স্বাগতম পৰীক্ষা/পঢ়া কোঠাৰ পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰী
[ ২২ ]
পঢ়া কোঠাৰ পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰী
এতিয়া আহিল পঢ়া কোঠাৰ পৰিবেশৰ কথা। সামাজিক, আৰ্থিক বা সাংস্কৃতিক পৰিবেশৰ ভিন্নতাৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ এক আদৰ্শ পৰিবেশ সদায় নাপাবও পাৰে। কিন্তু বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা, নিষ্ঠা, সাধনা, অধ্যৱসায় আৰু মেধাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজস্ব অধ্যয়ন চলাই যাব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বাবে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ বিভিন্ন কঠিন, প্ৰতিকূল পৰিস্থিতিৰ মাজতো অধ্যয়ন চলাই বিশ্ববিশ্ৰুত সাহিত্যিক, বিজ্ঞানী, শিল্পী, ৰাজনীতিবিদ, সমাজসেৱক, গৱেষক হোৱাৰ দৃষ্টান্ত বিশ্ব ইতিহাসত বহুতো আছে। আনহাতে সোণ-ৰূপৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰি, সকলো ধৰণৰ ৰাজকীয় সা-সুবিধা পায়ো বছৰৰ পিছত বছৰ ধৰি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কম নহয়। মুঠতে অধ্যয়নত নিষ্ঠা, অধ্যৱসায়েই মূল কথা। তথাপি যদি সম্ভৱ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা আন প্ৰযুক্তিবিদ্যাভিত্তিক শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলৰ সুকীয়া সুকীয়া পঢ়া কোঠাৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰাবাস বা ছাত্ৰীনিবাসৰ কথা পিছলৈ থৈ আমি পোনতে নিজৰ ঘৰখনৰ পৰিপ্ৰেক্ষিততে ছাত্ৰ-ছাত্ৰীৰ পঢ়া কোঠাৰ পৰিবেশৰ কথা আলোচনা কৰো। পোহৰৰ সু-ব্যৱস্থা, নিৰ্মল বায়ু চলাচলৰ সুবিধা আৰু কোলাহলৰ পৰা মুক্তি— এনে পঢ়া কোঠাৰ অন্যতম চৰ্ত। মনত ৰাখিবলগীয়া কথা এয়েই যে, পঢ়া কোঠাৰ সুন্দৰ পৰিবেশে ইয়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বঢ়ায় আৰু তেওঁলোকে বিৰক্ত নোহোৱাকৈ বেছি সময় অধ্যয়নত নিজকে নিয়োজিত কৰিব পাৰে। চকুৰ জিৰণিৰ বাবে কোঠাৰ বেৰৰ ৰং নীলাভ বা শ্যামল বগা হোৱা প্ৰয়োজন। পোহৰো পৰিমিত পৰিমাণৰ হ’ব লাগে। দিনত সূৰ্যৰ প্ৰতিফলিত পৰোক্ষ পোহৰেই যথেষ্ট হ’ব লাগে। ৰাতিৰ বাবে সাধাৰণ বিজুলী-বাতিৰ সলনি নিয়ন চাকি ব্যৱহাৰ কৰিব লাগে। অৱশ্যে বিদ্যুৎ সৰবৰাহ নথকা ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰিবেশৰ লগত খাপ খুৱাই ভাল উজ্জ্বল পোহৰৰ এটি কেৰাচিন তেলৰ টেবিল লেম্প বা হাৰিকেন লেম্প যোগাৰ কৰি ল’ব লাগিব। বায়ু চলাচলৰ ক্ষেত্ৰততা সাৱধান হ’ব লাগিব যাতে শীতকালত খুব বেছি পৰিমাণে শীতল বতাহ পঢ়া কোঠাত প্ৰবেশ কৰিব নোৱাৰে। আনহাতে গ্ৰীষ্মকালত অতিৰিক্ত অসহ্য গৰমৰ পৰা হাত সাৰিবলৈ পঢ়া কোঠাত শীততাপ নিয়ন্ত্ৰক বা বিজুলী পাংখা [ ২৩ ] উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে গ্ৰাম্য পৰিবেশত ডাঠকৈ ঢকা খেৰৰ চালৰ বাঁহৰ ঘৰেই বহু পৰিমাণে শীত-তাপ নিয়ন্ত্ৰিত ঘৰৰ কাম কৰে আৰু গাঁৱৰ ছাত্ৰ- ছাত্ৰীসকলে এনেকুৱা কোঠাকেই পঢ়া কোঠা হিচাপে সুন্দৰভাৱে ব্যৱহাৰ কৰিব লাগিব। সম্পূৰ্ণ নিৰ্জনতা নে কিছু পৰিমাণে কোলাহল পঢ়াৰ বাবে উপযোগী সেই বিষয়ে মতভেদ আছে যদিও অধিক কোলাহলে যে অধ্যয়নত বাধা জন্মায় সি নিশ্চিত। গতিকে ছাত্ৰ-ছাত্ৰীসকলে সদায় এক কোলাহলমুক্ত পৰিবেশ লাভ কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত। এটা অঞ্চল বা চুবুৰীৰ ছাত্ৰ-ছাত্ৰীসকলে সংঘবদ্ধ হৈ সচেতনতাৰে প্ৰচেষ্টা চলালে সেই অঞ্চলটো বহুতো অপ্ৰয়োজনীয় কোলাহলৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায়। তথাপি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰে বিয়পাই দিয়া আধুনিক সভ্যতাৰ বিভিন্ন উপাদানৰ বাবে নগৰ, মহানগৰ আদি গ্ৰাম্যাঞ্চলৰ তুলনাত বহু বেছি পৰিমাণে কোলাহল অধ্যুষিত হৈ পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত বাধা জন্মাইছে। কিন্তু তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে সুযোগ-সুবিধা উলিয়াই, পৰিস্থিতিৰ লগত খাপ খুৱাই অধ্যয়ন চলাই যাব লাগিব। আনহাতে আকৌ সম্পূৰ্ণ নিৰ্জনতাতকৈও পঢ়া কোঠাত এক মৃদু সংগীত বাজি থাকিলে বহু ছাত্ৰ-ছাত্ৰীয়ে আনন্দমনেৰে পঢ়াত মনোনিবেশ কৰিব পাৰে আৰু বাহিৰা অদৰকাৰী কোলাহলেও আমনি কৰিব নোৱাৰে। এনে ক্ষেত্ৰত সুবিধা থাকিলে ৰেডিঅ’, টেপৰেকৰ্ডাৰ বা গ্ৰামোফোনৰ পূৰ্ণ সুযোগ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব লাগে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে স্থাপন কৰা হয় আৰু উপৰোক্ত সুযোগ-সুবিধাবোৰৰ প্ৰতি লক্ষ্য ৰখা হয়। কিন্তু প্ৰায়বোৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাসৰ কোঠাসমূহত দুই-তিনিগৰাকী ছাত্ৰী-ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হয়। গতিকে এনে ক্ষেত্ৰত আবাসীসকলে নিজৰ মাজতে পঢ়াশুনাৰ সময় আদি বিভিন্ন বিষয় খাপ খুৱাই চলিব লাগিব। কিন্তু কোনো ক্ষেত্ৰতে কোনো আবাসীৰে অধ্যয়ন ক্ষতিগ্ৰস্ত হ’ব নোৱাৰিব।
শেষত কওঁ, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া কোঠাত মেজ, চকী আদিৰ উপৰিও আন কিছুমান বস্তু, যেনে– টেবিল ঘড়ী বা ৱাল ঘড়ী এটা, এটা ৰেডিঅ’, অভিধান আদি থকাটো ভাল। মুঠতে সকলো পৰিস্থিতিতে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত তীব্ৰভাৱে আত্মনিয়োগ কৰিবই লাগিব, পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ’লে।