হয়নে নহয় মা

মই দেখা বোলে সপোনবোৰ

ৰাতি পুৱালেই

আকাশলে’ উৰি যায়

আৰু বাঘে ৰাতি দেখা

সপোনবোৰক

বৰা-গাহৰিয়ে খায় ?


হয়নে নহয় মা !

বাঘে দেখা হেনো

সপোনবোৰত

বহুত হৰিণা ওলায়

বাঘে সিহঁতক

খেদি খেদি গৈ

মাটিকে কামুৰি খায় ?


সপোন দেখিলে

তাকে সঁচা বুলি

বাঘে কিয় জঁপিয়ায়

মা, সি যদি মোক

দেখিলে নাখাই

মই তেনেহলে

ওচৰ চাপি

দিম কথাটো বুজাই ৷৷