সুন্দৰ তই মনে মনে
সুন্দৰ তই মনে মনে
সিদিনা পুৱতি হাঁহিছিলি
নামাতোতেই নিজে নিজে
মোক বিচাৰি আহিছিলি ৷
তোক চিনা মোৰ চকু নাছিল সেইদিনা
তোৰ মৰমত গুমৰি উঠা নাছিল হবলা
মোৰ বীণা
তোৰ চৰণক্ষেপৰ ঝঙ্কাৰ
শুনা নাছিলে মোৰ প্ৰাণে
বিনোৱা নাছিল তোক চিনি পাই
মোৰ গানে ৷
নাছিল অন্তৰত
নিজৰা ধাৰেৰে ফেনে ফোটোকাৰে বৈ
তোক বুজিব পৰা ছন্দ
পিন্ধি আছিলো অহঙ্কাৰৰ
অন্ধ মণিবন্ধ ৷
সেইহে ঘূৰি গলি
মোৰ কথা গৈ
তৰাৰ সভাত
নীহাৰিকাই নচা ৰভাত
কি বুলিনো ক”লি ?