স্বাগতম পৰীক্ষা/অংক বা গণিতৰ টোকা প্ৰস্তুতি

[ ৩৫ ]

 

অংক বা গণিতৰ টোকা প্ৰস্তুতি

 এইবাৰ আমি অংক বা গণিত বিষয়ৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে আলোচনা কৰিম। বহুতৰে ধাৰণা যে, অংক কেৱল অভ্যাস কৰাৰ বিষয় আৰু অভ্যাস কৰাৰ ওপৰতে ইয়াৰ পাৰদৰ্শিতা নিৰ্ভৰ কৰে; কিন্তু কথাটো সঁচা নহয়। ভাল ফলাফলৰ বাবে আন বিষয়ৰ দৰে গণিতৰো টোকা প্ৰস্তুত কৰি ল’ব লাগে আৰু এই ক্ষেত্ৰতো অসমীয়া বা ইংৰাজী বিষয়ৰ দৰেই প্ৰথমে প্ৰশ্নসমূহ তথা পাঠ্যপুথিৰ লগত পৰিচিত হৈ, প্ৰসংগ পুথিসমূহ সহায়ক হিচাপে ৰাখি, বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখি গণিতৰ টোকা প্ৰস্তুত কৰাৰ বাবে আগবাঢ়িব লাগে। এই টোকাত থাকিব লাগিব প্ৰতিটো পৰিচ্ছেদৰ ওপৰত চমু আলোচনা, পাঠ্যপুথি আৰু প্ৰসংগ পুথিসমূহত উদাহৰণস্বৰূপে কৰি দিয়া বিশেষ অংকসমূহ, পাঠ্যপুথিৰ অনুশীলনীত কৰিব দিয়া প্ৰতিটো অংক আৰু ইয়াৰ উত্তৰ, প্ৰসংগ পুথিসমূহৰ বেছি গুৰুত্বপূৰ্ণ অংক তথা উত্তৰ আৰু পাঠ্যপুথি তথা প্ৰসংগ পুথিসমূহত নথকা কিন্তু বিগত পৰীক্ষাৰ প্ৰশ্নকাকতত থকা আৱশ্যকীয় অংক তথা উত্তৰ। পিছত অভ্যাস কৰিলে এই টোকাৰ পৰাই অংকসমূহ বাছি ল’ব পৰা যাব। অৱশ্যে অংক বুলি উল্লেখ কৰোতে ইয়াত জ্যামিতি, লেখ, পৰিসংখ্যা আদিকো অন্তৰ্ভুক্ত কৰা হৈছে। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে, বহু ছাত্ৰ-ছাত্ৰীয়ে অংক বুলিলে কেৱল অনুশীলনীৰ অংকবোৰ অভ্যাস কৰিলেই যথেষ্ট হ’ব বুলি ভাবে। কিন্তু প্ৰতিটো বিষয়ৰ অনুশীলনীৰ অংকসমূহ অভ্যাস কৰাৰ আগতে সেইটো পৰিচ্ছেদ বা অধ্যায়ত আলোচনা কৰা কথাখিনি ভালদৰে পঢ়ি লোৱা তথা উদাহৰণ হিচাপে প্ৰতিটো পৰিচ্ছেদত কৰি দিয়া অংকসমূহ বুজি লোৱা অত্যন্ত আৱশ্যকীয়। প্ৰসংগ পুথিসমূহ অধ্যয়ন কৰোতেও এই পদ্ধতিকে অনুসৰণ কৰা আৱশ্যকীয়। অসমীয়া আৰু ইংৰাজী বিষয়ৰ দৰেই অংকৰো টোকা এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে পিছত পাঠ্যপুথি বা প্ৰসংগ পুথি অধ্যয়ন নকৰাকৈয়ে টোকাবহীতে সকলোখিনি আৱশ্যকীয় তথ্য পোৱা যায়। সহজ অংকসমূহ টোকাবহীতে একেবাৰতে কৰি যাব পৰা যায় যদিও কঠিন অংকসমূহ পোনতে আন ঠাইত কৰি চাব লাগে যাতে টোকাবহীত পুনৰ কটা-কটি কৰিবলগীয়া নহয়।

 গণিতৰ ক্ষেত্ৰত বিভিন্ন গাণিতিক চিহ্ন ব্যৱহাৰ কৰাটো অতি সুবিধাজনক। বিভিন্ন যুক্তি আদি আখৰেৰে লিখাতকৈ যদি চিহ্নৰ সুবিধা থাকে তাক গ্ৰহণ কৰিলে সময় ৰাহি [ ৩৬ ] হয় আৰু পৰীক্ষকৰো পৰীক্ষাৰ্থীৰ প্ৰতি ধাৰণা ভাল হয়। অৱশ্যে সাধাৰণতে পাঠ্যপুথিত নথকা অতি অপৰিচিত ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা উচিত নহয়। পৰীক্ষাত লিখাৰ ক্ষেত্ৰত চমু কৰাৰ অৱকাশ ৰাখিলেও টোকা লিখোতে অংকবোৰ বহলাই লিখিব লাগে যাতে পিছত অভ্যাস কৰোতে পিছৰ শাৰী এটা আগৰ শাৰীৰ পৰা কেনেদৰে নিগমন কৰা হ’ল বা আহিল তাকে লৈ বিশেষ চিন্তা কৰিবলগীয়া নহয়। অংকবোৰৰ টোকা সম্পূৰ্ণ শুদ্ধ বুলি পতিয়ন যোৱাৰ আগতে অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰি ল’ব লাগে। কঠিন অংকসমূহো তেওঁলোকৰ পৰা বুজি ল’ব পৰা যায়। প্ৰসংগ পুথি বা সহায়িকা পুথিৰ দ্বাৰাও এই ক্ষেত্ৰত কিছু পৰিমাণে উপকৃত হ’ব পৰা যায়। অৱশ্যে পাঠ্যপুথি, প্ৰসংগ পুথি বা সহায়িকা পুথিত থাকিব পৰা ভুলবোৰৰ প্ৰতি অতি সচেতন হ’ব লাগে। মুঠতে অংকৰ টোকাত হাতত পৰা পৰীক্ষাৰ বাবে সম্ভাব্য সকলোবোৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ যিকোনো উপায়ে সন্নিৱিষ্ট কৰিব লাগিব।

 গণিত বা অংকৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে এইখিনি আলোচনা কৰিলো। গতিকে এতিয়ালৈ অসমীয়া, ইংৰাজী আৰু গণিতৰ টোকা প্ৰস্তুত কৰাৰ পদ্ধতি সম্পৰ্কে তোমালোক নিশ্চয় অৱগত হ’লা। প্ৰায় একে ধৰণৰ পদ্ধতি অনুসৰণ কৰি তোমালোকে বিজ্ঞান, সমাজ অধ্যয়ন আদি বিষয়বোৰৰো টোকা প্ৰস্তুত কৰিব পাৰিবা। বিষয়বস্তু অনুযায়ী বা ইয়াৰ বিচিত্ৰতা অনুযায়ী ইয়াৰ প্ৰশ্নকাকতসমূহৰ গঠনৰ সামান্য পাৰ্থক্য থাকিব পাৰে। কিন্তু তোমালোকৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত এইবোৰ বিষয়ৰো টোকা অনায়াসে প্ৰস্তুত কৰিব পাৰিবা।

 সকলোবোৰ বিষয়ৰে টোকা প্ৰস্তুত কৰোতে পাঠ্যক্ৰমৰ নিৰ্দিষ্ট সময়ৰ এক বুজন অংশ ব্যয় হ’ব। অৱশ্যে লগতে বিষয়বস্তুবোৰ এবাৰ বা দুবাৰ ভালদৰে পঢ়ি লোৱাও হ’ব। ইতিমধ্যে পৰীক্ষাও ওচৰ চাপিব। গতিকে এই টোকাসমূহ লৈ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে বিশেষভাৱে পঢ়াৰ প্ৰস্তুতি চলাব লাগিব। সেই সময়ত ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থীসকলৰ প্ৰধান উদ্দেশ্য হ’ব টোকাত থকা কথাবোৰ শুদ্ধভাৱে বুজি লৈ, সেইবোৰ মনত ৰাখি, পৰীক্ষাগৃহত কম সময়তে যথাযথভাৱে পৰীক্ষাৰ সীমিত সা- সুবিধাৰ মাজতে পৰীক্ষাৰ বহীত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা।