সিহঁত তেতিয়া জীৱ

কিন্ কিন্ বৰষুণৰ নীৰৱ নিশা
আৰু মৰা জোনৰ গাঢ় অন্ধকাৰ ।
ৰাস্তাৰ এমূৰে—
নৰ্দমাৰ দাঁতিৰ নিঃসঙ্গ বুঢ়া আহতৰ উলঙ্গ কায়।
নিস্তেজ শক্তিহীন শৰীৰৰ দুৰ্বল কঁপনিত
জীৱনৰ শেষ চিহ্ন বাকী থকা এখিলা পকা পাত সৰে ।
বতাহৰ শব্দ হয় ।
নিশাৰ গভীৰ নিশ্বাসত কমি অহা
হতাশাত ক্ষীণ হই অহা নিস্তব্ধ জীৱনৰ বুকুত
আঘাত কৰে খৰ্ খৰ্ খৰ্ ।
নীৰৱ নিস্পন্দ জীৱনৰ প্ৰেতাত্মাবিলাক সাৰ পাই উঠে।
পৃথিৱীৰ ইতিহাসত পিশাচৰ নৃত্যাভিনয়
পোহৰৰ মৃত্যু আৰু আন্ধাৰৰ জয়
যি মৰি পৃথিৱীক তৰাই
ক্ষুধাৰ ক্ষয় ৰোগে যাক তিল্ তিল্ কৈ খাই নিঃশেষ কৰি দিয়ে ।
শান্তিহাৰা জীয়া জীৱনৰ তাড়নাত মৰি
যি তন্দ্ৰাৰ অচেতন আবেশত অলপ জীয়ে
শ্মশানৰ নিৰ্জনতাৰ সিহঁতে পাতে
সিহঁত অভিশপ্ত মৰা কঙ্কালৰ বিকত নিশাৰ দৰে
ভয় লগা বিজয় উল্লাস
জীৱনৰ সঙ্গোপন ৰহস্যময় মহৎ উৎসৱ
পোহৰৰ সভ্যতাৰ বিৰুদ্ধে ভীষণ চক্ৰান্ত ।
শ্মশানৰ পোৰা নগ্নতাৰ হয় –
সিহঁতৰ জীৱনৰ সৰ্বশেষ কামনাৰ সিদ্ধি লাভ ।
সিহঁতৰ জীৱনৰ চিতাগ্নিৰ ক'লা পাপৰ ধোঁৱাই
মুকলি নীলা আকাশৰ কোমলতাক কৰে নিষ্ঠুৰ আঘাত ;
পৃথিৱীৰ বায়ু মণ্ডল কৰে বিষাক্ত
এইবোৰ যেন জীৱনৰ ব্যাধিগ্ৰস্ত ব্যৰ্থতাৰ নিৰ্জীৱ তাড়নাৰ
কালান্তক প্ৰতিহিংসা ।
পৃথিৱীৰ অধিদেৱতাৰ দয়াৰ দান
অনাদৰ অৱহেলা আৰু নিষ্পেষণ
সিহঁতৰ মূৰত যেন ফুল চন্দনৰ কোমল প্ৰলেপ
আৰু তাৰ কৃতজ্ঞতাত সিহঁতৰ চিৰ অৱনত মূৰ ।
পৃথিৱীত সিহঁতৰ অধিকাৰ
জীৱনৰ নিৰৰ্থক আৰ্তনাদ আৰু নিয়তিৰ কুটিল হাঁহি।
প্ৰৰোচনাৰ কুটিল চক্ৰান্তৰ
সিহঁত লীন হৈ যায় ।
সিহঁতৰ কামনা
সিহঁতৰ প্ৰাণৰ উশ্বাস লৈ
সিহঁতে এৰি যোৱা পৃথিৱীৰ
ভৱিষ্যতৰ ৰঙা সূৰ্য্যই সানিব জীৱনৰ কেঁচা তেজৰ ৰঙা বোল ।
নতুন পৃথিৱীত
বুঢ়া আঁহতৰ কুঁহি পাত ওলাব
নিয়ৰে মুকুতা সানিব
সিহঁত তেতিয়া জীৱ ।।