সৰাপাহি
[ প্ৰকাশন ] সৰাপাহি
লিখকঃ শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালী)
দূৰভাষঃ ৯৮৬৪৮৫৬৪৪২
প্রকাশকঃ লিখক
গ্ৰন্থস্বত্বঃ লিখক
পৰিকল্পনাঃ লিখক
ব্যৱস্থাপনাঃ শ্ৰীদিপজিৎ হালৈ
শ্ৰীসুৰজিৎ হালৈ
প্ৰথম প্রকাশঃ ১৩ আগষ্ট /২০১৭ ইং
অৰিহণাঃ ৪০.০০টকা
মুদ্ৰণঃ ফ্ৰেইণ্ডচ্ অফছেট প্ৰেছ, বেলশৰ বজাৰ
অভিনন্দন
|
কবি শ্ৰীপ্ৰভাত হালৈৰ তেইশটা কবিতা ছন্দময় কবিতা। কবিতাৰ পিতৃ হ’ল ভাষা আৰু মাতৃ হ’ল ছন্দ। সেয়েহে ভাষাক ছন্দ বন্ধনেৰে ধৰি ৰাখিলে কবিতাৰ ৰূপ লাভ কৰে। সত্যক সুন্দৰ কৰাই কবিৰ ধৰ্ম। জীৱনৰ সত্যক কবিয়ে সৌন্দৰ্যলৈ ৰূপান্তৰিত কৰে। মাটিত ভৰি থৈ কবিয়ে দুহাত মেলি আকাশলৈ কাব্যকৃতি এৰি দিয়ে। কবিতা বিশ্বমুখী হয়। কবিৰ জীৱন দৰ্শনে ধৰ্মীয় ভাব লৈ উত্তৰণ হোৱা পৰিলক্ষিত হয় কবিতা সমূহৰ জৰিয়তে। কবিতা সমূহ পঢ়িলে এনে ভাব হয় এয়া যেন প্রভাত হালৈ নতুন কবি নহয়, পৌঢ় কবিহে। কবিতাৰ চিত্ৰকল্পও সুন্দৰ।
কবিতাৰ ভাষা সহজ-সৰল। সহজ বোধগম্য। সৰ্ব সাধাৰণ পাঠকৰ বাবে সুখ পাঠ্য হ’ব। কবিৰ পৰা ভবিষ্যতে অধিক ধৰ্মীয় কাব্য সাহিত্যৰ অৱদান পোৱাৰ আশা কৰা হ’ল। সকলো লোক কবি হ’ব নোৱাৰে। কিছু কিছু লোকহে কবি হয় আৰু অতি কম সংখ্যকহে কীৰ্তিমন্ত হয়। কবি হ’ব লাগিলে সাধনা কৰিব লাগিব। সাধক হ'বলৈ হ’লে ধ্যান-তপস্যা কৰিব লাগিব।
কবিতাৰ বিষয়ে বিভিন্ন ভাব-চিন্তা অহাৰ মাজতে মোৰ হাতত পৰিল প্রভাত হালৈৰ এমুঠি কবিতাৰ থুপ। বৃত্তিত হালৈ ওজা দলৰ ডাইনাপালি হৈয়ো আজৰি পৰত তেওঁ বিচৰণ কৰিছে কাব্য চৰ্চাৰ বিশাল ক্ষেত্ৰত। প্ৰভাত হালৈৰ ঐকান্তিক চেষ্টা আৰু সাধনাই সিদ্ধিলাভ কৰক তাৰেই একান্তভাৱে বাঞ্চা কৰিছোঁ। তেওঁৰ এই যাত্ৰা অনিৰুদ্ধ যাত্ৰা হওঁক। তেওঁৰ সাহিত্য সৃষ্টিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।
শ্ৰীকৰুনা কান্ত ভড়ালী
প্রাক্তন সহকাৰী সম্পাদক
অসম সাহিত্য সভা
০১/০২/২০১৭ ইং
ক-খ নিশিকিলে কেতিয়াও অসমীয়া ভাষা শিকিব, লিখিব নোৱাৰি,
সেইদৰে এ.বি.চি. শিকিলেহে ইংৰাজী শিকিব পাৰি। ক ফলা শিক্ষাৰ মাধ্যম।
ইয়াৰ আশ্ৰয়তেই লেখক গঢ়ি উঠিছে। একোজন ব্যক্তিয়ে সাধনাৰ ফলত সিদ্ধি
লাভ কৰে। তেনে এজন ব্যক্তি হ’ল প্রভাত হালৈ ৷ ওজাপালিক বিশ্ব দৰবাৰলৈ
নিয়াৰ ক্ষেত্রত যথেষ্ট অভিজ্ঞতা আছে। সকলোৱে ডাইনাপালি বুলিয়েই জানে।
ওজা সংস্কৃতিৰ ফাকে ফাকে সুৰুঙা উলিয়াই অন্তৰত লুকাই ৰাখিছিল সাহিত্য
ফুলনিত ফুল ফুলাবলৈ ৷ ৰচিবলৈ সক্ষম হ’ল বিল্বেশ্বৰৰ আদি কথা, সৰাপাত,
বিল্বেশ্বৰ, ১৯৮০ চনৰ ৰক্তাক্ত ইতিহাস, আকৌ ওলাল সৰাপাহি। লেখকৰ
সাহসৰ টোপোলাটো তেনেই গধুৰ হৈ আহিল। এখনৰ পিছত এখন কিতাপ
জন্ম দিবলৈ ধৰিলে। প্রকৃত যোদ্ধাই কেতিয়াও যুদ্ধৰ পৰা পিচ হুহুকি নাহে,
তেনেদৰে প্রভাত হালৈয়েও নিজৰ কৰ্ম-সংস্কৃতিৰ দিশত পিছুৱাই অহা নাই।
সৰাপাহি এখনি উদ্দেশ্য ধৰ্মী স্মৃতিৰ এখিলা পাত বুলিলেও ভুল নহ’ব। অতীতৰ সমাজৰ কিছুমান কৃতবিদ্য লোকক পাহৰণিৰ গৰ্ভৰ পৰা বুটলি আনিবলৈ চেষ্টা কৰিছে। নিঃস্বাৰ্থ ভাবে সমাজক ভালপোৱা, দেশক ভালপোৱা কেইজনমান মহান ব্যক্তিক শ্ৰদ্ধাৰে সুৱৰি আদৰ্শ বিলাবলৈ প্ৰচেষ্টা চলোৱাটো এখন বহল মনৰ, বহল ভাবৰ পৰিচয় দাঙি ধৰিছে।
প্ৰতিটো কবিতাৰ বিষয়বস্তু বিলাক পৌৰাণিক কাহিনীৰ আধাৰত ৰচনা কৰি পাকৈত হাতৰ, পাকৈত মনৰ পৰিচয় দিছে। অতি যুক্তিপূৰ্ণ, বাস্তৱ দৃষ্টিৰে প্রতিটো কবিতা ৰচনা কৰাত সিদ্ধহত্তৰ পৰিচয় দিছে। সৰাপাহিয়ে নিশ্চিতভাবেই ৰাইজৰ আদৰ লাভ কৰিব।
শ্ৰীযাদৱ সেন ডেকা
সাহিত্যিক পেঞ্চনাৰ
উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম
০৮/০৮/২০১৭ ইং)
শুভেচ্ছাবাণী
|
নলবাৰী জিলাৰ ভিতৰত বেলশৰ এখন ঐতিহাসিকভাবে উল্লেখযোগ্য গাঁও। এই গাঁওত বাস কৰা লোকসকল বিভিন্ন শিক্ষা, ধৰ্ম, ভাষা, সাহিত্য-সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত। এনেকুৱা এজন নাগৰিক শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালি) দেৱ।
শ্ৰীযুত হালৈদেৱে বেলশৰ গাঁওৰ স্বাধীনতা সংগ্ৰামীকে আদি কৰি গাঁওৰ গুৰি ধৰোতা পুৰোধা ব্যক্তি সকলক স্মৰণ কৰাৰ উপৰিও নানা ধৰণৰ শাস্ত্ৰীয় কথাৰ জৰিয়তে এমুঠি কবিতাৰ ভড়াল ‘সৰাপাহি’ নামেৰে সৃষ্টি কৰা কবিতা পুথিখনত সঁচাকৈয়ে বেলশৰৰ আৰু পৌৰাণিক সাহিত্যৰ প্ৰতিচ্ছবি সুন্দৰকৈ ফুটি উঠিছে।
আশা কৰো হালৈদেৱৰ লিখনিয়ে সামগ্ৰীক ভাবে সকলোকে উদ্বুদ্ধ কৰিব।
পুথিখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
শ্ৰীনৃপেন্দ্ৰ নাথ ডেকা
সভাপতি
বৰ্ণিবাৰী আঞ্চলিক শাখা সাহিত্য সভা
০৯/০৮/২০১৭ ইং
পাতে পাতে....
⮳বন্দনা
১
⮳প্ৰহৰী
২
⮳পাৰ্থবীৰ
৪
⮳ভক্ত ৰাৱন
৬
⮳একলব্য
৮
⮳অহঙ্কাৰ
১০
⮳বিভীষণ
১২
⮳গীতা
১৪
⮳মাতৃ ধিক্কাৰ
১৮
⮳দুষ্মন্তৰ প্ৰেম
২১
⮳কৰ্ণৰ কতুক্তি
২৩
⮳ধিক্কাৰ
২৫
⮳শৰশৰ্য্যা
২৮
⮳গদাপানী
৩০
⮳জয়মতী
৩৪
⮳সতী বেউলা
৩৫
⮳হনুমান
৩৭
⮳মহা শ্মশান
৪১
⮳নবিন মেধী
৪২
⮳নৰো বৰ্মন (ওজা)
৪৪
⮳বিষ্ণু ডাইনাপালী
৪৬
⮳দণ্ডীৰাম দত্ত
৪৮
⮳শ্ৰীধৰ বৰ্মন
৪৯
[ ১ ]
বন্দনা
বহুদিন বিৰতিৰ পিচত
কলম লৈছো তুলি।
দেশৰ বাবে দহৰ বাবে
কিছুলিখি যাম বুলি॥
কোনে কি ধৰণে চাব মোৰ
লিখনিৰ মানদণ্ড।
তথাপি মই লিখি যাম
কেৱল লিখাৰ আনন্দ॥
মোৰ লিখনি দেশৰ, দহৰ
কৰিবনে উপকাৰ?
ভাষা সাহিত্যৰ সাধিবনে হিত
বিচাৰ্য্য জনতাৰ॥
দেশ মাতৃৰ পূজাৰ বেদীত
পাবনে অকণ ঠাই।
নেজানো নে আবৰ্জনা বুলি
শিক্ষাগুৰু সকলৰ
পেলাই দিব দলিয়াই॥
তথাপি মই লিখি যাম
আইৰ আশিস শিৰতলৈ।
চৰণত মুৰ থৈ॥
পিতৃ মাতৃৰ চৰণত ধৰি
মান্যজনক কৰি মান।
আই সৰস্বতী সদয় হওক
দিয়ক মোক লিখাৰ জ্ঞান
জন্মভূমিৰ বাবে যেন
সুজিব পাৰো ধাৰ।
কিঞ্চিত মান হওঁক দেশৰ
ভাষা সাহিত্যৰ উপকাৰ॥
এই কল্পনা অন্তৰত লৈ
কলম লৈছো হাতত।
কবিতা নামৰ হেজাৰ ফুল
ফুলাম আইৰ চৰণত॥
ভাষা জননীৰ পূজাৰ বেদীত
কবিতা ফুলৰ মালালৈ।
অশ্ৰু বন্যাৰে পবিত্ৰ কৰি
আইৰ গলত পিন্ধাম গৈ॥
চন্দেৰে বেদীত আৰতি কৰিম
ভকতি ধূপৰ সুবাসেৰে।
শত পুস্পৰে অঞ্জলি যাচিম
হৃদয় ভৰক আইৰ আনন্দেৰে॥
⸻
প্ৰহৰী
হেৰ বুঢ়া লুইত অজিন পাতকী
নেমাত কিয় আছ মনে মনে।
সচা কথা কবলৈ দেহৰ শকতি
বাৰু তোৰ কাঢ়ি নিলে কোনে॥
কিমান ডেকাৰ গলিত মৃতদেহ
সাগৰ বক্ষলৈ নিছ কঢ়িয়াই।
কিমান ধৰ্ষীতাৰ হিয়াৰ উম ললি
কচোন এবাৰ তই ৰিঙিয়াই॥
কত গাভৰুৰ অবৈধ সন্তান
কোলাত লৈছ আলফুল কৰি।
কত পিতৃ মাতৃৰ আলাশৰ পুত্ৰক
চেনেহ কৰিছ বুকু ভৰি॥
পাৰৰ উদ্দানত ডেকা গাভৰুৰ
দেখিওঁ অবৈধ প্ৰেমৰ খেলা।
নিৰবে নিৰবে দৃষ্টিহিন হৈ
চাইচ তই পাপৰ মেলা॥
ইমান অন্যায় ইমান অত্যাচাৰ
দেখিও তই নেমাত মাত।
হে বুঢ়া লুইত প্ৰতিবাদ কৰিবলৈ
নাইনে শকতি তোৰ গাত?
নকও কিয় চিঞৰি চিঞৰি
সিহতে যে সুধিছে তোক।
জাগ্ৰত প্ৰহৰী হৈয়ো তই
উত্তৰ নিদিয় সিহতঁক॥
⸻
পাৰ্থবীৰ
বন্ধ কৰা
বন্ধ কৰা যুদ্ধ তোমাৰ
হেৰা পাৰ্থবীৰ।
ভাতৃৰ ৰক্তেৰে
ৰক্তীত হ’ল আজি
বক্ষ জননীৰ॥
ভীষ্ম, দ্ৰোন,
শৈল্য কৰ্ণ আৰু
মহাৰথীগন।
তোমাৰ হাতত
সকলোৰে আজি
ঘটিল পতন॥
সম্বৰা
সম্বৰা গীণ্ডীব তোমাৰ
নবধিবা আৰ।
ভাতৃ, গুৰু,
বধি তুমি পাৰ্থ
পাবা মাথো
তিৰস্কাৰ॥
ক্ষুদ্ৰ স্বাৰ্থৰ
বাবে হে পাৰ্থ
বধকৰি জ্ঞাতিগন।
মিচাই
হলাহি তুমি কিয়
পাপত মগন॥
পিতামহ
ভীষ্মক তুমি নিজে
শৰ শয্যাত থৈ।
কালৰূপে
সংহাৰিছা মাত্ৰ
গান্দীব হাতত লৈ॥
হৈ পাৰ্থ
কত পঞ্চপুত্ৰ, কত
অভিমন্যু বীৰ।
তোমাৰ
গুৰু বধ পাপে জানো
উচ্চ হব শিৰ॥
চোৱা পাৰ্থ
মাতৃ কুণ্ডী হিয়া ধুনি
কান্দিছে বিনাই।
গান্ধাৰীৰ
মৃত পুত্ৰ গণৰ
মুখ চাই চাই॥
এৰা পাৰ্থ
ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আৰু
বধ নকৰিবা।
সেই
মাতৃগনৰ চকুলো
কেনেকৈ
মচিবা॥
⸻
ভক্ত ৰাৱন
মহাভক্ত ৰাৱণ তুমি
লঙ্কাৰ ইশ্বৰ।
শঙ্কৰৰ আছিলা তুমি
অতি মৰমৰ॥
ত্ৰিলোক আছিলা ৰাবন
তুমি মহাবলী বীৰ।
তোমাৰ বীৰত্বত ইন্দ্ৰৰ
সিংহাসন অস্থিৰ॥
তেনে বীৰ ৰাবন তুমি
নিচ কৰ্ম কৰি।
সবংশে ধংশ হৈছা
সীতাক আনি হৰি॥
নাৰী হৰন কৰ্ম কৰা
হৈ মহাজ্ঞানী জন।
অপমান কৰিলা মিচাই
ভাতৃ বিভীষণ॥
ইমান পবিত্ৰ তুমি
ব্ৰাহ্মন সন্তান।
নিশেষ কৰিলা তোমাৰ
ত্ৰিলোক জোৰা নাম॥
নাৰী ৰূপত মুগ্ধ হৈ
সন্যাসীৰ ৰূপ ধৰি।
শ্ৰীৰামৰ ভাৰ্য্যা সীতাক
আনিছিল৷ হৰি॥
নাৰীহৰণ পাপত তোমাৰ
হ’ল সৰ্বনাস।
উদ্ধাৰিলা ৰামে সীতাক
নুপুৰালা আশ॥
হিতোপদেশ দিছিল তোমাক
ভাতৃ বিভীষণ
অহঙ্কাৰে তাকো তুমি
কৰিলা উলঙ্ঘন।
নুবুজিলা মন্দোদৰীৰ
চকুলোৰ ভাষা।
একেনাৰী ধংশৰ কাৰন
ভগ্নী সূৰ্পনখা॥
নাৰী জাতি, মাতৃ জাতি
তুমি কৰি অপমান।
স্বৰ্ণ লঙ্কা, ধংশ তুমি
কৰিলা ধীমান॥
নেভাবিলা এটিবাৰ তুমি
হৈ মহা জ্ঞানীজন।
সৃষ্টি, ধংশ সকলোবোৰ
নাৰীৰ কাৰন॥
সেই পাপে তোমাৰ
স্বাৰ্ণলঙ্কা ধংশ হ’ল।
স্ত্ৰী চোৰ আখ্যা তোমাৰ
ত্ৰিজগতত ৰল॥
⸻
একলব্য
হে পৰম গুৰুদেৱ
মোকো কৰক বিদ্যা দান।
একলব্য নাম মোৰ
নিসাদ নন্দন॥
ধৰ্ণুবিদ্যা শিকিবলৈ
মোৰ বৰ অভিলাস।
শিক্ষা দানে গুৰু মোক
পূৰ্ণ কৰা আশ॥
ৰাজগুৰু দ্ৰোনচাৰ্য্যৰ
আছে অভিমান।
সেয়েহে নিসাদ পুত্ৰক
নিদিলা শিক্ষাদান॥
একলব্য কিন্তু তাতে
নহ’ল হতাশ।
গুৰুৰ মুৰ্ত্তি সাজি কৰে
পূৰ্ণ অভিলাস॥
সৰ্ববিদ্যাত পাৰ্গত হৈ
নিসাদ নন্দন।
দক্ষিনা দিলে গুৰু
দ্ৰোণৰ চৰণ৷
স্বাৰ্থপৰ দ্ৰোণাচাৰ্য্যয়
ভাগি ধৰ্ম নীতি৷
দক্ষিনা ললে একলব্যৰ
বুঢ়া আঙুলিটি।
নিৰ্দয় নিষ্ঠুৰ হ’ল গুৰু
স্বাৰ্থৰ প্ৰভাৱত৷
শ্ৰেষ্ঠও নীচ হ’ল গৈ
গুৰুৰ মনত।।
পাপ, অন্যায় সকলোবোৰ
জলাঞ্জলী দিলে।
স্বাৰ্থৰ বাবে গুৰুই
ন্যয়ক বধিলে।।
অৰ্জুনক শ্ৰেষ্ঠবীৰ
কৰাৰ অভিলাস।
একলব্যৰ আঙুলিকাতি
কৰে সৰ্ব্বনাস।।
শিক্ষাৰ আপ্রহ যাৰ
থাকে হৃদয়ত।
সৰ্বশিক্ষা লভে সি
এই জগতত॥
⸻
অহঙ্কাৰ
অহঙ্কাৰে নাশ হৈছ
ৰজা দুৰ্যোধন।
অহঙ্কাৰে পতন তোৰ
ভাতৃ দুশাসন॥
অহঙ্কাৰে পাণ্ডৱক
দিলি বনবাস।
কুত নিতিৰ খেলি পাষা
কৰি সৰ্বনাস॥
ৰাজ্য হাৰা পাণ্ডৱক
বধিবৰ হেতু।
জতুগৃহ সাজি কৰা
মৰনৰ সেতু॥
কুল বধুৰ বস্ত্ৰহৰণ
কৰিবৰ মনে।
ধৰিছিল আচুলত যায়
ভাতৃ দুশাসনে॥
অন্ধ পিতৃ ধৃতৰাষ্ট্ৰই
মতি চন্ন হৈ।
পাণ্ডৱক খেদি দিলা
ৰাজ্য ধন লৈ॥
তহতৰ অহঙ্কাৰ
দেখি নাৰায়ন।
ধংশ যজ্ঞ কুৰুক্ষেত
আৰম্ভিলা ৰণ॥
যাৰ সহায় সদায়
দেৱ নাৰায়ণ।
তাৰ সঙ্গে যুদ্ধ কৰা।
মুৰ্খ দুৰ্যোধন॥
একে একে জ্ঞাতি বন্ধু
সবাকো হেৰালি॥
মাতৃ গান্ধাৰীৰ বুকুত
অগনি জালিলি॥
গুৰু, বন্ধু, পিতামহ ভীষ্মৰ
পৰাজয় হ’ল।
কলঙ্কৰ কালিমা লৈ
সিপুৰিলৈ গ’ল॥
শুকুনীক ভৰষা কৰি
পাপী দুৰ্যোধন।
ৰক্তেৰে ৰঞ্জিত কৰিলি
হস্তিনা ভুৱন॥
ভাতৃ গনৰ তেজেৰে
বোলালি সিংহাসন।
অহঙ্কাৰে সকলোকে
কৰিলি পতন॥
⸻
বিভীষণ
কি কৰিলা বিভীষন
তুমি হৈ ধৰ্মপৰায়ন।
ঘৰ বৈৰী হৈ তুমি
বধিলা ৰাৱন॥
অপমানিত হৈ তুমি
ভাতৃক ত্যাগ কৰি।
কলঙ্ক আৰ্জিলা হায়
বৈৰী ৰূপ ধৰি॥
শ্ৰীৰামৰ সতে তুমি
বন্ধুত্ব কৰিলা।
স্বৰ্ণ পুৰী লঙ্কাত নিজে
অগনী জ্বলালা॥
ক্ষমা ধৰ্ম হৃদয়ত
কৰি পৰিহাৰ।
প্ৰতিশোধৰ দাবালত
লঙ্কা হ’ল চাৰখাৰ॥
মহাধাৰ্মিক বিভীষণ
তুমি মহাপুন্যবান।
ৰাবনক কৰিলা ত্যাগ
বিচাৰি সন্মান॥
বিপথ গামি ৰাবনক
নুবুজালা কিয়।
শতৰু ৰূপ ধৰি তুমি
কিয় হলা ঠিয়॥
দুৰাচাৰী ৰাবনক
কৰি পৰাজয়।
তোমাক দিলা সিংহাসন
শ্ৰীৰাম চন্দ্ৰই॥
মুৰত ললা ৰাজমুকুত
বহি মহাস্মশানত।
ৰামৰ প্ৰতি কৃতজ্ঞতা
তোমাৰ মনত।
ধৰ্মভীৰু বিভীষণ
হ’লনে পূৰ্ণ অভিলাস।
মহা ধাৰ্মিক সত্বা তোমাৰ
কৰিলা বিনাস॥
লঙ্কা ধংসৰ মুল হোতা
তুমি বিভিষণ।
তোমাৰ জ্ঞানেৰে ধৰিলে অস্ত্ৰ
নমৰে ৰাবন॥
ৰাজ্য লাভে শান্তি তোমাৰ
হ’লনে বিভিষণ।
ভাতৃ বধে হ’লনে তোমাৰ
প্ৰতিশোধ পুৰন॥
এনে কৰ্ম নিন্দনিয়
কয় জ্ঞানীজন।
সেয়ে আখ্যা পালা
ঘৰ বৈৰী বিভিষণ॥
⸻
গীতা
সখা পাৰ্থ ধৰা গাণ্ডীব
কৰা ৰন।
সমুখত তোমাৰ
শত্ৰুগন॥
ক্ষত্ৰিয়ৰ ধৰ্ম
যুদ্ধ কৰা।
মিচামৌন ব্ৰত
কিয় ধৰা॥
কৰ্ত্তব্যক অবহেলা
যিজনে কৰে।
সপ্তম পুৰুষ তাৰ
নৰকত পৰে॥
সখা, তোমালোকক
বধিবৰ মনে।
চক্ৰান্ত কৰে
কৌৰব গনে॥
দ্ৰোপদীক লাঞ্চিলা
সভাৰ মাজত।
পঞ্চপতী কিয় বা
মৰা নাই লাজত॥
অৰ্জুনে বোলে
শুনা জনাৰ্দন।
কেনেকৈ বধিম
জ্ঞাতি গন॥
দাদা খুৰা
বন্ধু ভাই
গুৰু দ্ৰোনাচাৰ্য্য
মহাশয়॥
পিতামহ ভীম্ম
ভাতৃ সকল
কেনেকৈ বধিম
জ্বলিছে অনল॥
কৃষ্ণই বোলে
পাৰ্থবীৰ।
মিচাই তুমি
হৈছা অস্থিৰ॥
সকলো মই
মোৰেই মায়া।
মইয়েই সাৰ
সকলো চায়া॥
মইয়েই পালন
মইয়েই শ্ৰজন।
মইয়েই জীৱন
মইয়েই মৰণ॥
মইয়েই অমৃত
মইয়েই বিষ
মই চন্দ্ৰ সূৰ্য্য
মইয়েই দিশ॥
মই আকাশ
মইয়েই তৰা।
মইয়ে সাগৰ
মইয়েই ধৰা॥
পাপ পুন্য
সকলো মই।
মোতেই উৎপত্তি
মোতেই লই।
শুনা অৰ্জুন
মহামানী
মইয়েই আকাশ, বতাহ
বায়ু, পানী
ধৰা গান্দীব
কৰা ৰন।
বধিম মই
তুমি কাৰণ॥
কৃষ্ণক দেখি
পাৰ্থই সৰ্ব মই।
প্ৰণামিলা কৃষ্ণক
নতজানু হৈ॥
ধৰি গান্দীব
জুৰিলে শৰ।
যেন ধুমকেতু
আজি সমৰৰ॥
কৃষ্ণৰ কথা
সৰোগত কৰি।
ৰথত আৰিহিলে
গাণ্ডীব ধৰি॥
⸻
মাতৃ ধিক্কাৰ
কি কৰিলা মাতৃ তুমি
স্বাৰ্থত অন্ধ হৈ।
জেষ্ঠ ভ্ৰাতা শ্ৰীৰামক
পঠালা বনলৈ
বংশৰ প্ৰদীপ শ্ৰীৰাম চন্দ্ৰ
জ্যেষ্ঠ ভ্ৰাতা মোৰ।
ৰাম অবিহনে গৌৰব ধংশ
ইক্ষাকু বংশৰ॥
ইমান নিচ মাতৃ হৃদয়
হব পাৰেনে আই।
কিয় শ্ৰীৰামক পুত্ৰ ৰূপেৰে
বুকুত নিদিলা ঠাই॥
বুঢ়া কালত পিতৃৰ বুকুত
অগনি দিলা জালি।
গুচি গ'ল তিনিও জন
পিতৃ আজ্ঞাপালি॥
মোৰ কৰিবা ৰাজ্য অভিশেষ
তোমাৰ অভিলাস।
ক্ষুদ্ৰ স্বাৰ্থৰ বাবে তুমি
কৰিলা সৰ্বনাশ॥
কান্দিছে আকাশে কান্দিছে বতাহে
কান্দে গছ লতিকাই।
তথাপি তোমাৰ মাতৃ হৃদয়ত
দুখ নেলাগিল আই॥
অযোধ্যাৰ প্ৰজাই কান্দিছে বিনাই
ৰামৰ মুখলৈ চাই।
কোন কৰ্মে মই পাইছিলো সাধি
ইমান নিষ্ঠুৰ আই॥
মাতৃ হৃদয় যদি পাপপূৰ্ণ হয়
কোনে পুজিব মাতৃ।
জগত ব্যাপি আই কলঙ্ক ৰব
তুমি ঘৃনাৰ পাত্ৰী॥
মাতৃ হৃদয়ত পুত্ৰ সৰুবৰ
নতুবা আপোন পৰ।
সেই মাতৃ হয় জাতিৰ কলঙ্ক
শিলা মই অন্তৰৰ॥
নহও ৰজা মই নেলাগে সিংহাসন
নেলাগে মুকুত মোক।
দাদা শ্ৰীৰামৰ খৰম জুৰি
অযোধ্যাৰ ৰজা হক॥
⸻
দুষ্মন্তৰ প্ৰেম
নহোৱা প্ৰকৃত প্ৰেমীক
তুমি দুস্মন্ত ৰাজন।
দেখি মাত্ৰ ঋষি দুহিতাক
চঞ্চল তোমাৰ মন॥
কেচা দেহৰ কেচা ফুলৰ
পাই সুগন্ধি সুবাস।
শকুন্তলাৰ বাবে মাত্ৰ
তোমাৰ অভিলাস॥
অনাঘ্ৰাত ফুলৰ দৰে
কন্ন মুনিৰ নন্দিনী।
প্ৰানময় প্ৰেমৰ বন্যা
উদ্দিপ্ত মৃগ নয়নী॥
ক্ষন্তেকৰ বাবে তুমি
প্ৰেম কৰি নিবেদন।
মৌ চুহি গুচি গলা
দুষ্মন্ত ৰাজন॥
দিলা তুমি ঋষি বালাক
মিচা চুমা কলঙ্কৰ।
লৈ গ’লা মুনিৰ কন্যাৰ
পবিত্ৰতা হৃদয়ৰ॥
স্বাৰ্থৰ বাবে পাহৰিলা
তোমাৰ প্ৰেম পবিত্ৰ।
পাহৰি গ’লা ক্ষন্তেকতে
দেবী প্ৰতিমাৰ চিত্ৰ॥
বন্য ফুলৰ মাদকতা
পাহৰি মনত।
আকোৱালি ললা তুমি
ফুল ৰাজ উদ্যানত॥
পাৰে জানো আঙুঠিয়ে
জুৰাব হৃদয়।
বিলাসী জীৱনৰ প্ৰেম
কিমান মধুময়॥
কলঙ্কিত কৰিলা তুমি
স্বৰ্গীয় প্ৰেমক।
আখ্যা পাইছা তুমি
প্ৰেম প্ৰতাৰক॥
কৰিলা আঘাত প্ৰেমত
চন্দ্ৰত কলঙ্ক সানি।
পাহৰি অতিতৰ কথা
প্ৰেমত জলালা অগনী॥
নহয় প্ৰেমিক দুষ্মন্ত
প্ৰেমতো নহয় ফুল।
সৰিলে পাহীবোৰ তাৰ
মৰহি যাব মুল॥
⸻
কৰ্ণৰ কতুক্তি
নহোৱা নহোৱা তুমি কৰ্ণৰ জননী হেৰা
মই তাক নকৰো স্বিকাৰ।
এনুৱা নিষ্ঠুৰ মাতৃ আছেনে এই ধৰাত
পটন্তৰ আছে যানো তাৰ॥
দিছিলা কিয়নো জন্ম ৰাক্ষসী জননী তুমি
স্নেহ যদি নাই হৃদয়ত।
আছিল যদি তোমাৰ কলঙ্কৰ এনে ভয়
জন্ম কিয় দিয়া অকালত॥
মাতৃ হৈ পুত্ৰক যিয়ে দিব পাৰে বিসৰ্জন
সিয়ো জানো মাতৃৰ প্ৰতীক
নাহিবা কাষলৈ মোৰ নেলাগে কৰিব স্নেহ
তুমি মাতৃ ধিক্ শত ধিক্॥
আজি যে কৈছাহি তুমি পাণ্ডৱ মোৰে ভাই
আগে কিয় নকলা এবাৰ।
সুত পুত্ৰ বুলি মোক কিয় আজি জগতত
প্ৰতিজনে কৰে তিৰস্কাৰ॥
কোনে দিলে মোক কলঙ্ক ভৰা জীৱন
পাৰিবানে কব এটিবাৰ।
দুৰ্যোধনৰ অন্নে মই লালিত পালিত আজি
মাতৃ স্নেহ নেলাগে তোমাৰ॥
কালৰূপে আজি মই বধিম তোমাৰ পুত্ৰ
চকুপানী তিতিব হৃদয়।
যেতিয়া কান্দিবা তুমি পুত্ৰ ব্যথা পাই
অট্ট হাঁহিৰে হাহিম মই॥
পাণ্ডৱক ৰক্ষাৰ বাবে কৰি মিচা অভিনয়
মাতৃ বুলি দিছা পৰিচয়।
শকতি হিন পাণ্ডৱক ৰক্ষাৰ চাতুৰি কৰি
কৃষ্ণ বুদ্ধিত আহিছা নিশ্বয়॥
যোৱা যোৱা হে তুমি পাণ্ডৱ জননী হেৰা
পুত্ৰৰ চিতা কৰাগৈ নিৰ্মান।
সূৰ্য্যাস্তৰ আগে আগে পাণ্ডৱ বংশৰ বন্তী
আজিয়ে হব অবসান॥
ঘৃনিত সুত পুত্ৰক পুত্ৰ বুলি কবলৈ
ভাবি জানো নেচালা এবাৰ।
মাতৃ জাতিৰ কলঙ্ক পাণ্ডৱ জননী তুমি
সেয়ে তুমি পালা তিৰস্কাৰ॥
নেলাগে কবলৈ আৰু কৰ্ণৰ শকতি দেখি
পুত্ৰ বুলি কৰি সম্বোধন।
দ্বিশ্বাৰিণী মাতৃ তুমি আতৰি যোৱাহে শিঘ্ৰে
আজি যুদ্ধ মোৰ মৃত্যুপন॥
⸻
ধিক্কাৰ
মহাসতী দ্ৰোপদীৰ
বস্ত্ৰ হৰণৰ পৰ্ব
আৰম্ভ হৈছে সভাৰ মাজত।
মূৰ্খ দুশাসনে
হৰন কৰিছে বস্ত্ৰ
পিতামহ ভীষ্মৰ আগত॥
দ্ৰোনচাৰ্য্য গুৰুদেৱ
নিমাত কিয়নো আজি
পিতামহ কিয় নিৰুত্তৰ।
জন্ম অন্ধ ধৃতৰাষ্ট্ৰ
শুনি কৰা উপভোগ
যশস্যা যে তোমাৰ পুত্ৰৰ॥
যদিওবা অন্ধ তুমি
নহোৱা বধীৰ কিন্তু
তথাপিতো আছা মনে মনে।
কুল বধুৰ তুমি
উলঙ্গ ছবিটি ভাবি
অট্ট হাহি হাহা ঘনে ঘনে॥
শুকুনী মামাই আজি
কৃত কাৰ্য্যতাৰ বাবে
কুটীল হাহি মাৰিছে যে চাই।
ধৰ্মভীৰু যুধিষ্ঠিৰ
পন কৰি বন্দি হল
বাকৰুদ্ধ আজি পঞ্চ ভাই॥
মিচা তুমি পিতামহ
মিচা গুৰু দ্ৰোনচাৰ্য্য
মিচা তোমালোকৰ জয় গান।
অন্যায়ৰ প্ৰতিবাদ
এবাৰো যে নকৰিলা
কত তোমাৰ মহা ধৰ্মজ্ঞান।
জ্ঞানে অন্ধ দুৰ্যোধন
এইয়া নে বীৰত্ব তোমাৰ
মহাপাপ কৰিলা অৰ্জন।
ভাতৃ বধু নাৰী জাতি
কলঙ্ক সানিলি গাত
এইয়াই তোৰ মৃত্যু কাৰণ॥
দুৰ্যোধন, দুশাসন
নেভাবিবি তহতৰ
অত্যাচাৰ ৰব চিৰদিন।
শুভদিন সমাগত
যিদিনাই হব আহি
পাণ্ডৱৰ হবি পৰাধীন॥
⸻
শৰশৰ্য্যা
চাৰিও ফালৰ পৰা
তিক্ষ্ণ তিক্ষ্ণ বান বোৰ
পৰিছে মোৰ হৃদয়ত।
অসহ্য যন্ত্ৰণা পাই
চকুলোতক নামিছে
মৃত্যুই মেলিছে দুই হাত॥
মোৰ ফালে আগুৱাই
আহিছে এন্ধাৰ বোৰ
দেহ মোৰ অবশ অচল।
শৰ সৰ্য্যাৰ কোলাতেই
টোপনী যাবলৈ মোৰ
এটি বাৰ পাইছো সুচল॥
ৰথী মহাৰথী বোৰ
চাৰিও কাষত মোৰ
তিক্ষ্ণবান কৰিছে প্ৰহাৰ।
ৰক্তাক্ত শৰীৰ মোৰ
কপিছে যে থৰ থৰ
চাৰিওফালে দেখিছো এন্ধাৰ॥
মনত পৰিছে মোৰ
কৌৰবৰ অন্যায়বোৰ
ৰাজ সভাত বধুৰ নিৰ্য্যাতন
কুত পাশা জতুগৃ্হ
ধৃতৰাষ্ট্ৰৰ মৌনতা
এইয়া মোৰ স্বাৰ্থৰ কাৰন॥
চকু থাকিও মই
নেদেখিলো অন্যায়
এটিবাৰ নেমাতিলো মাত।
মুক বধিৰৰ দৰে
নিৰবে সহি গলো
কুক্ষতি ৰাখিলো ঘৰতে॥
পাণ্ডৱৰ দুৰ্দশাৰ
হৃদয় বিদাৰক ছৱি
কুল বধুৰ বিলুপ্ত সন্মান।
চাৰিও ফালে মোৰ
অসংখ্য শৰ হৈ
হৃদয়ত কৰিছে সন্ধান॥
অসহ্য বেদনা মই
কৰিছো যে অনুভব
অণ্ঠ কণ্ঠ আহিছে শুকাই।
আহা পাৰ্থ মৰমৰ
দিয়া শেষ সময়ত
জিভাখনি শান্তিৰে তিয়াই॥
আহিছে সময় মোৰ
সূৰ্য্যও প্ৰখৰ হ’ল
শান্তি শয়ন কৰো মই।
হৃদয়ৰ যন্ত্ৰনাবোৰ
শেষ হক অতীতৰ
শৰশৰ্য্যা মোৰ শেষ আশ্ৰয়॥
⸻
গদাপানী
লাঙী গদাপানী
হয়নে বীৰ তুমি
এয়ে নেকি বীৰৰ আচৰন।
কাপুৰুষ হৈ
ভাৰ্য্যাক অকলে থৈ
নিজে তুমি বচালা জীৱন॥
সিংহাসনৰ বাবে
দূৰাকাঙ্খা কৰি
অংগক্ষত হোৱাৰ ভয়ত
ভাৰ্য্যাক অকলে
বিপদৰ মাজত থৈ
পলাই গ’লা তুমি নগা পৰ্ব্বতত॥
এয়ে নেকি তোমাৰ
ভালপোৱাৰ চানেকী
এয়ে নেকি বীৰৰ পৰিচয়।
বীৰ বুলি ক’লে
জগতে হাহিব
বীৰ নহয় কাপুৰুষ হয়॥
লৰা ৰজাৰ
চাউদাংবোৰে
জয়াক কৰিছিল কিমান অত্যাচাৰ।
জেৰেঙা পথাৰত
বৈছিল অশ্ৰুনদী
শুনিছিলানে জয়াৰ চিৎকাৰ॥
লৌহ শলা
তপত তেল
ধালি দিছিল জয়াৰ শৰীৰত।
সেই সময়ত হয়তো
ডালিমীৰ সতে
আছিলা তুমি নগা পৰ্ব্বতত॥
যি ভাৰ্য্যাই
তোমাৰ বাবে
সহিছিল ইমান অত্যাচাৰ।
সেই ভাৰ্য্যাৰ বাবে
তোমাৰ হৃদয়ত
উচুপনি নুঠিল নে এবাৰ॥
এয়া জয়াৰ ধৰ্ম
নাৰীৰ ধৰ্ম
স্বামী যে নাৰীৰ অলংকাৰ।
সাদ্ধী সতী
তোমাৰ জয়মতী
সেয়ে পূজা কৰিলে তোমাৰ॥
কিন্তু গদাপানী
তুমি শুনা নাইনে
জেৰেঙা পথাৰৰ কৰুন বিননী।
পাৰিবানে কবলৈ
নাৰীৰ সমাজত
বীৰ তুমি লাঙী গদাপানী
আহিছিলা নগা হৈ
জেৰেঙা পথাৰলৈ
পাৰিছিলানে সহিব জয়াৰ অত্যাচাৰ।
তোমাৰ হৃদয়ত
বীৰত্বৰ দাবানল
উজলি নুঠিলনে এবাৰ॥
কেনেকৈ তুমি
চাই আছিলা
জয়াৰ ক্ষত বিক্ষত দেহলৈ।
দেখিও ভাৰ্য্যাৰ
এনে অত্যাচাৰ
নিৰবে আতৰি গলাগৈ॥
ধীক তোমাৰ
বীৰত্ব ধীক
প্ৰতিবাদৰ যাৰ নাই ভাষা।
ভাৰ্য্যাক কৰিলা
তুমি তুচ্ছজ্ঞান
সিংহাসনৰ কৰি আশা॥
শুনিছানে কেতিয়াবা
পৰিছেনে কাণত
জয়াৰ সেই গান নকঁও নকঁও নকঁও।
আজিও কান্দে
জেৰেঙা পথাৰে
জয়াক পাই মই ধন্য হওঁ॥
গুচি গ’ল জয়া
চানেকী থৈ গ’ল
পালা তুমি ৰাজ সিংহাসন।
উজ্জ্বল নক্ষত্ৰ হৈ
জয়মতী গুচি গ’ল
ৰক্ষা কৰি স্বামীৰ জীৱন॥
⸻
জয়মতী
কোনোৱাই গীত গাই
জয়া নাই জয়া নাই
জয়া আছে জেৰেঙা পথাৰত।
প্ৰতিজনী নাৰীৰ মনত
জয়া আছে সংগোপনে
প্ৰতিজনী নাৰীৰ হৃদয়ত॥
জয়া আছে অসমৰ
আকাশে বতাহে বিয়পি
স্বামী ভক্তিৰ চানেকী বিলাই।
ল’ৰাৰজাৰ চতুৰালী
শহুৰে কৰা ভেঙুচালী
নেওঁচি নিজ স্বামীক জীয়াই॥
জীয়াই আছে আজিও
সেউজীয়া ঘাহ বন
সাক্ষী হৈ জয়াৰ ত্ৰন্দনৰ।
অখংক্ষ বননী
আছে ৰংচুৱা হৈ
চিটিকনি জয়াৰ তেজৰ॥
মাজনিশা এন্ধাৰত
এতিয়াও বিননী
মই নকঁও নকঁও নকঁও।
আকাশে কব
বতাহে কব
নাৰী সত্বা মই জয়মতী হওঁ॥
হৃদয় বিদাৰক
অকথ্য অত্যাচাৰ
তথাপি জয়া অলৰ অচৰ।
নাৰীৰ কমলতা
নাৰীৰ দুৰ্বলতা
নাৰীৰ হৃদয় কঠিন বৰ॥
⸻
সতী বেউলা
সতী বেউলা অসমৰ জীয়ৰী
প্ৰাচীন উজ্বয়ীনিত ঘৰ
বৰ্তমান ওদালগুৰিৰ উত্তৰে
তাহানিৰ তীৰ্থ মুক্তেশ্বৰ॥
শাহে নামৰ ৰজাৰ কন্যা
বেউলা মহা সতী॥
দেৱতাৰ পুৰত বেউলাই
জীয়াইছিল মৃত পতি॥
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত
আজিৰ চম্পক নগৰ।
তাতেই আছিল তাহানিৰ
চান্দ সদাগৰৰ ঘৰ॥
চান্দডুবি বিল তাৰে সাক্ষী
আৰু চন্দী মন্দিৰ ঘৰ।
শিৱ দুহিতা পদ্মাৱতী
ইতিহাস অতীতৰ॥
পদ্মাৰ লগত চিৰ বৈৰী
আছিল চান্দ সদাগৰ।
দেৱতা, মানুহৰ এনে বিবাদ
অতি বিস্ময়কৰ॥
বিবাদৰ ফলত চান্দৰ সাতপুত্ৰ
মৰে সৰ্প দংশনত।
তথাপি চান্দ নহল কাতৰ
সপ্ত পুত্ৰৰ মৰনত॥
মহাগৌৰৱী চান্দ সদাগৰে
হৰগৌৰী পূজা কৰে।
শিৱৰ কন্যা পদ্মাৱতীক
চান্দই সহিব নোৱাৰে॥
শেষ পুত্ৰ আছিল লখিন্দৰ
তাৰ ফুল শৰ্য্যাৰ ৰাতি।
কালী নাগৰ হতুৱাই দংশন
কৰাইছিল পদ্মাৱতী॥
মৃত স্বামীৰ মৃত দেহ লৈ
কলগছৰ ভেলত উঠি।
দেৱৰ পুৰলৈ অশেষ কষ্টৰে
গৈছিল বেউলা সতী॥
ভক্তিৰ প্ৰভাৱত বেউলা সতী॥
ছমাহ আহাৰ নিদ্ৰা এৰি।
স্বামীক জীয়াই আনিলে পুনৰ
হৈ সতীত্বৰ অধিকাৰী॥
স্বামী ভক্তিৰ পূৰ্ণ প্ৰতীক
হৈ ৰব বেউলা সতী।
নাৰী জাতিৰ আদৰ্শৰ থল
স্বামীয়ে যাৰ গতি॥
⸻
হনুমান
বীৰ হনুমান মই
কপি বংশৰ প্ৰধান।
শ্ৰীৰামৰ ভক্ত মই
বায়ু কেশৰী, নন্দন॥
লক্ষনবীৰ পৰিছিল
শক্তি শেল বানে।
গছৰ পাত পৰিছিল
শ্ৰীৰামৰ ক্ৰন্দনে॥
বিশল্য অবিহনে
বোলে নেবাচে লক্ষন।
হস্তে তুলি আনিছিলে
পৰ্বত গন্ধ মাদন॥
সূৰ্য্যক কৰিছিলো
গতিহিন অচেতন।
নহলে যে নেবাছে
কুমাৰ সুমিত্ৰা নন্দন॥
সীতা উদ্ধাৰৰ হেতু
বান্দৰ সেণানী লগত।
গছ, পাথৰে, সেতু
বান্ধিলো সাগৰত॥
নল, নীল, আৰু
মহাধাৰ্মিক বীৰ জাম্বুবন।
ৰামৰ দুখত বীৰে
কান্দিলে কিমান॥
সাগৰত সেতু বান্ধি
মই আহিলো লঙ্কালৈ।
তোমাক দেখিলো আই
অশোক বনত গৈ॥
ৰাবনৰ মধূবন
মই কৰিলো নিধন।
শুনি মহা ত্ৰুদ্ধ হৈলা
বীৰ দশানন॥
সন্য গনে ধৰি বান্ধি
আনে ৰাজ সভালৈ।
কিমান মাৰে লাঠিৰে
তাৰ নাই যে নিৰ্ণয়॥
লেঙুৰ পকাই কৰিছিলা
মই সুউচ্চ আলয়॥
তাক দেখি স্তম্ভিত হৈছিল
লঙ্কাধিপতি বীৰ দশানন॥
তেলধালি নেঙুৰত
জলাইছিল অগনি॥
তাৰে জুইত ধ্বংস কৰে
ৰাবনৰ স্বৰ্ণ লঙ্কা খনি॥
যেতিয়া অগনি মোৰ
জাগিছিল দেহত।
উপায় বিছাৰিছিলো
আই মই তোমাৰ কাষত॥
নিৰ্মম উত্তৰ আই তুমি
মোক কৰিছিলা দান।
নেঙুৰৰ অগনি খিনি
মুখে নুমোৱা বীৰ হনুমান॥
দেহত অগনিৰ তাপ
আইৰ নিষ্ঠুৰ উত্তৰ।
সেই দুখে আজি মুখ
কোলা হৈ ৰল মোৰ॥
তথাপিতো ৰাম সীতাক
মোৰ থাপি হৃদয়ত।
জয় শ্ৰীৰাম ধ্বনি
সপোন আৰু দিঠকত॥
⸻
মহা শ্মশান
একুৰা জুই জ্বলে হৃদয়ত।
প্ৰতিশোধৰ দাৱানল কুটিল মনত॥
অতীত শুৱৰি শকুনী মামাই।
কুৰুক্ষেত্ৰত চিতাখন দিছিল জ্বলাই॥
ওঠৰ অক্ষৌহিনী সৈন্য যত সমবেত।
স্বয়ং শ্ৰীকৃষ্ণ আছিল পাণ্ডৱৰ লগত॥
শান্তক পালন আৰু দুষ্টক দমন।
পাণ্ডৱৰ সাৰথি প্ৰভূ দৈৱকী নন্দন॥
ভীষ্ম, দ্ৰোণ, কৰ্ণ, দুৰ্য্যোধন চিতাৰ চাৰিখুটি।
সপ্তৰথী সাত থাক দৰ্শক, যাজ্ঞ সেনীৰ পতি॥
মাতৃ গান্ধাৰীৰ চকুৰ লোতক।
নামিছিল অকাল বন্যা মহাশ্মশানত॥
পুত্ৰশোকে ধৃতাৰাষ্ট্ৰ জন্মান্ধ নৃপতি।
গৰজি উঠিছিল ঘৃনাত শুকুনীৰ প্ৰতি॥
স্বামীহাৰা, পুত্ৰহাৰাৰ কৰুণ বিননি।
চাই চাই হাহিছিল মামা শুকুনী॥
অহঙ্কাৰৰ বাহিৰে হ’ল মহা শ্মশান।
জ্বলি পুৰি শেষ হ’ল ৰজা দুৰ্য্যোধন॥
৹৹৹
নবিন মেধী
সমাজ সেৱক নবিন মেধী
কমিউনিষ্টৰ নেতা।
ৰাইজৰ সেৱাত উচৰ্গা কৰিলে
অমূল্য জীৱন এটা॥
স্বাধীনতা পাই কংগ্ৰেছ চৰকাৰে
নিতিক কৰিলে নাই।
সেই দুখতে নবিন মেধী
কমিউনিষ্টলৈ যায়॥
ওৰেটো জীৱন নিকাৰ ভূঞ্জিলে
কমিউনিষ্ট হৈ
কিমান বাৰ জেল হাজোতত
দেহা পচালে গৈ॥
তথাপি নিজৰ পথ নেৰিলে
গাদীৰ আশা কৰি।
গোতেই জীৱন কটাই দিলে
দৰিদ্ৰ ৰূপ ধৰি॥
নিৰ্ভিক স্পষ্টবাদী নবিন মেধী
আছিল কৰ্মবীৰ।
কোনো দিন তেওঁ চৰকাৰৰ ওচৰত
নত নকৰিলে শিৰ॥
জন্মভূমিৰ উন্নতিৰ হ'কে
নিজক কৰিলে তুচ্চ।
বেলশৰ বাসীক অসমৰ বুকুত
কৰি থৈ গ'ল উচ্চ॥
এদিন আহিল বিষ্ণুৰাভা
ঘূৰি নানা ঠাই।
চৰকাৰৰ ভয়ত পলাই পলাই
নিজক বচাই॥
বেলশৰত আহি নবিন মেধীৰ
লগত হল পৰিচয়।
বহুদিন ধৰি বিষ্ণুৰাভা
মেধীৰ ঘৰতে ৰল।
বিষ্ণু নবিন দুয়ো লগ হৈ
সাধিলে দেশৰ হিত।
মেধী বুজিলে বিষ্ণু ৰাভাৰ
দেশ প্ৰেমৰ চিত॥
কন্যা তেওঁৰ মুগ্ধ হ’ল
দেখি বিষ্ণুৰ গুন।
কন্যা দানে কৰে তেওঁ
বিষ্ণুক আপোন॥
চিৰ জাগ্ৰত চিৰ বিদ্ৰোহী
সাধক দেশৰ কাম।
সৰি মৰহা এপাহী ফুল
নবিন মেধী নাম॥
০০০
নৰো বৰ্মন (ওজা)
আই সৰস্বতীৰ বৰপুত্ৰ
নৰো বৰ্মন নাম।
অসমীয়া কৃষ্টি ৰক্ষাৰ হেতু
কৰিছিল ওজা কাম॥
ইংৰাজ শাসকে শাসন কৰিছিল
পবিত্ৰ ভাৰত বৰ্ষ।
তাকে দেখি দেশ- হিতৈশী
হৈছিল বিমৰ্য॥
মহাত্মাৰ নেতৃত্বত আৰম্ভ হ’ল
ইংৰাজ খেদা আন্দোলন।
স্বাধীনতাৰ প্ৰতি বলিয়া হ’ল
নৰো বৰ্মনৰ মন॥
আন্দোলনত আগ ভাগ ললে
শিল্পী নৰো বৰ্মন।
সকলো ত্যাগ কৰিলে
কেবল স্বাধীনতা আন্দোলন॥
কিমান থাকিলজেল হাজোতত
ভূঞ্জি অনেক নিকাৰ।
তথাপি ইংৰাজৰ বশ্যতা কদাপি
নকৰিলে তেওঁ স্বীকাৰ॥
ইংৰাজৰ দিনতে মেট্ৰিক পাছ কৰি
চাকৰিত নিদিলে মন।
সমাজ সেৱা কৰাৰ মানসেৰে
জীৱন কৰিছিল পন॥
ওজাপালি কৃষ্টি অসম দেশৰ
অতি পুৰনি কৃষ্টি।
তাৰ লগত নৰো বৰ্মনে
ক’ত কৰিছিল নতুন সৃষ্টি॥
স্বাধীনতাৰ গীত মাত ৰচি
গাইছিল কত নতুন গান।
খদ্দৰ পৰিহিত নৰো ওজাই
পাইছিল যথেষ্ট মান॥
মুৰত গান্ধী টুপি
কৰিছিল চিৰ দিনে পৰিধান।
বৃদ্ধ বয়সত অকলে গাইছিল
কেবল স্বৰাজৰ গান॥
৹৹৹৹৹
বিষ্ণু ডাইনাপালী
অসম বিখ্যাত বিষ্ণু ডাইনাপালি
এই বিল্বেশ্বৰত ঘৰ।
উজ্বল কৰিলে গোটেই অসমত
নাম বেলশৰৰ॥
কৃষ্টি প্ৰধান ওজাপালীৰ
মানদণ্ড কৰি উচ্চ।
সমাজক হহুৱাই জীৱন কটালে
জীৱন কৰি তুচ্চ॥
নিৰক্ষৰ জন বিষ্ণু ডাইনাপালি
উপস্থিত বুদ্ধিত চোকা।
লৌকিক শাস্ত্ৰত অগাধ পণ্ডিত
কথাত নাখাই ধোকা॥
নিৰক্ষৰ জনে গীত মাত ৰচি
ৰাইজক আনন্দিত কৰে।
দুৰ দৃষ্টি সম্পনা তেওঁ
স্বভাৱ অতীতৰে॥
বৰ্ত্তমান সমাজৰ দোষ গুনবোৰ
কবলৈ নকৰে ভয়।
ডেকা জীৱন বুঢ়া কৰিলে
ৰাইজক আকোৱালী লৈ॥
কৌতুক তেওঁৰ চিৰ লগৰী
সীমাৰ মাজত থাকি।
অশালিন মাত বৰ্জিত তেওঁ
কই শ্নীলতা ৰাখি॥
অতীত কামৰূপৰ যত ওজাপালী
তেওঁক গুৰু বুলি মানে।
সৎ নিস্বাৰ্থ ৰাইজৰ সেৱক
বিষ্ণুক সকলোৱে জানে॥
কৃষ্টিৰ মাজতে স্বাধীনতাৰ বাবে
ইংৰাজ খেদা আন্দোলন।
তাতো বিষ্ণুই গাই ফুৰিছিল
বন্দে মাতৰম গান॥
গোটেই অসম ঘুৰি ফুৰিছিল
মুখত মিচিকিয়া হাহি।
কৃষ্টিৰ পথাৰত সৰি পৰি যোৱা
এটি মৰহা ফুলৰ পাহী॥
৹৹৹৹
দণ্ডীৰাম দত্ত
অঙ্কৰ গবেষক দণ্ডীৰাম দত্তৰ বেলশৰত ঘৰ।
উজ্জ্বল কৰিছিল নাম তেওঁ বেলশৰ গাওঁৰ।।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছিল অঙ্কৰ গবেষক।
কৌতুক আৰু কাইথেলী অঙ্কৰ ৰচক॥
শতাধিক পুথি প্ৰণেতা অঙ্ক বিশাৰদ।
তাৰেই উচিত প্ৰমাণ কাইথেলী অঙ্কত॥
অঙ্কৰ যাদু খেলা জানিছিল দত্ত মহাশয়।
কটালো ওৰেটো জীৱন সাহিত্যিক হৈ॥
সাহিত্যৰ সৈতে তেওঁৰ সম্বন্ধ নিবিৰ।
চিৰদিন হাস্যময় চিৰদিনে ধিৰ॥
চিৰদিনে দেখো তেওঁৰ কাগজ কলম হাতত।
মাধবী লতাৰ তলত বহি বহি বাটত॥
চিৰ হাস্যময় যেন এজন কৌতুক অভিনেতা।
অঞ্চলৰ লোকৰ বাবে পৰামৰ্শ দাতা॥
শিক্ষকতাৰে মেলিছিল তেওঁ জীৱনৰ পাতনি।
নিজ যত্নৰ ফলতেই হয় শিৰমনী॥
বিল্বেশ্বৰৰ ইতিবৃত্ত হৰ পাৰ্বতীৰ বিয়া।
আৰু কত লিখনি তেওঁৰ সংখ্যা নাইকিয়া॥
ৰাজনীতিক কটাক্ষ নকৰা দত্তদেৱৰ ধৰ্ম।
লিখনিৰ মাজেৰে কৰিছিল সমাজ সেৱাৰ কৰ্ম॥
যাদুৰ লেখিয়া অঙ্ক তেওঁ কৰি প্ৰদৰ্শন।
অঙ্কত অনুপ্ৰাণিত কৰিছিল ছাত্ৰ-ছাত্ৰীৰ মন॥
কাইথেলী অঙ্কৰ ৰচক মুখত মিঠা হাঁহি।
গোন্ধ বিলাই শেষ হোৱা এটি সৰাপাহী॥
৹৹৹৹
শ্ৰীধৰ বৰ্মন
শ্ৰীধৰ বৰ্মন দেশৰ সেৱক
বেলশৰ নদীপাৰত ঘৰ।
অহিংসা যুদ্ধৰ আছিল সৈনিক
১৯৪২ চনৰ॥
মহাত্মাৰ আদৰ্শত অনুপ্ৰাণিত হৈ
জপিয়াই পৰিছিল যুজত।
অহিংসাৰ মন্ত্ৰে খোজ মিলাইছিল
মহাত্মাজীৰ খোজত॥
কপাহী কাপোৰ পৰিধান কৰি
গান্ধী টুপি মুৰত লৈ।
চিৰদিন কটালে শ্ৰীধৰ বৰ্মনে
দেশৰ সেৱক হৈ॥
দিনক ৰাতি ৰাতিক দিন কৰি
খাতি দেশৰ হকে।
কত দিন পচিল দুৰ্গন্ধময় জেলত
দুৰ্বাৰ পিয়াহ ভোকে॥
আঠু সমানকৈ চুৰিয়া পিন্ধি
ঘুৰিলে বহুত ঠাই।
কত লাঞ্চনা কত গঞ্জনা
তাৰ সীমা সংখ্যা নাই॥
স্বাধীনতা যুজাৰু শ্ৰীধৰ বৰ্মনে
দৰিদ্ৰতাৰ সতে যুজি।
স্বাধীনতাৰ সোৱাদ বীৰ সৈনিকে
শেষত হে পালে বুজি॥
বৃদ্ধ বয়সতো গাইছিল শ্ৰীধৰে
বন্দে মাতৰম গান।
কিন্তু শ্ৰীধৰে সমাজৰ মাজত
নেপালে বীৰৰ মান॥
শান্ত সৈম্য বীৰ সৈনিক
এমোকোৰা মিঠা হাহি।
দেশ মাতৃৰ চৰণত চিৰদিন থাকিব
এটি অনাঘ্ৰাত পাহী॥
৹৹৹৹
এনেবোৰ হেৰাই যাব খোজা খিনিক সযতনে বুটলি আনি, ভবিষ্যতলৈ থৈ যাবলৈ প্ৰয়াস কৰিছো। কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম কৰা অসমৰ বাৰে-ৰহনীয়া সম্পদবোৰ “সৰাপাহি ”ৰ মাজত বিচাৰিলে নিশ্চয় কিয়দাংশ সুৰক্ষা হব বুলি মোৰ মনৰ ধাৰণা।
সৰাপাহিৰ বুকুত থকা অতীত বুৰঞ্জীখন উদ্ধাৰ কৰিবলৈ প্ৰয়াসহে কৰিছো মাত্ৰ। কিছু সৰাপাহি মাটিৰ লগতেই বিলিন হৈ গ’ল। কিন্তু কিছু অতীত, কিছু বৰ্ত্তমান, সকলো সম্ভব নহ’ল। তথাপি মই ভাগৰি পৰা নাই। ঘন কুৱলী ফালি এখোজ দুখোজ কৈ আগবাঢ়ি যোৱা পথিকৰ দৰে সীমাহিন আকাংক্ষা বুকুত বান্ধি সৰাপাহিবোৰ বুটলিছোঁ।
আশা বহু পুৰণি, পঙ্কিল দৈন্যতাত পোতগৈ থকা সৰাপাহিবোৰ পোহৰলৈ আনিব পৰা নাছিলো। অকন আশা, অকন আশ্ৰয় আৰু মোৰ বন্ধুবৰ বসন্ত মহন্ত, প্ৰমোদ কলিতা, প্ৰবীন শৰ্মা আৰু বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সমুহ সদস্যৰ উৎসাহ উদ্গনিতে সৰাপাহিক বোকোচাত তুলি ললোঁ। সৰাপাহিৰ দুৱাৰ দলিতে সৰাপাহিক পাঠকৰ ওচৰত পৰিচয় কৰি দিবলৈ মোৰ চিৰ শ্ৰদ্ধাৰ শ্ৰীযুত কৰুনা কান্ত ভড়ালী, জ্যেষ্ঠ ভাতৃ স্বৰূপ শ্ৰীযুত যাদব সেন ডেকালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰীনৃপেন্দ্ৰ নাথ ডেকা আৰু শ্ৰীউদয় বৰ্মনলৈ থাকিল মোৰ অকৃত্ৰিম মৰম। কিতাপখন পাণ্ডুলিপিতে চকু ফুৰাই বৰ্ণাশুদ্ধিৰ কিছু দায়িত্ব লোৱা বাবে মোৰ বোৱাৰী পল্লবীলৈ মোৰ আন্তৰিক মৰম স্নেহ যাচিছোঁ।
ভুল-ক্ৰতি মোৰ কাম্য নহয়, ভুল হয়তো বহুতো হব পাৰে। তাৰ বাবে মই দুঃখিত। সদৌ শেষত পাঠকৰ ওচৰলৈ আগবঢ়ালো সৰাপাহিবোৰ। আশাকৰো সহৃদয় পাঠকে “সৰাপাহি ” বুটলি লব।
-শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালি)
লিখকৰ অন্য গ্ৰন্থসমূহ
১। ১৯৭৯-৮০ চনৰ ৰক্তাক্ত ইতিহাস |
২। বিল্বেশ্বৰ দেৱালয়ৰ আদিকথা |
ছপা: ফ্ৰেইণ্ডচ অফছেট প্ৰেছ, বেলশৰ বজাৰ
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।