সোণৰ সঁজাতে বনৰ পখীয়ে
সোণৰ সঁজাতে
বনৰ পখীয়ে
ডেউকা কোবাই উৰে
সোণৰ সঁজাই
তাক বেৰি ধৰে
সি চটেফটাই মৰে ৷
বনৰে চৰাই মই
এৰি দে বনলৈ
সেউজী বুকুলৈ যাওঁ
সোণৰে সঁজা মোৰ
ভাঙি দে ভাঙি দে
বনৰীয়া হাঁহি চাওঁ ৷৷