শুৱনী আমনি বসন্ত আহিলে
        তাতোকৈ একাচি চৰে ;
সেইহে কুলিৰ সুৱাগী মাতত
        নিকুঞ্জ কানন ভৰে ৷
নুফুলিলে ফুল গোন্ধাই-মালতী
        ভোমোৰা কাষলৈ নাহে ৷
ফুলিছে এতিয়া, লাটি-পুটি কৰি
        পৰিবহি পাহে পাহে ৷
নিচেই নিজম ৰাতিৰ আকাশ
        তাতহে জিলিকে তৰা;
পদুম পাহিত ভোমোৰা বলিয়া
        বিশ্বকৰ্ম্মাই গঢ়া ৷
স্বাৰ্থত পগলা জগত অন্ধলা
        স্বাৰ্থৰ জৰীৰে বন্ধা;
নিখিল সংসাৰে ক্ষুদ্ৰ জীৱ মই
        স্বাৰ্থই লগালে তধা ৷