সাৱধান, সাৱধান
সুবিধাবাদীৰ দল !
তোৰ মিছা হ’ব কৌশল,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল ।
শিল্পীৰ তই সৰল মনৰ
শিল্পীৰ তই অমল প্ৰাণৰ
বিমল গানৰ
কি বুজিবি, কিয় ওলায়
নিৰ্ম্মল অশ্ৰুজল ?
জনতাক ভৰা ছল-চাতুৰীৰ
আলাসতে গজা কোৱাভাতুৰীৰ
স্বৰূপ ওলাই গ’ল,
তই হাতে হাতে পাবি ফল
হেৰ’ খকুৱাৰ দল ।
তই জনা নাই---
তই যাক ভাব
মুৰ্খ জনতা
মুঢ় জনতা
ৰূঢ় জনতা বুলি
যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা
সেই জনতা আজি প্ৰবুদ্ধ হ’ল ।
কৌপিনধাৰী মহাফকীৰৰ
সঞ্জীৱনৰ
উদ্ধোধনৰ
বোধন মন্ত্ৰ
নাই যোৱা অ’
নাই যোৱা অ’
এনেয়ে বিফল ।
ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান ।
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান ।
শত শতাব্দীৰ
আন্ধাৰ আঁতৰি যায়,
আজি জনতাই
অৰুণ আলোক পাই
অগ্ৰগতিৰে মষিমূৰ কৰি
অত্যাচাৰীৰ দল
নিজৰ মনৰ নিজেই গৰাকী হ’ল ।
মহাজনতাই
মহাশক্তিৰ মহাসন্ধান পাই
বুকুত বান্ধিলে
চক্ৰবৰ্ত্তী শত সম্ৰাটৰ
বিশ্ববিয়পা নৱ অৰ্জ্জুনৰ
পৃথিৱীৰ এই প্ৰদক্ষিণৰ
স্বপ্ৰণোদিত
আত্মনিহিত বল ।
হেৰ’ স্বৰ্থ-ক্ষমতা-অৰ্থলুভীয়া অন্ধ !
মই জানো তই জনসেৱকৰ মুখা পিন্ধ,
যি ত্যাগ কৰিলে তিনিগুণ লাভ পাৱ
আগ দুৱাৰেদি তাকে তই
পাছ দুৱাৰেদি গৈ
মদে-ভাতে ভোজ খাৱ ।
ৰাষ্ট্ৰনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
অৰ্থনীতিৰ তোৰ
থৈ দে ফোপোলা জ্ঞান,
জনতা-পূজাৰ ভাও দি, চাও দি
নেদেখুৱাবি
ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বাভিমান,
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান ।