সোণৰ পালেঙত অ’ মনেতৰা

 সোণৰ পালেঙত অ’ মনেতৰা
 
          সোণৰে পালেঙত অ’ মনেতৰা ৷

ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে

         কপাহৰে তলিচা পৰা মনেতৰা

                  সোণৰে............

চাতোনৰ দলিচা পাৰি দিয় শুবলৈ অ’ মনেতৰা

বগলীৰ পাখীৰে গাৰু দিম শুবলৈ অ’ মনেতৰা

ওপৰে তৰি দিম ম’ৰাৰে পাখীৰে

         চান্দোৱা তৰাফুল বছা মনেতৰা

                  সোণৰে...........

পদুমৰ পাহিৰে গুঠি দিম বিচনী

         বা দিম সুৰভি ভৰা মনেতৰা

কাষতে লিগিৰী বহিনো নামে গাম

কোনোবা বিতোপন দেশৰে সাধু কম

         নিশাটো কাষতে বহি মনেতৰা

টোপনি টোপনি অ’ মনেতৰা

         আহিব টোপনি অ’ মনেতৰা ৷৷