সুন্দৰ তোক পূজা কৰা নাই

 সুন্দৰ তোক পূজা কৰা নাই

          অকলৈয়ে তোক চাবলৈ

সুন্দৰ তোক পূজা কৰা নাই

          অকলৈয়ে মই পাবলৈ ৷

          অকলৈয়ে মই ওলোৱা নাই অ’

          তোৰ তীৰ্থলে’ যাবলৈ ৷



মোৰ যদি এই আকুল আহ্বান

মোৰ যদি শত লিখা নিলিখা গানে

                    লব পাৰে তোৰ বৰ

          তাৰে পোহৰাম মহা জনতাৰ ঘৰ

                   হে চিৰসুন্দৰ !!