স্বাধীনতাৰ হকে প্ৰাণ পুৰি মাৰে

 স্বাধীনতাৰ হকে প্ৰাণ পুৰি মাৰে

          দেশৰ দুখে দেখি কান্দে হিয়াই

ভিখাৰে জুলি লৈ ওলায়ে আহিছোঁ

          বিমুখ নকৰিবা আমাকে আই ৷



আমি তিয়াগিছোঁ বিষয়ে বাসনা

         অগনি লুইতত প্ৰাণে উটাই

গৃহস্থৰ ঘৰৰে লখিমী বোৱাৰী

          অন্ন এমুঠি দিয়া বিলাই ৷



দেশৰ দুখে দেখি লুইতে বিনাইছে

          কাৰ চকুলোনো পাৰে নবই

অহিংস যুঁজৰে ৰণৰ ৰণশিঙাই

          মাতে ঘনাই ঘনাই

                  যাৱেঁ বেগাই

          বিমুখ নকৰিবা আমাকে আই ৷৷