙনি,
কত ভোজ-ভাত, ইননি-বিননি।
পাহাৰী ভোটক        তলত পেলালে
ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
য’তেই ৰূপহী        ত’তেই ইদৰে
কন্দলে খোপনি পোতে।
ভোটৰ কাৰণে        প্ৰাৰ্থীসকলে
প্ৰথমে দেখিলে গাওঁ;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


জিলাই জিলাই নোৱাই-ধুৱাই
দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি        ৰমক্ জমক
ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ        পৰিণয় যথা
হ’ল ৰিফৰ্ম্মৰ বিয়া।
ঢোল খোল পেঁপা        বাজিল সঘনে
আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
ওলাল সকলো        ৰাইজৰ ধনেৰে
নিজৰ জোলোঙা ভৰি,
ৰেল জাহাজতে        ফুৰিলে বগাই
হনিমুন্ এনজয় কৰি।
ভেবা লাগি ৰ’ল        ভোটাৰসকল
দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।


লাহ-বিলাহৰ ন ন সাজ কৰি
দিওঁতে নতুন গহনা-গাঁঠৰি,
ভাৰে ভাৰে ধন        কেনিবা উৰিল,
ভঁৰাল উদং হ’ল;
ৰূপহীৰ মন        যোগাওঁতে
পোতৰ টকাও গ’ল।
যিমানেই হ’ল        ধনৰ নাটনি
ৰিফৰ্ম্মৰ চৰিল ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও॥


গতি-গোত্ৰ দেখি কোনোবা হতাশ,
কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
কোনোৱে কৈছে,        “নালাগে ইজনী,
খেদোৱাঁ চুলিত ধৰি,”
কোনোৱে কৈছে        “ৰিফৰ্ম্মক ৰাখিম
বুকুৰ বান্ধৈ কৰি।”
কোনোৱে কৈছে,        “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।”