সোণৰ হৰিণা খেদি
সোণৰ হৰিণা খেদি
কোনে গলি আন্ধাৰৰ বাটে
কোনে বিচাৰিলি জীৱনৰ ধন
নোপোৱাৰ ঘাটে ঘাটে.....
নেদেখিলি মোক
বীন বাই যোৱা
পোহৰৰ বাটে বাটে ৷
তোৰ সোণৰ হৰিণা
হেৰাব আন্ধাৰত
ঘূৰি আহি তই
গলে মোৰ বাটে
পাবি, পাবি পোহৰত ৷৷