হিমালয়ে গান গোৱা তই

হিমালয়ে গান গোৱা তই

শুনিছনে নাই

শ বছৰৰ পিছে পিছে

এই ভাৰতৰ

কেন্দ্ৰ প্ৰাণৰ

দিয়ে শিয়ঁৰাই

দেশ বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায় ৷


অভ্ৰভেদী অনন্তলে’ স্থিৰ নয়নে চাই

ব্যোম বিহাৰী

ন বাতৰি

যিটি শুনি পাই

সেই গ্ৰহান্তৰৰ মন্ত্ৰৰে গাই

নবীন যুগৰ গান

জগাই ভাৰত প্ৰাণ ৷৷