সোণৰ শৰাই ৰূপৰ শৰাই
সোণৰ শৰাই
ৰূপৰ শৰাই
হীৰা মাণিক
সজাই পৰাই
ললোঁ
তোৰ সভালৈ গলোঁ ৷
আথেবাথে থলোঁ ৷
তোৰ সভাত হীৰাৰ পোহৰ
জয় পৰি গ’ল,
সোণৰ শৰাই
ৰূপৰ শৰাই
ক’লা পৰি ৰ’ল ৷
মোৰ খোপাত থকা
গুটিমালী
তোৰ সভাতো আছিলে ফুলি,
তাৰ কেঁচাবৰণ আছিলে উজলি ৷
তাকে লাহে লাহে
তোক দিলোঁ পাহে পাহে ৷৷