সাহিত্য আৰু প্ৰেম/ভাৱৰীয়াৰ ভেশত প্ৰেমিক
[ ৪ ]
ভাৱৰীয়াৰ ভেশত প্ৰেমিক
[পৌৰাণিক আখ্যান]
দেৱতা আৰু অসুৰৰ বিৰোধ। সচৰাচৰ যি হয়, ব্ৰহ্মাই সকলো অঘটন-ঘটনৰ গুৰিত। কোনোবা অসুৰে তপস্যাত বহিলেই সন্তুষ্ট হৈ ব্ৰহ্মাই বৰ দিয়ে। বজ্ৰনাভ নামে এজন দৈত্যই তপস্যাৰে ব্ৰহ্মাক প্ৰসন্ন কৰি বৰ লভিলে— তেওঁ দেৱতাসকলৰ অবধ্য হ’ব। বৰ লভিয়েই বজ্ৰপুৰ নামে নগৰ এখন নিৰ্মাণ কৰিলে। আনৰ কথা দূৰত, তাত বায়ু দেৱতাৰো নিজ ইচ্ছামতে প্ৰৱেশ নিষিদ্ধ। বজ্ৰনাভ অসুৰে মাজে-সময়ে বজ্ৰপুৰৰ পৰা দেৱতাসকলক জোকাবলৈ ধৰিলে।
অসুৰৰ শ্ৰীবৃদ্ধি হ’লে ইন্দ্ৰৰ ইন্দ্ৰত্ব যায় বুলি ভয় হয়। সৰগৰ ৰজা ইন্দ্ৰই ৰাজ্য হেৰুৱাবৰ ভয়ত শ্ৰীকৃষ্ণত শৰণ মাগিলে। শ্ৰীকৃষ্ণই অভয় দি ক’লে, বজ্ৰনাভ দেৱতাৰ অবধ্য, কিন্তু দেৱপুত্ৰ প্ৰদ্যুম্নৰ হাতত তাৰ মৰণ হ’ব।
সেই সময়ত ভদ্ৰ নামে এজন নাট (ভাৱৰীয়া) আছিল। তেওঁ ঋষিসকলৰ যজ্ঞত গীত-নাচোনেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল। বসুদেৱৰ অশ্বমেধ যজ্ঞত তেওঁ ঋষিসকলক এনেভাৱে মোহিত কৰিলে যে ঋষিসকলে তেওঁক বৰ দিলে— যেন সপ্তদীপা পৃথিৱীত তেওঁৰ অবাধ গতি হয়, তেওঁ চিৰযুৱা আৰু নিৰোগী থাকিব আৰু কাৰো হাতত তেওঁৰ মৃত্যু নঘটিব; তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যাৰ ভাও যেতিয়া দেখুৱাব, হুবহু তাৰ ৰূপ ল’ব পাৰিব। এইদৰে বৰলব্ধ হ’লত ভদ্ৰ-নটৰ কিৰীটি সকলো জগততেই বিয়পি পৰিল।
সচৰাচৰ দেখা যায়, অসুৰৰ গোপন শত্ৰু নিজৰ ছোৱালী। সিহঁতে অসুৰৰ লোণ খায়, কিন্তু দেৱতাৰহে গুণ গায়। বাণ ৰজাই ৰাজ্য হেৰুৱায় ছোৱালী ঊষাৰ বৈগুণ্য দোষত। বজ্ৰনাভৰো ৰূপৱতী ছোৱালী এজনী আছিল; নাম প্ৰভাৱতী। তেওঁৰ পণ আছিল স্বয়ম্বৰত পতি বাছি ল’ব। দেশ-দেশান্তৰৰ পৰা কোঁৱৰসকল আহে, বাছনি পৰীক্ষাত উঠিব নোৱাৰি লাজে-অপমানে উভতি যায়। শেষত কোনো নহাত পৰিল। প্ৰভাৱতীয়ে অসুৰৰ তিৰোতাসকলৰ মুখত শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ (কামদেৱ) ৰূপ-গুণৰ গৌৰৱ শুনি তেওঁৰ নামতেই হিয়া-মন সমৰ্পণ কৰিছিল। কিন্তু তেওঁৰ লগত কেনেকৈ মিলন হ’ব সেইটো ভাবি ওৰ নেপাইছিল, “হৃদি মে বৰ্ত্ততে নিত্যং প্ৰদ্যুম্নঃ [ ৫ ] খলু সত্তমে! হেতুঃ স নাস্তি স্যাত্তেন যথা মম সমাগমঃ॥”
ছিদ্ৰৰ সম্ভেদ পাই শ্ৰীকৃষ্ণৰ পৰামৰ্শমতে ইন্দ্ৰদেৱতাই হাঁহ এজাক কুটনীতিৰ চৰিয়া হিছাপে বজ্ৰপুৰলৈ পঠিয়াই দিলে। সিহঁত গৈ বজ্ৰনাভৰ অন্তেষপুৰৰ পুখুৰীত পৰিব আৰু নানান লাহ-বিলাহেৰে অন্তেষপুৰৰ তিৰোতাসকলৰ মন মুহিব, মানুহৰ ভাষাৰে কথা ক’ব আৰু ছেগ বুজি প্ৰভাৱতীৰ আগত গুণ-গৰিমা বখানিব, প্ৰভাৱতীৰ মন কুমলিলে প্ৰদ্যুম্নৰ আগত প্ৰভাৱতীৰ ৰূপ-লাৱণ্য বখানিব। এইদৰে যেতিয়া দুয়ো দুইৰো প্ৰতি বিহ্বল হৈ উঠে তেতিয়া হাঁহজাকে ইন্দ্ৰক বাতৰি যোগাব। তেতিয়া শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসাৰে যথাবিধেয় কৰা হ’ব।
হাঁহজাক উৰি গৈ বজ্ৰনাভৰ অন্তেষপুৰৰ পুখুৰীত পৰিল। লয়লাস বিভঙ্গেৰে পুখুৰীত সাঁতুৰি পানী-খেল খেলিবলৈ ধৰিলে। অন্তেষপুৰৰ তিৰোতাসকলে উলহ-মালহকৈ আগুৰি ধৰিলে। হাঁহজাকে মানুহৰ ভাষাৰে সম্ভাষণ কৰি সকলোৰে পৰিচয় ল’লে। প্ৰভাৱতীয়ে শুচিমুখী নামে হাঁহিনী এজনীক সখী পাতিলে। ছেগ অনুসাৰে শুচিমুখীয়ে প্ৰভাৱতীৰ অন্তৰৰ বুজ-বাজ ল’লে। সঙ্গোপনে প্ৰেমতত্ত্বৰ পৰিচয় দিবলৈ ধৰিলে, “হে লাজুকী ভয়াতুৰে, দিনে দিনে যৌৱনৰ কাল উকলি যায়। যিটো দিন পাৰ হয় পানীৰ সোঁতৰ দৰে সি উভতি নাহে। তুমি স্বয়ম্বৰ পণ কৰিছা সঁচা, কিন্তু লাজ-অপমানৰ ভয়ত কোনে তোমাৰ ওচৰলৈ আহিব? তুমি প্ৰদ্যুম্নক ভাল পোৱা, কিন্তু কি সাহ আৰু ভৰসাৰেই বা তেওঁ তোমাৰ ওচৰলৈ আহিব?”
প্ৰভাৱতীয়েও সঙ্গোপনে উত্তৰ দিলে, “প্ৰদ্যুম্নৰ পিতৃ দৈত্যকুলৰ শত্ৰু। বজ্ৰপুৰত কাৰো প্ৰৱেশ নাই। যদি কেনেবাকৈ প্ৰদ্যুম্নক বজ্ৰপুৰলৈ অনাব পাৰা, মোৰ প্ৰতি বৰ অনুগ্ৰহ হয়!” শুচিমুখী প্ৰণয়ৰ দূতী স্বৰূপে দ্বাৰকালৈ যাবলৈ আগবাঢ়িল; কিন্তু প্ৰভাৱতীক ক’লে, “তোমাৰ পিতা বজ্ৰনাভৰ ওচৰত মোৰ দেশ-বিদেশৰ অভিজ্ঞতাৰ গৌৰৱ ৰটনা কৰি চোৱাচোন।” প্ৰভাৱতীয়ে শুচিমুখীৰ কথা-কুশলতাৰ পৰিচয় দিলত বজ্ৰনাভে শুচিমুখীক মাতি নি সুধিলে, “হংসী, তুমি দেশ-দেশান্তৰত উৰি ফুৰা, ক’ত কি আচৰিত বস্তু দেখিছা কোৱাচোন।” শুচিমুখীয়ে নানান আচৰিত বস্তুৰ লগত লব্বৰৰ ভদ্ৰ-নটৰ আখ্যান উল্লেখ কৰিলে। ভদ্ৰ-নট কামৰূপী আৰু দেৱ, গন্ধৰ্ব সকলোৰে গীত আৰু নাচোনেৰে গোটেইখন জগতকে মুহিব পাৰে। বজ্ৰনাভে উত্তৰ দিলে, “মোৰ এইজন ভাৱৰীয়াক এবাৰ চাবলৈ কৌতূহল হৈছে। এটি উপায় কৰি আনিবৰ চেষ্টা কৰিবাচোন।”
পিতা-পুত্ৰী দুয়োৰে দূতী হিছাপে হংসী গৈ ইন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ ওচৰ পালেগৈ। [ ৬ ] শ্ৰীকৃষ্ণই ক্ষণ বুজি দৈৱিক মায়াৰে যদুবংশী ডেকাসকলক ভাৱৰীয়াৰ সাজেৰে সজালে। প্ৰদ্যুম্নক প্ৰধান ভাৱৰীয়া ভদ্ৰ-নটৰ আৰু গদক শ্ৰুতিধৰৰ সাজ দিলে। লগত বাৰবণিতা কেতবোৰক নাচনী কৰি পঠিয়ালে।
ভাৱৰীয়াৰ বেশেৰে যদুবংশীসকল বজ্ৰপুৰত উপস্থিত হ’লগৈ। দৈত্যসকলে এওঁলোককেই প্ৰকৃত ভদ্ৰ-নটৰ দল বুলি ধৰি লৈ মান-সৎকাৰ কৰিলে। ভাৱৰীয়াসকলে প্ৰথমে ৰামায়ণৰ আখ্যানৰ ভাও দেখুৱালে (ৰামায়ণংমহাকাব্যমুদ্দেশ্য নাটকীকৃতম্)। অসুৰসকলে নটনৈপুণ্যত বিস্ময়াপ্লুত হৈ গাৰ কাপোৰ, অলঙ্কাৰ আদি খহাই ভাৱৰীয়াসকলক লক্ষ্য কৰি দলিয়াই দিবলৈ ধৰিলে। চাৰিওফালে জয়-জয়কাৰ ৰোল উঠিল।
বজ্ৰনাভে ভাৱৰীয়াসকলক অন্তেষপুৰৰ ভিতৰলৈ অনাই ভাত দিয়াবলৈ ক’লে। যাদৱসকলে অন্তেষপুৰলৈ আহি প্ৰথমে গীতৰ সহায়েৰে গঙ্গাবতৰণ নাচ নাচিলে। পিছত ‘ৰম্ভাৰ অভিসাৰ’ নামে নাটৰ ভাও দেখুৱালে। ৰাৱণৰ ভাওত প্ৰদ্যুম্ন আৰু ৰম্ভাৰ ভাওত মনোবতী নামে নটীজনী। যাদৱসকলে মায়াৰ বলেৰে কৈলাসৰ দৃশ্যপটৰো ৰূপ দেখুৱালে। ডেকা, বুঢ়া সকলো আনন্দত আপোনপাহৰা হ’ল।
এই মতলীয়া অৱস্থাৰ চেলু লৈ শুচিমুখীয়ে প্ৰভাৱতীক জনালে, “সখী, মই দ্বাৰকালৈ গৈ প্ৰদ্যুম্নক তোমাৰ ভক্তি নিবেদন কৰিছো। তেওঁ আজি সন্ধ্যা সময়ত তোমাক প্ৰেম-সম্ভাষণ জনাবলৈ আহিব বুলি বান্ধ ৰাখিছে। আজি তোমাৰ প্ৰিয়-সমাগমৰ বাঞ্ছা পূৰণ হ’ব।” এই অভাৱনীয় বাতৰিত প্ৰভাৱতী আনন্দত কঁপিবলৈ ধৰিলে আৰু সখীয়েকক সেই ৰাতি একে ঘৰতেই শুবলৈ খাটিলে, যাতে কোনো ভয়ৰ কাৰণ থাকিব নোৱাৰে।
শুচিমুখীয়ে নটবেশী প্ৰদ্যুম্নৰ ওচৰত প্ৰণয় বাতৰি জনালে। প্ৰদ্যুম্নই মায়াৰ বলেৰে মৌ-মাখি এটি হৈ ফুলৰ মালা এধাৰিত খামোচ মাৰি ধৰিলে আৰু শুচিমুখীৰ হাতৰ মালাত ওলমি প্ৰভাৱতীৰ ঘৰ সোমাল।
মৌ-মাখিটো প্ৰভাৱতীৰ কাণেৰে মৰ্মস্থলত সোমালগৈ। প্ৰভাৱতীৰ কাম-জ্বৰ উঠিল।
প্ৰভাৱতী যেতিয়া জ্বৰত কাতৰ হ’ল, প্ৰদ্যুম্নই নিজৰ ৰূপ ধাৰণ কৰি আপোন পৰিচয় দিলে আৰু গন্ধৰ্ব ৰীতিৰে প্ৰভাৱতীক বিয়া কৰাই প্ৰেম-সম্ভাষণ জনালে। চৰিয়া হাঁহজাক দুৱাৰ-ৰখীয়া হৈ থাকিল।
দিনৰ পিছত দিন উকলিবলৈ ধৰিলে। সাপে সাপৰ ঠেং দেখে, প্ৰেমিকাই [ ৭ ] প্ৰেমিকৰ ৰং-ৰহস্যৰ গম পায়। বজ্ৰনাভৰ ভায়েক সুনাভৰ দুজনী ছোৱালী, নাম চন্দ্ৰবতী আৰু গুণবতী। তেওঁলোকে নিতৌ প্ৰভাৱতীৰ ঘৰলৈ অহা-যোৱা কৰে। প্ৰভাৱতীৰ গতি-বিধি লক্ষ্য কৰি এদিন সুধিলে, “কিনো ঘটনা?” প্ৰভাৱতীয়ে ছলকৈ উত্তৰ দিলে, “মোৰ হাতত গুপ্ত বিদ্যা এটি আছে। তাৰ সহায়েৰে দেৱ-দানব যাকে বাঞ্ছা কৰা তাকে ধৰি আনি প্ৰেম-সম্ভাষণ কৰিব পাৰা। চোৱা, মোৰ প্ৰিয়তম প্ৰদ্যুম্নক কেনেকৈ মন্ত্ৰেৰে মোহিত কৰি বান্ধি ৰাখিছো। লাগিলে তোমালোকলৈয়ো প্ৰেমিক-প্ৰিয়তম অনাই দিব পাৰো।” তেওঁলোক সৈমান হ’লত যদুবীৰ গদ আৰু সাম্বৰ লগত তেওঁলোকৰো গান্ধৰ্ব বিয়া ঘটালে।
এতিয়া ধৰা পৰিবৰ পাল আহিল। কিন্তু সোনকালে সেইটো ঘটি নুঠিল। ভাৱৰীয়াসকলে এনেদৰে সকলোকে মুগ্ধ কৰিছিল যে তেওঁলোকৰ গতি-গোত্ৰ অসুৰৰ অবোধ্য। যেতিয়া আটাইবোৰ প্ৰেমিকৰ সন্তান উপজি ধূলিত খেলিব পৰা হ’ল তেতিয়াহে দৈত্যসকলৰ চকুত পৰিল, কথা বিষম। বজ্ৰনাভলৈ বাতৰি দিয়া হ’ল, যুদ্ধ লাগিল আৰু ব্ৰহ্মাৰ বৰৰ ছিদ্ৰ অনুসাৰে দেৱ-পুত্ৰ প্ৰদ্যুম্নৰ হাতত বজ্ৰনাভৰ মৃত্যু ঘটিল।
এই আখ্যানৰ মূল হৰিবংশ। তাত সকলো ঘটনাৰ বহল বিৱৰণ আছে। ইয়াত কেৱল উপাখ্যানৰ জঁকাটোৰ প্ৰধান ৰেখাবোৰৰ চিত্ৰ এটিহে দিয়া হ’ল। ইয়াত প্ৰণয়ৰ দৌত্য কৰিছে হাঁহ এজাকে, কিন্তু প্ৰধান আকৰ্ষণ হৈছে প্ৰণয়ীৰ ভাৱৰীয়াৰ ছদ্মবেশ।