স্বাগতম পৰীক্ষা/পাঠ আয়ত্তকৰণ— অধ্যয়নৰ অন্তিম স্তৰ

[ ৪৫ ]

 

পাঠ আয়ত্তকৰণ— অধ্যয়নৰ অন্তিম স্তৰ

 এতিয়া কথা হ’ল, বিভিন্ন বিষয়ৰ বিভিন্ন অতি দৰকাৰী, দৰকাৰী আদি পাঠবোৰ আয়ত্ত কৰা যায় কেনেকৈ? আগতে উল্লেখ কৰাৰ দৰে আয়ত্ত কৰা বুলিলে অধ্যয়নৰ যোগেদি বুজি পোৱা, ধাৰণা কৰা আৰু অৱশেষত পাঠটো মুখস্থ কৰাটোকেই বুজায় যদিও পৰীক্ষাৰ ঠিক আগৰ এই সময়ছোৱাত শেষৰটো পৰ্যায় মুখস্থ কৰাতেই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ টোকা প্ৰস্তুত কৰাৰ সময়তেই আমি বাকীকেইটা পৰ্যায় কম-বেছি পৰিমাণে পাৰ হৈ অহা বুলি ধৰি ল’ব পাৰি। এতিয়া এটা পাঠ পঢ়ি ল’ব লাগে। সংজ্ঞা, সূত্ৰ, উদাহৰণ, তাৰিখ, ব্যক্তি বা বস্তুৰ নাম, ছবি, যুক্তি, গাণিতিক প্ৰকাশ ৰাশি, উদ্ধৃতি আদি পাঠটোত থাকিলে তাত অধিক মনোযোগ প্ৰদান কৰিব লাগে। তাৰ পাছত পাঠটো লিখি চাব লাগে। মনত নপৰা কথাবোৰ টোকাৰ দৰে হুবহু মনত ৰাখিবই লাগিব। কিন্তু কিছুমানৰ মূলভাবটো মনত ৰাখি পুনৰবাৰ লিখোতে কিছু সলনি কৰি লিখিলেও হ’ব; অৱশ্যে সকলো ক্ষেত্ৰতে যিমান পাৰি সিমান টোকা হুবহু মনত ৰখাটোৱেই বাঞ্ছনীয়। কিন্তু সংজ্ঞা, সূত্ৰ আদি উপৰোক্ত অধিক মনোযোগ দিবলগীয়া কথাবিলাক সকলো ক্ষেত্ৰতে হুবহু মনত ৰাখিবই লাগিব, আৰু পৰীক্ষাত উপস্থাপন কৰিব পাৰিব লাগিব। কোনো পাঠৰ টোকা যথেষ্ট দীঘল হলে টোকাবহীত কাঠ পেঞ্চিলেৰে দাগ দি টোকাটো সুবিধাজনক ভাগত ভাগ কৰি ল’ব লাগে আৰু ভাগবোৰ বেলেগ বেলেগকৈ আয়ত্ত কৰিবলৈ যত্ন কৰিব লাগে। শেষত একেবাৰতে এবাৰ বা দুবাৰ লিখি চাব লাগে। অসমীয়া, ইংৰাজী বা আন সাহিত্য সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত আৱশ্যকীয় পাঠবোৰ আৰু তাৰ লিখকসকলৰ নামবোৰ বাৰে বাৰে লিখি শুদ্ধভাৱে মুখস্থ কৰিব লাগে। প্ৰতিটো পাঠৰ সাৰাংশসমূহ মুখস্থ নকৰিলেও বেছ ভালদৰে পঢ়ি ৰখাটোও আৱশ্যকীয়। এনে বিষয়বোৰৰ ব্যাকৰণ বা গ্ৰামাৰ অংশৰ বিভিন্ন সংজ্ঞা আৰু উদাহৰণবোৰ মুখস্থ ৰাখিবই লাগিব। উদাহৰণ যিমান পাৰি বেছি পঢ়িব লাগে যাতে পৰীক্ষাত কেইটামান হলেও মনত থাকে। ৰচনাৰ বিভিন্ন ভাগ বা পইণ্টবোৰ একাদিক্ৰমে মনত ৰাখিবলৈ যত্ন কৰিব লাগে, গোটেই ৰচনাখন হুবহু মনত নাথাকিলেও কথা নাই। ইয়াৰ ভিতৰত থকা উদ্ধৃতি আদি কিন্তু ভালদৰে লিখি লিখি মুখস্থ কৰা উচিত। অংকৰ ক্ষেত্ৰত কাগজ-কলম লৈ অংকবোৰ কৰি চোৱাটোত বেছি গুৰুত্ব আৰোপ কৰিব লাগে। এনে ক্ষেত্ৰতো প্ৰথমে একেবিধ নিয়মৰ অংকবোৰ পঢ়ি লৈ যিমান পাৰি [ ৪৬ ] বেছি সেই নিয়মৰ অংকবোৰ দ্ৰুততাৰে কৰিবলৈ যত্ন কৰিব লাগে। বিভিন্ন সূত্ৰ আৰু সেইবোৰৰ নিগমন পদ্ধতি ভালদৰে লিখি লিখি মুখস্থ কৰিব লাগে। একেবিধ অংকৰে বেলেগে বেলেগ নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে আৰু নিয়মবোৰৰ মাজৰ মূল পাৰ্থক্যটো কি তাক বিচাৰি উলিয়াব লাগে। অতি দৰকাৰী অংকবোৰৰ উত্তৰবোৰো মনত ৰাখিবলৈ যত্ন কৰিব লাগে। পৰীক্ষাৰ বাবে কিছুমান অত্যন্ত দৰকাৰী অংকৰ ক্ষেত্ৰত প্ৰতিটো শাৰী বা ষ্টেপ মুখস্থ কৰি ৰাখিব লাগিব; সাধাৰণতে কৰাৰ দৰে আগৰ শাৰীৰ পৰা বুজি বুজি পিছৰ শাৰীবোৰ নিগমন কৰিলে পৰীক্ষাত সময় নহ’ব। জ্যামিতিৰ ক্ষেত্ৰতো মুখস্থ কৰোতে সদায় য’ত আৱশ্যক হয় ছবিটো প্ৰথমে আঁকি লৈ তাৰ ভিত্তিত বাকী অংশ লিখি যাব লাগে। এই ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, উপপাদ্য আদি ভালদৰে মুখস্থ কৰিব লাগে। বুৰঞ্জী বিষয়ৰ ক্ষেত্ৰত বিভিন্ন ঘটনাৰ চন-তাৰিখবোৰ অত্যন্ত দৰকাৰী আৰু সেইবোৰ ভালদৰে লিখি মুখস্থ কৰিব লাগে। এখন বহীত চন-তাৰিখ আৰু ঘটনাবোৰৰ এখন তালিকা তৈয়াৰ কৰি মাজে মাজে সেইবোৰ মনত পেলাই থাকিব লাগে। বিভিন্ন চনবোৰৰ মাজত, এশ বছৰ আগৰ, এশ বছৰ পিছৰ, চনটো ওলোটাই লিখা আদি সম্বন্ধ আনিবলৈ যত্ন কৰিব লাগে যাতে এটি চন মনত ৰাখি লৈ বাকীবোৰ চন এই সম্বন্ধবোৰৰ পৰাই উলিয়াব পৰা যায়। বিভিন্ন সময়ৰ শাসনকৰ্তাসকলৰ দ্বাৰা শাসিত অঞ্চলৰ মানচিত্ৰ আঁকি তাৰ বিভিন্ন অঞ্চল চিহ্নিত কৰি সেইবোৰ মনত ৰাখিবলৈ যত্ন কৰিব লাগে। ভূগোল বিষয়ৰ ক্ষেত্ৰতো মানচিত্ৰৰ গুৰুত্ব অপৰিসীম। সেইবোৰ খুব ভালদৰে বুজি লৈ আঁকিবলৈ যত্ন কৰিব লাগে। ভূগোল আৰু বুৰঞ্জীৰ ক্ষেত্ৰত মানচিত্ৰসমূহ ভালদৰে জনা থাকিলে তাৰ ভিত্তিত বহু তথ্য মনত ৰাখিব পাৰি। বিজ্ঞানৰ ক্ষেত্ৰত বুজা আৰু মুখস্থ কৰা দুয়োটাৰে গুৰুত্ব সমান আৰু সৰ্বাধিক। বিজ্ঞানৰ ক্ষেত্ৰত নুবুজাকৈ কেতিয়াও মুখস্থ কৰিবলৈ যত্ন কৰিব নালাগে। এই বিষয়ৰ ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, গাণিতিক প্ৰকাশ ৰাশি, বিভিন্ন নাম, উদাহৰণ আদি ভালদৰে লিখি লিখি মনত ৰাখিব লাগে। ছবিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে আৰু বিভিন্ন অংশবোৰৰ শুদ্ধ নামকৰণসহ ছবিবোৰ বাৰে বাৰে দ্ৰুতভাৱে অঁকাৰ অভ্যাস কৰিব লাগে। বহুক্ষেত্ৰত ছবিবোৰ ভালদৰে জনা থাকিলে তাৰ ভিত্তিতে বিজ্ঞানৰ বিভিন্ন বিষয় বিভাগ, উপ- বিভাগ, তালিকা আদিত বিভক্ত কৰি অধ্যয়ন কৰিলে বুজা আৰু মনত ৰখাত সহায়ক হয়। এনেদৰে অধ্যয়ন আগবঢ়াৰ লগে লগে আন আন বিষয়ৰ ক্ষেত্ৰতো আৱশ্যকীয় পৰিকল্পনা পৰীক্ষাৰ্থীসকলে নিজে নিজেই গ্ৰহণ কৰিব পাৰিব আৰু পাঠবোৰ আয়ত্ত কৰিব পাৰিব।

 বিভিন্ন বিষয়ত সন্নিৱিষ্ট বিভিন্ন তথ্য মনত ৰখাৰ যথেষ্টসংখ্যক বিভিন্ন আকৰ্ষণীয় কৌশল বুদ্ধিমান ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ বা আন উৎসাহী ব্যক্তিসকলে ইতিমধ্যেই উদ্ভাৱন [ ৪৭ ] কৰি গৈছে বা প্ৰতিদিনেই কৰিয়েই আছে আৰু সেইবোৰ পত্ৰ-পত্ৰিকা আৰু পুথি আদিত প্ৰকাশ হৈয়েই আছে। ছাত্ৰ-ছাত্ৰীসকলে কোনো পাঠ্যক্ৰমৰ অধ্যয়নৰ আৰম্ভণিৰ পৰাই এইবোৰৰ প্ৰতি কৌতূহলী হ’ব লাগে আৰু দৰকাৰী কৌশলবোৰ চমুকৈ বেলেগকৈ এখন বহীত টুকি ৰাখিব লাগে। অৱশ্যে উপযুক্ত ঠাইত সঘন ব্যৱহাৰহে এইবোৰ মনত ৰখাৰ প্ৰকৃষ্ট উপায়। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যক অনুযায়ী মনত ৰখাৰ বিভিন্ন কৌশল উদ্ভাৱন কৰিবলৈ যত্ন কৰিব লাগে। ইয়াত বিভিন্ন কৌশলসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা নহ’ল।

 মুঠতে এনেদৰে সুনিৰ্দিষ্ট পৰিকল্পনাৰে সময়ৰ সদ্ব্যৱহাৰ কৰি অধ্যয়ন আগবঢ়াই নিলে কঠিন পাঠসমূহো এক যুক্তিযুক্ত সময়ৰ ভিতৰতে পৰীক্ষাৰ্থীসকলৰ আয়ত্তাধীন হ’বলৈ বাধ্য।❏