সহায়:পৰিচয়
কেইটামান দ্ৰুত সহায় পৃষ্ঠাৰ অংশ: সাধাৰণ পৰিচয়পঢ়াসম্পাদনানতুন পাঠ্য সংযোগচিত্ৰ সংযোগঅন্য সহায়

এই পৃষ্ঠাটো বিনামূলীয়া পুথিভঁৰাল ৱিকিউৎসৰ সাধাৰণ পৰিচয় পৃষ্ঠা। ওপৰত দিয়া লিংকসমূহে ৱিকিউৎসৰ নিৰ্দিষ্ট কাম কিছুমানৰ সহায় পৃষ্ঠালৈ লৈ যাব। যদি আপুনি ৱিকিউৎসত নতুন, তেন্তে অনুগ্ৰহ কৰি প্ৰথমে এই পৃষ্ঠাটো পঢ়ক।

ৱিকিউৎসৰ বিষয়ে সম্পাদনা কৰক

ৱিকিউৎসই ৱিকি পদ্ধতিৰে স্বেচ্ছাসেৱকসকলে সংগ্ৰহ, সংগঠিত, সংশোধন কৰা অসমীয়া ভাষাৰ পাঠ্যৰ এক বিনামূলীয়া পুথিভঁৰাল গঢ়ি তোলে (আন বহু ভাষাৰো ৱিকিউৎস আছে)। ৱিকিউৎস ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা প্ৰকল্প আৰু মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প। ৱিকিপিডিয়াৰ দৰে ৱিকিউৎসও সকলোৱে সম্পাদনা কৰিব পাৰে আৰু ব্যৱহাৰৰ চৰ্তাৱলীও একে। ৱিকিউৎসত পোৱা প্ৰাথমিক উৎসবোৰ শুদ্ধতা আৰু বিশ্বাসযোগ্যতাৰ বাবে ৱিকিপিডিয়াৰ প্ৰবন্ধতো ব্যৱহাৰ হ'ব পাৰে।

কেনেকৈ জড়িত হ'ব সম্পাদনা কৰক

বৰঙণি আগবঢ়াবলৈ ভয় নকৰিব। আপুনি কিবা ভুল কৰিলে আন কোনোবাই শুধৰাই দিব। আপোনাক কিবা সহায় লাগিলে আন স্বেচ্ছাসেৱকসকলে আনন্দৰে সহায় কৰিব। প্ৰৱেশ কৰা বা নকৰাকৈ আপুনি উৎস পাঠ্য যোগ আৰু সম্পাদনা কৰিব পাৰিব। আপুনি কেন্দ্ৰীয় আলোচনাত মন্তব্য দি আন সদস্যসকলৰ লগত যোগাযোগ কৰিব পাৰিব।

স্বেচ্ছাসেৱকসকলে প্ৰতিদিনে আগতে তোলা পাঠ্য সম্পূৰ্ণ কৰি বা নতুন পাঠ্য যোগ কৰি ৱিকিউৎসক উন্নত কৰে। শেহতীয়া সালসলনি পৃষ্ঠাত একেবাৰে শেহতীয়া সম্পাদনাবোৰ দেখিব। এতিয়ালৈকে এই প্ৰকল্পত প্ৰাথমিক উৎসৰ ৩,১৩১ টা পৃষ্ঠা আছে! আপুনি নতুন পাঠ্য বা কিতাপ যোগ কৰাৰ আগতে অনুগ্ৰহ কৰি সহায় পৃষ্ঠাকেইটাত চকু ফুৰাব।

ৱিকিউৎসৰ বৈশিষ্ট্যসমূহ সম্পাদনা কৰক

টেব্‌: ৱিকিউৎসৰ প্ৰতি পৃষ্ঠাৰ ওপৰতে 'টেব্‌' বুলি কোৱা সংযোগ কিছুমান দেখিব। এই টেব্‌বোৰে আপুনি পঢ়ি থকা পৃষ্ঠাটোৰ সম্পৰ্কিত আন কিছুমান পৃষ্ঠালৈ লৈ যাব। 'আলোচনা' টেব্‌টোত ক্লিক কৰি আন সম্পাদকসমূহৰ লগত এই পৃষ্ঠাৰ বিষয়ে আলোচনা কৰিব পাৰি। 'সম্পাদনা' বুটাম ক্লিক কৰি ৱিকিউৎসৰ প্ৰায়বোৰ পৃষ্ঠা সম্পাদনা কৰিব পাৰিব। 'ইতিহাস চাওক' টেব্‌টো ক্লিক কৰি পৃষ্ঠাটোৰ সংশোধনৰ ইতিহাস আৰু সম্পাদকৰ নাম চাব পাৰিব। প্ৰৱেশ কৰাৰ পাছত 'অধিক'ত থকা 'স্থানান্তৰ কৰক' বুটামেৰে আপুনি এটা পৃষ্ঠাৰ শিৰোনাম নতুন এটালৈ নিব পাৰিব।

পৃষ্ঠা এটাৰ কাষৰ তিনিটা প্ৰধান ভাগ থাকে।

বিচৰণ মেন্যু: 'বিচৰণ' অংশটো ৱিকিউৎসৰ প্ৰধান মেন্যু। ইয়াৰ পৰা ৱিকিউৎসৰ নানা গুৰুত্বপূৰ্ণ পৃষ্ঠালৈ যাব পাৰিব। বেটুপাতত কেইটামান প্ৰয়োজনীয় পৃষ্ঠা আৰু সদ্যহতে হৈ থকা কামবোৰৰ সংযোগ পাব। সমাজৰ বাটচ'ৰাত কৰিবলগীয়া কামবোৰৰ তালিকা, সাহায্য পৃষ্ঠা আৰু ৱিকিসমাজৰ আন পৃষ্ঠাবোৰ পাব। কেন্দ্ৰীয় আলোচনা পৃষ্ঠা সদস্যসকলৰ আলোচনা পৃষ্ঠা; আপোনাক সহায় লাগিলে বা আন সদস্যক যোগাযোগ কৰিব বিচাৰিলে ইয়াত লিখিব পাৰে। শেহতীয়া সাল-সলনিত ৱিকিউৎসৰ সাম্প্ৰতিক সম্পাদনাবোৰৰ তালিকা পাব, যিকোনো পৃষ্ঠাই আপোনাক যাদৃচ্ছিকভাৱে এটা পৃষ্ঠা দেখুৱাব, আৰু সহায় লিংকে এইটোকে ধৰি আন সহায় পৃষ্ঠাবোৰ প্ৰদৰ্শন কৰিব।

সঁজুলিসমূহ: ইয়ালৈ থকা সংযোগসমূহ সঁজুলিয়ে আপুনি এতিয়া চাই থকা পৃষ্ঠাটোলৈ লিংক থকা ৱিকিউৎসৰ সকলো পৃষ্ঠা দেখুৱাব। প্ৰাসংগিক সালসলনিসমূহত ক্লিক কৰিলে বৰ্তমানৰ পৃষ্ঠাটোৰ লগত সংযুক্ত পৃষ্ঠাবোৰৰ শেহতীয়া সালসলনি দেখা পাব। ফাইল আপল’ড লিংকেৰে ৱিকিউৎসত ছবি বা আন মিডিয়া ফাইল আপল'ড কৰিব পাৰিব। বিশেষ পৃষ্ঠাসমূহত ৱিকিউৎসই আপোনাআপুনি সৃষ্টি আৰু আপডেইট কৰা কেতবোৰ পৃষ্ঠা দেখিব; এইবোৰ সম্পাদনা কৰিব নোৱাৰি।

ভাষাসমূহ: এই মেন্যুত আন ভাষাত থকা সমতুল্য পৃষ্ঠাৰ লিংকবোৰ প্ৰদৰ্শিত হ'ব।