সাধু কথাৰ জোলোঙা/কাবুলী সাধু

[ ২৬ ] জুই যোৱা নাছিল। বুঢ়াই ক্ষন্তেকলৈ চং দি যি ৰঙ পাইছিল, পুতেকহঁতৰ শ্ৰদ্ধা ভক্তি জনমলৈকে হেৰুৱাই তাৰ সহস্ৰ যোখ অনুতাপ কৰিব লগাত পৰিছিল৷ বুঢ়াই অৱশ্যে এইবাৰৰ পৰা চং দিয়া অভ্যাস সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছিল।

⸺⸺

কাবুলী সাধু।

 কাবুল এখন মছলমান ৰাজ্য। ইয়াৰ ৰজাক “আমীৰ” বোলে।

 এসময়ত এজন বৰ মৰমীয়াল প্ৰজাহিতৈষী “আমীৰে” কাবুলত ৰাজত্ব কৰিছিল। তেওঁ প্ৰজাৰ অৱস্থা নিজ- চকুৰে চাই বুজিবৰ নিমিত্তে, কেতিয়াবা কেতিয়াবা অচিনাকী ভাৱেৰে ৰাজ্যৰ ভিতৰত ফুৰাচকা কৰিছিল। এবাৰ তেওঁ এইদৰে ভেখ্‌চন্‌কৈ ফুৰোঁতে এজাক “নোমেড্‌” জাতীয় মানুহ লগ পালে। এই জাতীয় মানুহৰ কোনো নিৰ্দিষ্ট ঘৰ বাৰী নেথাকে। ইহঁতে উট পোহে আৰু লৰাই দামৰীয়ে বস্তুৱে বাহনীয়ে উটৰ ওপৰত উঠি দেশে দেশে ফুৰি ফুৰে। ইহঁতে সামান্য সামান্য বস্তুৰ বেহা কৰি আৰু নানা প্ৰকাৰ ফাঁকিফুকা কৰি পেট মোকোলায়। [ ২৭ ] যতে ৰাতি হয় তাতে উটৰ পিঠিৰ পৰা সৰু সৰু তাম্বু নমাই তাক খটাই, তাৰ ভিতৰত বা মুকলি ঠাইতে ৰাতিটো কটায়।

 ঘটনাক্ৰমে এই মানুহ জাকৰ লগে লগে ভালেমান দূৰলৈকে আমীৰ মহোদয় একেটা বাটেদি যাব লগিয়াত পৰিছিল। এইদৰে গই থাকোতে থাকোঁতে তেখেতে দেখিবলৈ পালে যে মানুহ জাকৰ ভিতৰৰ গা-ভাৰী মানুহ এজনীৰ হঠাৎ প্ৰসৱ বেদনা উপস্থিত হল। আৰু তাইক ততালিকে উটৰ পিঠিৰ পৰা নমাই, এজোপা গছৰ তলত বহুৱাই কাপোৰেৰে আঁৰ তৰি দিয়া হল। মাইকী মানুহজনীয়ে তাতে লৰা পালে আৰু অলপ সময়ৰ পাছত লৰাই সৈতে আকৌ উটৰ পিঠিত উঠি জাকৰ মানুহৰ লগত পূৰ্ব্বৰ দৰে যাবলৈ ধৰিলে।

 আমীৰ মহোদয় তধা লাগি ৰল! তেওঁ লগত লই যোৱা ছদ্মবেশী মন্ত্ৰীজনক কলে— “মন্ত্ৰি, দেখিলানে? কি আচৰিত কথা! আমাৰ আন্তঃপুৰৰ তিৰোতাবিলাকৰ গা-ভাৰী হলে, সিহঁতক কত যত্ন কৰা হয়। কেনেবাকৈ অসুখ হবৰ ভয়ত ৰদ বা বৰষুণত বাহিৰ হবলৈ দিয়া নেযায়। সদাই আঁতৰ গোলাপেৰে তেনেই বুৰাই থোৱা হয়। তেও সিহঁতৰ দিনে ৰাতিয়ে একোটা অসুখ লাগিয়েই থাকে। লৰা পালে তো কথাই নাই! কত কি জাল খুৱাব লাগে৷ ইমান যত্ন কৰা হয় তেও কেবামাহলৈকে গা টঙাবই [ ২৮ ] নোৱাৰে। কিন্তু এই শোৱা-খোৱাৰ ঠিকনা নথকা মাইকী মানুহজনীয়ে চকুৰ আগতে চাই থাকোঁতে থাকোঁতে লৰাও পালে উটৰ ওপৰত উঠি আকৌ গুচিও গল!! আমাৰ তিৰোতাবিলাক আৰু এই মাইকী মানুহজনীৰ ভিতৰত অৱস্থাৰ ইমান পাৰ্থক্য ঘটিল কেনেকৈ?

 মন্ত্ৰী—“মহাৰাজ, আমাৰ তিৰোতাবিলাক সুখীয়া। কথাতে কয় বোলে— ‘সুখীয়াৰ নাৰী, ফুটে ধান সুঙে, মৰে আতাহ পাৰি।’ সেই দেখি সিহঁতৰ অৱস্থা তেনে। এই মানুহজনীক অৱস্থাৰ তিৰোতাবিলাক কিন্তু বৰ পৰিশ্ৰমী। ইহঁতে ক্ষন্তেকলৈকো এলেহুৱা হই থাকিবলৈ নেপায়। সেইবাবে ইহঁতৰ স্বাস্থ্য ইমান ভাল।”

 আমীৰ—“ঠিক কথা! আমাৰ তিৰোতাবিলাককো পৰিশ্ৰমী কৰা উচিত। মই কালিৰ পৰা মোৰ ঘৰৰ সকলো চাকৰ চাকৰণী গুচাই দিম। আৰু আঁতৰ গোলাপ লোৱা একেবাৰে বন্ধ কৰি দিম। আমি আমাৰ তিৰোতা- বিলাকক সুখীয়া কৰাত বৰ বেয়া হইছে।”

 আমীৰ মহোদয়ৰ যেনে কথা তেনে কাম। তেখেতে ঘৰ পাই পাছদিনাখনৰ পৰা নিজ অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিলে আৰু ৰাণী, ৰাজকুৱঁৰী সকলোকে নিজৰ কাম নিজে কৰি লবলৈ হুকুম কৰিলে। পাত্ৰ মিত্ৰ সকলেও ৰজাৰ অনুকৰণ কৰি নিজ নিজ ঘৰৰ চাকৰ চাকৰণীবিলাকক বিদায় দিলে। অন্দৰমহলবিলাকত হুলস্থূল [ ২৯ ] লাগি গল। নিজৰ ভাত নিজে ৰান্ধিব লগিয়া হোৱাত আৰু নিজৰ কাপোৰ নিজে ধুই লব লগাত পৰাত কুৱঁৰীবিলাকৰ নথৈ দুৰ্দ্দশা হল। ভাত ৰাধোঁতে কাৰাবাৰ হাত পুৰিল, কাৰাবাৰ বা ভৰি পুৰিল। কোনোৱে বা বেমাৰেই পৰিলে ইত্যাদি। ৰাণী, ৰাজকুৱঁৰী সকলে নিজ নিজ দুখ বিনাই আকৌ চাকৰ চাকৰণী ৰাখিবলৈ ৰজাক বহুত কাবৌ কাকুতি কৰিলে। কিন্তু সকলো মিছা হল। কুৱঁৰী সকলক পৰিশ্ৰমী কৰা ৰূপ মহৎ উদ্দেশ্যৰ পৰা ৰজা কোনো মতেই ভ্ৰষ্ট নহল।

 ৰজাৰ আন্তঃপুৰত এগৰাকী লাগী কুৱঁৰী আছিল। কাবৌ কাকুতি সকলো বৃথা হোৱা দেখি তেওঁ আন এটা উপায় উলিৱালে। ৰজাই অন্তঃপুৰৰ সকলো চাকৰ চাকৰণীক বিদায় দিছিল হয়, কিন্তু নিজৰ ফুলনীবাৰীৰ মালীটোক বিদায় দিয়া নাছিল। মালীয়ে বাগিচাৰ ফুলগছ “মেওৱা’’ গছ ইত্যাদিৰ গুৰিত ৰীতি মতে আগৰ দৰে মাটী চলাই দিবলৈ আৰু পুৱা গধূলি পানী দিবলৈ এৰা নাছিল। ৰাজকুৱঁৰীয়ে এই কথা বুজ পাই মালীক তৎক্ষণাৎ মতাই অনালে আৰু গছবিলাকৰ গুৰিত পুৱা গধূলি পানি দুনি দিবলৈ মনা কৰিলে। লাগী কুৱঁৰীৰ হুকুম বুলি মালীয়ে কোনো প্ৰতিবাদ কৰিবলৈ সাহ নকৰিলে আৰু হুকুম মতে কাৰ্য্য কৰিবলৈ মান্তি হল।

 পানি দুনি দিবলৈ বন্ধ কৰাৰ অলপ দিনৰ পাছতে [ ৩০ ] গছবোৰৰ তেজ আগতকৈ বহুত কমি আহিবলৈ ধৰিলে আৰু ক্ৰমে দুই চাৰি জুপীকৈ জঁয় পৰি শুকাই যাবলৈ ধৰিলে। ফুলনীৰ শোভা বহুত নষ্ট পালে। আমীৰ মহোদয়ে এদিন এই বিষয়ে লক্ষ্য কৰিলে আৰু তৎক্ষণাৎ মালীক মতাই আনি কাৰণ সোধিলে। মালীয়ে ৰাজকুৱঁৰীয়ে হুকুম দিয়াৰ কথা সকলো ভাঙি কলে।

 আমীৰৰ বৰ খঙ উঠিল আৰু ৰাজকুৱঁৰীক মতাই আনি তেনে হুকুম দিয়াৰ বাবে বহুত দাবি দিলে। ৰাজকুৱঁৰীয়ে হাতজোৰকৈ কলে—“মহাৰাজ, হাবিত বহুত ফুলগছ “মেওৱা” গছ থাকে। সেইবোৰ কেৱল বৰষুণৰ পানী পাইয়েই বৰ বৰ একো জোপা হয়। সেইবোৰ গছৰ ফল ফুলও ভাল হয়। আমাৰ বাগিচাৰ গছবিলাকক ইমনি যত্ন কৰা যায় তেও ইহঁত হাবিৰ গছৰ দৰে তেজাল আৰু ডাঙৰ নহয়। জানোচা দিনৌ পুৱা গধূলি পানি দিয়াৰ পৰাই বা ইহঁত তেজাল নহয়, ইয়াকে ভাবি, মই অলপ দিন ইহঁতৰ গুৰিত পানী নিদিয়াকৈ ৰাখি চাব খুইছিলোঁ। কিন্তু এতিয়া বুজিলোঁ পানী নিদিয়াৰ পৰা অপকাৰহে। এতিয়াৰ পৰা আকৌ পুৱা গধূলি পানী দিয়া যাব।”

 ৰজা—“কি মূৰ্খ! হাবিৰ গছে পুলিৰে পৰা পানী নোপোৱাকৈ ডাঙৰ হইছে। সেইবোৰ গছে আৰু ফুলনীৰ গছে সমান হব কেনেকৈ?— ফুলনীৰ গছ পুলিৰে পৰা সাৰ [ ৩১ ] পানী দি দি তোলা হইছে। যেনে অৱস্থাত যি উঠিছে, তেনে অৱস্থাহে তাৰ নিমিত্তে ভাল। ফুলনীৰ গছবিলাকত পুলিৰে পৰা পানী নিদিয়াহেতেন, এতিয়াও দিব নেলাগিলহেতেন। কিন্তু হঠাৎ পানী দিয়া বন্ধ কৰিলে গছ মৰিবই মৰিব। মাইকী মানুহবিলাকৰ সমূলি বুদ্ধি নাই।

 কুৱঁৰী—“মহাৰাজ, বান্দীৰ অপৰাধ মাৰ্জ্জনা কৰিব। কিন্তু যদি সেইয়ে হয়, তেন্তে আমিনো কেনেকৈ, একে দিনাই “নোমেড্” তিৰোতবিলাকৰ দৰে ঘোৰ পৰিশ্ৰমী হব পাৰোঁ? “আমাক জানো সৰুৰে পৰা পৰিশ্ৰম কৰিবলৈ নিদি সুখীয়া কৰা হোৱা নাই? সুখীয়া হোৱা বেয়া। কিন্তু আমাক একে দিনাই পৰিশ্ৰমী কৰি পেলাব খুজিলে আমাৰ দশা ঠিক ফুলনীৰ পানী-নিদিয়া গছবিলাকৰ নিচিনা নহবনে?”

 ৰজাই কথাটো ঠিক বুলি মানিলে আৰু সেই দিনাৰ পৰা আকৌ চাকৰ চাকৰণী নিযুক্ত কৰি দিলে। কিন্তু লগে লগে কুৱঁৰীবিলাকে ক্ৰমে পৰিশ্ৰমী হবৰ সুবন্দোবস্তও কৰিলে।

⸻⸺