স্বাগতম পৰীক্ষা/প্ৰশ্নকাকত বিতৰণৰ পাছত আৰু সামৰণি
[ ৫৩ ]
প্ৰশ্নকাকত বিতৰণৰ পাছত আৰু সামৰণি
পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণৰ লগে লগে পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো আৰম্ভ হোৱা বুলি ক’ব পাৰি। নিৰ্দিষ্ট সময়ৰ ভিতৰত সুন্দৰভাৱে শুদ্ধকৈ প্ৰশ্নকাকতৰ উত্তৰসমূহ উত্তৰৰ বহীত লিপিবদ্ধ কৰাৰ দক্ষতাৰ ওপৰতেই পৰীক্ষাৰ্থীজনৰ পৰীক্ষাত সফলতা নিৰ্ভৰ কৰে। গতিকে পৰীক্ষাত উত্তৰ কৰা এই পৰ্যায়টো তেওঁলোকে অতি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু ইয়াত সাহসেৰে অৱতীৰ্ণ হ’ব লাগিব।
প্ৰশ্নকাকতখন পায়েই বহুতো পৰীক্ষাৰ্থী কিংকৰ্তব্যবিমূঢ় বা নাৰ্ভাছ হৈ পৰে যিটো পৰীক্ষাত আশানুৰূপ ফল নোপোৱাৰ এক প্ৰধান কাৰণ। আগৰে পৰাই সাহস গোটাই ৰাখিলে পৰীক্ষাৰ্থীসকলে সাধাৰণতে প্ৰশ্নকাকতখন বিতৰণৰ সময়তো নিৰ্বিকাৰ হৈ থাকিব পাৰে। প্ৰশ্নকাকতখন পায়েই পৰীক্ষাৰ্থীসকলে গোটেইখন খৰকৈ পঢ়ি পেলাব লাগে। প্ৰশ্নকাকতখন পঢ়োতে সময় খৰচ হোৱা বুলি ভাবিব নালাগে। কাৰণ প্ৰশ্নখন পঢ়াৰ পিছত তাৰ ওপৰত এটি ধাৰণা হয় যিয়ে সেইখনৰ উত্তৰ কৰাত পৰীক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰে। প্ৰশ্নকাকতখন পঢ়াৰ ক্ষেত্ৰত প্ৰথমেই চন আৰু পৰীক্ষাৰ বিষয় ঠিক আছেনে চাই ল’ব লাগে। প্ৰথম, দ্বিতীয়, তৃতীয় আদি প্ৰশ্নকাকতৰ নম্বৰসমূহো সঠিক আছেনে চাব লাগে। অন্যথা লগে লগে পৰীক্ষাৰ পৰিচালকমণ্ডলীৰ দৃষ্টিগোচৰ কৰিব লাগে। প্ৰশ্নকাকতখনৰ উত্তৰ কৰিবলৈ দিয়া নিৰ্দিষ্ট সময়, বিভিন্ন গ্ৰুপ, প্ৰতিটো গ্ৰুপৰ উত্তৰ কৰিবলগীয়া প্ৰশ্নৰ সংখ্যা, বাধ্যতামূলক প্ৰশ্ন আদি প্ৰশ্নখনৰ আন কিছুমান মন কৰিবলগীয়া কথা। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল এই যে, প্ৰশ্নৰ গাঁথনি কেতিয়াবা সলনিও হ’ব পাৰে। আগৰ গাঁথনিমতেই প্ৰশ্নোত্তৰ কৰিবলৈ গৈ পৰীক্ষাৰ্থীয়ে কেতিয়াবা ঠগ খোৱাৰ সম্ভাৱনাও থাকে। গতিকে প্ৰশ্নকাকতখন প্ৰথমৰ পৰাই এবাৰ মনোযোগেৰে কিন্তু খৰকৈ পঢ়ি লোৱাটো তেওঁলোকৰ একান্ত কৰ্তব্য। প্ৰথম দৃষ্টিত প্ৰশ্নকাকতখন বহুতৰে বাবে আচহুৱা যেন লাগিব পাৰে। কিন্তু শান্ত মস্তিষ্কৰে পঢ়ি ল’লে সাধাৰণতে দেখা যায় যে, প্ৰায়বোৰ প্ৰশ্নৰ লগতে পৰীক্ষাৰ্থীসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিচিত আৰু ইয়ে তেওঁলোকক উত্তৰ কৰাৰ বাবে আত্মবিশ্বাস বঢ়াই তোলে।
প্ৰশ্নকাকতখন পঢ়াৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ কৰিব পৰাকৈ ইয়াৰ পৰিকল্পনাৰ এটি ধাৰণা মনতে কৰি ল’ব লাগে। দীঘলীয়া প্ৰশ্নবোৰৰ ক্ষেত্ৰত কিমান সময় উত্তৰৰ বাবে দিব পাৰি তাকো পৰিকল্পনা কৰি ল’ব লাগে। অৱশ্যে মুঠ সময়ৰ [ ৫৪ ] প্ৰায় ১০ শতাংশ সময় পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাৰ বাবে ৰাখিবই লাগিব। চুটি বা অতি চুটি প্ৰশ্নবোৰৰ বাবে সময়ৰ পৰিকল্পনা কৰাৰ বিশেষ আৱশ্যকতা নাই, কাৰণ সাধাৰণতে সেইবোৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰি। কেতিয়াবা অতি কম সময়ৰ ভিতৰতে কেইবাটাও দীঘলীয়া প্ৰশ্ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে ক্ষেত্ৰত খুব ভালকৈ কমসংখ্যক প্ৰশ্নোত্তৰ কৰাতকৈ অলপ চুটি চুটিকৈ হ’লেও কৰিবলগীয়া আটাইকেইটা প্ৰশ্নোত্তৰ কৰিলে কিছু বেছি নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। এনে ক্ষেত্ৰত প্ৰশ্নোত্তৰবোৰৰ ব্যাখ্যাত্মক কথাবোৰ বাদ দি কেৱল মূলকথা বা পইণ্টবোৰ লিখি ইয়াত চুটি কৰিব পাৰি। ৰসায়ন বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণবোৰ দিলেই হ’ল। অংকৰ ক্ষেত্ৰত চিহ্ন ব্যৱহাৰ কৰিব লাগে। বিজ্ঞানত ছবি আঁকিব লাগে। ‘কেৱল উত্তৰ দিয়া’ ধৰণৰ প্ৰশ্নত শব্দেৰেই উত্তৰ দিব পাৰিলে বাক্য লিখি উত্তৰ দীঘল কৰিব নালাগে। ‘খালী ঠাই পূৰণ কৰা’ ধৰণৰ প্ৰশ্নত কেৱল খালী ঠাইত বহুৱাবলগা শব্দবোৰ লিখিলেই হ’ল। ‘শুদ্ধ উত্তৰটো বাছি উলিওৱা’ প্ৰশ্নত শুদ্ধ উত্তৰৰ নম্বৰটো দিলেই হ’ব। অত্যন্ত আৱশ্যক হ’লেহে ৰিভাইছৰ বাবে ৰখা আছুতীয়া সময়ৰ কিছু অংশ উত্তৰ লিখাত খৰচ কৰিব লাগে। আনহাতে সময় যথেষ্ট, কিন্তু কৰিব পৰা প্ৰশ্নৰ সংখ্যা বহুখিনি কম হ’লেও— অৰ্থাৎ প্ৰশ্নকাকতৰ প্ৰশ্ন ‘কমন’ নপৰিলেও পৰীক্ষাৰ্থীসকল নাৰ্ভাছ হ’ব নালাগে। অত্যন্ত বেয়া অৱস্থাৰ পৰাও নিজস্ব ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সৰ্বাধিক লাভ আহৰণ কৰাতেই পৰীক্ষাৰ্থীসকলৰ কৃতিত্ব নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত জনা প্ৰশ্নোত্তৰবোৰ বেছ ভালদৰে দীঘলীয়াকৈ লিখিব লাগে। কিবা প্ৰশ্ন সামান্যতম উত্তৰো জনা থাকিলে তাক ব্যাখ্যা কৰি লিখিব লাগে। ছবি, গ্ৰাফ আদি অপ্ৰাসংগিক নহ’লে বেছি পৰিমাণে ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ উত্তৰ কৰা নহ’লেও কোনো প্ৰশ্নোত্তৰ কাটি থৈ আহিব নালাগে। অসম্পূৰ্ণ উত্তৰৰ বাবেও কিছু নম্বৰ পোৱা যায়। কেতিয়াবা প্ৰশ্নতো ভুল থাকিব পাৰে বা পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নও থাকিব পাৰে। এনে ক্ষেত্ৰত তেনে বিতৰ্কিত প্ৰশ্ন বাদ দিব লাগে। কিন্তু তেনে প্ৰশ্ন বাধ্যতামূলক হ’লে নিজে জনা ধৰণেৰে উত্তৰ কৰি আহিব লাগে। উত্তৰ কৰাৰ ক্ষেত্ৰত বাওঁফালৰ মাৰ্জিনত প্ৰশ্নৰ নম্বৰ দিব লাগে। প্ৰশ্নোত্তৰ শেষ হ’লেও এটি শেষ চিন দিব লাগে। সাধাৰণতে আটাইতকৈ উজু বা ‘কমন’ পৰা প্ৰশ্নোত্তৰেৰেই উত্তৰ লিখা আৰম্ভ কৰা উচিত। কাৰণ কিছু নম্বৰৰ উত্তৰ কৰাৰ পিছত পৰীক্ষাৰ্থীসকলৰ আত্মবিশ্বাস স্বাভাৱিকভাৱেই বৃদ্ধি হয় যিয়ে পিছত কঠিন প্ৰশ্নবোৰৰ উত্তৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। যিমান পাৰি প্ৰশ্নত সোধা ধৰণেৰে বা টু-দি-পইন্ট উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি নম্বৰৰ বাবে উত্তৰ দীঘলীয়াকৈ আৰু কম নম্বৰৰ বাবে চুটিকৈ কৰিবলৈ যত্ন কৰিব লাগে। প্ৰশ্নোত্তৰবোৰ কৰোতে এনেদৰে কৰিব লাগে যাতে প্ৰদত্ত সময়খিনিৰ সুব্যৱহাৰ [ ৫৫ ] হয়। অৰ্থাৎ সময়ৰ নাটনিও নহয় বা অযথা সময় ৰাহি হৈও নাথাকে। প্ৰশ্নোত্তৰ কৰাৰ পিছত উত্তৰবহীৰ পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাটো পৰীক্ষাত ভাল ফলাফল আশা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰ্যায়। ৰিভাইছ কৰোতে লক্ষ্য কৰিবলগীয়া বিষয়বোৰ হ’ল— উত্তৰবহীৰ প্ৰথম পৃষ্ঠাত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ, বিষয়, প্ৰশ্নকাকতৰ নম্বৰ আদি লিখা হৈছেনে নাই, প্ৰশ্নোত্তৰৰ আৰম্ভণিতে প্ৰশ্নৰ নম্বৰ দিয়া হৈছেনে নাই, প্ৰশ্ন অনুযায়ী উত্তৰ কৰা হৈছেনে নাই, উত্তৰবহীত অতিৰিক্তভাৱে যোগ দিয়া পৃষ্ঠাবোৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আদি লিখা হৈছেনে নাই, সেইবোৰ মূলবহীৰ লগত ভালদৰে গাঁঠি লোৱা হৈছেনে নাই, গণিতৰ আৰম্ভণি আৰু শেষ শুদ্ধ হৈছেনে, ছবিবোৰ চিহ্নিত বা লেবেলিং কৰা হৈছেনে নাই ইত্যাদি। তথাপি সময় থাকিলে দুই- এটা প্ৰশ্নোত্তৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়িও চাব লাগে। মুঠতে পৰীক্ষা লিখাৰ বাবে প্ৰদত্ত আটাইখিনি সময় খৰচ নোহোৱালৈকে বাৰে বাৰে ৰিভাইছ কৰি থাকিব লাগে আৰু পৰীক্ষাৰ অন্তিম ঘণ্টাৰ পিছতহে পৰীক্ষাগৃহত বহী জমা দি লগত নিয়া কলম, প্ৰবেশ-পত্ৰ, ঘড়ী, জ্যামিতি বাকচ, লগ তালিকা, গণকযন্ত্ৰ আদি সামৰি পৰীক্ষাগৃহ ত্যাগ কৰিব লাগে।
বেছিভাগ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হৈ যোৱাৰ পিছত উত্তৰ শুদ্ধাশুদ্ধ হোৱা সম্পৰ্কে পৰস্পৰে ব্যাপকভাৱে আলোচনা চলোৱা দেখা যায়। পৰৱৰ্তী বিষয়ৰ পৰীক্ষাৰ বাবে ই বহুখিনি ক্ষতিকাৰক। বিগত পৰীক্ষাত কৰি অহা উত্তৰসমূহ ভুল হ’লে এনে আলোচনাই পৰীক্ষাৰ্থীসকলক মানসিকভাৱে আঘাতহে দিয়ে।
তদুপৰি পৰীক্ষা শেষ হোৱাৰ পিছতেই জিৰণিৰ বাবে বেছিভাগ পৰীক্ষাৰ্থীয়েই চিনেমা, থিয়েটাৰ আদি উপভোগ কৰিবলৈ দৌৰ মাৰে। পৰীক্ষা লিখোতে চকু আৰু মগজুৰ প্ৰচুৰ ব্যৱহাৰ হয় আৰু ফলত ইয়াৰ ওপৰত যথেষ্ট জোৰ পৰে। চিনেমা, থিয়েটাৰ আদিয়ে পৰীক্ষাৰ্থীক জিৰণি দিয়াৰ সলনি বেছি ভাগৰুৱা কৰিহে তোলে। গতিকে পৰৱৰ্তী পৰীক্ষাৰ বাবে অধ্যয়নৰ কাৰণে সাজু হ’বলৈ শৰীৰ তথা মন পুনৰ সতেজ কৰি তুলিবলৈ পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ পৰা পোনে পোনে ঘৰলৈ গৈ শুবলৈহে যত্ন কৰিব লাগে। প্ৰায় এঘণ্টামানৰ গভীৰ টোপনিয়েই তেওঁলোকৰ মগজুৰ জিৰণিৰ বাবে যথেষ্ট। বিগত পৰীক্ষাৰ কথা কাৰো লগতেই আলোচনা নকৰি, পৰৱৰ্তী পৰীক্ষাৰ বাবে আঁচনি প্ৰস্তুত কৰি, অলপো সময় নষ্ট নকৰি পুনৰ অধ্যয়নত ব্যস্ত হ’ব লাগে। লগে লগে প্ৰথম দিনৰ পৰীক্ষাৰ দৰেই একে পদ্ধতি প্ৰয়োগ কৰি সেই বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হ’ব লাগে আৰু আগৰ দৰেই সাহসেৰে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এইলানি দীঘলীয়া প্ৰবন্ধত, কোনো এটি পাঠ্যক্ৰমৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হোৱাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰিকল্পনাৰ পৰা টোকা [ ৫৬ ] প্ৰস্তুত, অধ্যয়নৰ পদ্ধতি আদি আলোচনাৰ যোগেদি অৱশেষত পৰীক্ষা লিখাৰ ক্ষেত্ৰত সৰ্বাধিক সুবিধা গ্ৰহণ কৰা প্ৰণালীৰ ওপৰত বিস্তৃত আলোচনা কৰিলো। গোটেইলানি প্ৰবন্ধত নিজস্ব প্ৰচেষ্টাৰ ওপৰতে যদিও প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হৈছিল, তথাপি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অথবা অভিভাৱকসকলৰ ভূমিকা মুঠেই অপ্ৰাসংগিক বা কম গুৰুত্বপূৰ্ণ নহয়। বৰঞ্চ বিদ্যালয়ৰ শিক্ষা, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা তথা অভিভাৱকসকলৰ দায়বদ্ধতাৰ লগতে নিজস্ব অধ্যৱসায়ৰ পৰিপূৰক হিচাপেহে ‘স্বাগতম পৰীক্ষা’ প্ৰবন্ধলানি ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থীসকল পৰীক্ষাত আশাতীতভাৱে সফল হ’ব বুলি আমি নিশ্চিত।
সমাপ্ত